...

নগৰবেৰাত জহিখহি গৈছে আওপুৰণি চিকিৎসালয় গৃহ!

নগৰবেৰাত জহিখহি গৈছে আওপুৰণি চিকিৎসালয় গৃহ!

খহিব ধৰিছে বিল্ডিংৰ চাদ
জনজীৱনৰ প্ৰতি ভাবুকি!

নগৰবেৰা,২৪আগষ্ট:

কামৰূপৰ নগৰবেৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আওপুৰণি চিকিৎসালয় গৃহত পদে পদে বিপদৰ আশংকা, যিকোনো মুহুৰ্ততে খহিব পাৰে বিল্ডিং ৰ চাদ কিয়নো ইতিমধ্যেই কেবাস্থানতো খহিছে চিকিৎসালয় বিল্ডিংৰ চাদখন।ৰোগী আৰু ৰোগীৰ আত্মীয়ৰ বাবে অতিকে বিপজ্জনক হৈ পৰিছে এই চৰকাৰী চিকিৎসালয় খন।
চিকিৎসালয় বিল্ডিং ৰ চাঁদত মেলিছে বৃহৎ বৃহৎ ফাট, আনকি কেবাস্থানতো চাদৰ চিমেণ্ট খহি ওলাই পৰিছে ৰ’ড বোৰ।যিকোনো মুহুৰ্ততে খহি পৰিব পাৰে চিকিৎসালয় বিল্ডিং ৰ চাদ খন।অতিকে বিপজ্জনক হৈ পৰিছে সদাব্যস্ত চিকিৎসালয় গৃহ, দীৰ্ঘদিনৰে পৰা সাধাৰণ মেৰামতিৰ দিহা নোহোৱাৰ ফলতেই চৌপাশে কংক্ৰিটৰ ভঙ্গুৰতাহে প্ৰত্যক্ষ কৰা যায়। যেনিয়ে চকু যায় তেনিয়ে স্বাস্থ্য কেন্দ্ৰ গৃহৰ চুচূৰ্মৈ অৱস্থা।নিতৌ স্বাস্থ্য পৰীক্ষা কিম্বা চিকিৎসা-পাতিৰ বাবে শ-শ ৰোগী আৰু ৰোগীৰ আত্মীয়ই ভিৰ কৰে চিকিৎসালয় খনত! তেনেস্থলত কেনেবাকৈ চাদ খহি কাৰোবাৰ মূৰত পৰিলে কেনে বিপদ হ’ব সেয়া ভাবিলেই ভয় লগা ধৰণৰ।
সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক ৰাজু মেছ তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মালৈ শীঘ্ৰে চিকিৎসালয় খন উন্নীতকৰণৰ দিহা কৰিবলৈ দাবী জনাইছে সচেতন ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *