...

কানৈ মহাবিদ্যালয়ত ছাত্র একতা সভাৰ নিৰ্বাচন

কানৈ মহাবিদ্যালয়ত ছাত্র একতা সভাৰ নিৰ্বাচন

সাধাৰণ সম্পাদক পদত জয়লাভ গৌৰৱ গগৈৰ

ডিব্ৰুগড়, ২২ আগষ্ট :

তথ্য প্ৰযুক্তিৰ লগত খোজত খোজ মিলাই, এক শান্তিপূৰ্ণ পৰিৱেশত আজি অসমৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)-ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈ যায় । ষষ্ঠ বাৰৰ বাবে সম্পূর্ণ অনলাইন পদ্ধতিৰে অনুষ্ঠিত নিৰ্বাচনত পৰাজিত প্রার্থীসকলে বিজয়ীসকলক হাতে হাত মিলাই বিজয়ৰ প্ৰমাণ পত্ৰ প্ৰদান কৰি এক আদৰ্শৰ বাট দেখুৱায়। মহাবিদ্যালয়খনৰ অধ্যক্ষৰ সভাকক্ষত পুৱা ৯ বজাত অনলাইন মাধ্যমত অনুশীলন ভোট আৰম্ভ হোৱাৰ পিছত পুৱা ১০ বজাৰ পৰা বিয়লি ২ বজালৈ অনলাইন মাধ্যমত ভোটদান প্রক্রিয়া সম্পন্ন হয়। সম্পূর্ণ নিকাভাৱে ভোটদান প্রক্রিয়া সম্পন্ন হোৱাৰ পিছত বিয়লি ২.১৫ বজাত ভোটদান প্ৰক্ৰিয়াৰ ফলাফল ঘোষণা কৰা হয়। ২০২৬-২০২৭ বৰ্ষৰ এইবাৰৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত মুঠ ১৪ টা পদৰ বিপৰীতে ১০ টা পদৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত ২৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। পুৱা ১০ বজাৰ পৰা বিয়লি ২ বজাৰ ভিতৰত অনুষ্ঠিত হোৱা ভোটদান প্ৰক্ৰিয়াত মহাবিদ্যালয়ৰ মুঠ ৪০৮৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত মুঠ ৩০০৬ গৰাকীয়ে ভোটদান কৰে আৰু ভোটদানৰ হাৰ আছিল ৭৩.৫৯ শতাংশ। ইয়াৰে ১১৮৯ গৰাকী ছাত্ৰ আৰু ১৮১৭ গৰাকী ছাত্ৰীয়ে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰে। উক্ত নিৰ্বাচনত ক্ৰমে সাধাৰণ সম্পাদকৰ পদত গৌৰৱ গগৈয়ে ১৩২৭ টা ভোট, সহকাৰী সাধাৰণ সম্পাদক পদত স্নেহা বুঢ়াগোহাঁয়ে ১১৪৪ টা ভোট, সমাজ সেৱা সম্পাদকৰ পদত প্রিয়াঞ্চু মধুকুল্যই ১৩০৬ টা ভোট, গুৰু ক্রীড়া সম্পাদকৰ পদত ৰাঘৱ দলেয়ে ১২২২ টা ভোট, উপ-সভাপতি পদত গমুক টায়ে ১৪৮১ টা ভোট, লঘু ক্রীড়া সম্পাদকৰ পদত মিত্রিকা দেয়ে ৮০৪ টা ভোট, আলোচনী আৰু সাহিত্য সম্পাদকৰ পদত সমীৰ কোঁৱৰে ১৩৩৯ টা ভোট, সাংস্কৃতিক সম্পাদকৰ পদত প্রিয়াংশু গগৈয়ে ১০৮৬ টা ভোট, ছাত্ৰ জিৰণি কোঠা সম্পাদকৰ পদত ৰাজদ্বীপ বৰাই ১৫২১ টা ভোট, আৰু শৰীৰ চৰ্চা সম্পাদকৰ পদত ৰাজেন যাদৱে ১৬৮৭ টা ভোট লাভ কৰি জয় লাভ কৰে। সমান্তৰালভাৱে সভাপতি পদত দূর্লভজ্যোতি কুর্মি, সংগীত সম্পাদক পদত আকাশ কোঁৱৰ, তৰ্ক সম্পদক পদত পূজা বুঢ়াগোহাঁই আৰু ছাত্ৰী জিৰণি কোঠা সম্পাদক পদত পংখী হাজৰিকাই বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ’বলৈ সক্ষম হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শ‍ইকীয়াই নির্বাচনটি সুকলমে অনুষ্ঠিত কৰাত মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° পার্থ গাংগুলী, মুখ্য নির্বাচনী বিষয়া ড° মৃদুল শৰ্মাৰ লগতে নির্বাচন প্ৰক্ৰিয়াটোৰ লগত প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে জড়িত হৈ থকা প্ৰতিগৰাকী অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী তথা চিষ্টেম ডেভ্লপাৰ কাকুল বেজবৰুৱাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখ্য যে ছাত্ৰ একতা সভাৰ আজিৰ এই নিৰ্বাচনত মহাবিদ্যালয় চৌহদত প্ৰৱেশ নকৰাকৈ ছাত্ৰ-ছাত্ৰীসকলে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰে। বিয়লি ২.১৫ বজাৰ পৰা অনুষ্ঠিত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়াত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড° লখিৰাম শ‍ইকীয়াৰ লগতে পৰিচালনা সমিতিৰ সদস্য ড° গোপাল চন্দ্ৰ হাজৰিকা, অভিমন্যু বৰুৱাকে প্ৰমুখ্য কৰি মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰীসকলৰ উপস্থিতিত আজি অনুষ্ঠিত হোৱা ছাত্ৰ একতা সভাৰ নিৰ্বাচন অতি সুন্দৰভাৱে অনুষ্ঠিত হৈ যায়। উল্লেখ্য যে বিগত ২০১৮ চনত মহাবিদ্যালয়খনে ডিজিটেল পদ্ধতিত পোনপ্ৰথমবাৰৰ বাবে ২০ টা কম্পিউটাৰ ব্যৱহাৰ কৰি নিৰ্বাচন অনুষ্ঠিত কৰাৰ পিছত ২০১৯ চনত এই ভোটদান প্রক্রিয়া সম্পূর্ণ অনলাইন পদ্ধতিলৈ উন্নীত কৰা হয় আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে ভোটদান সাব্যস্ত কৰিব পৰা হয়। ২০২১-২০২২ বৰ্ষৰ পৰা ম’বাইলত এল এম এছ ছফটৱেৰৰ অধীনত ৱে’ব বেছড় এপ্লিকেশ্যনৰ মাধ্যমত সম্পূৰ্ণ অনলাইন পদ্ধতিত ভোটদান ব্যৱস্থা সংযোজন হয়। এইবাৰো সেই পদ্ধতিৰে নিৰ্বাচন অনুষ্ঠিত কৰাত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কোনো ধৰণৰ সংঘাতৰ সুৰুঙা ৰৈ যোৱা নাই। উল্লেখ্য যে ২০২২-২৩ শিক্ষা বৰ্ষৰ পৰা শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ হাৰ সম্পূৰ্ণ অনলাইন মাধ্যমত সম্পন্ন হৈ আহিছে, 2025 বৰ্ষৰ পৰা মহাবিদ্যালয়ৰ সকলো প্ৰশাসনিক কামকাজ কাগজবিহীনভাৱে সম্পূর্ণ অনলাইন মাধ্যমত সম্পন্ন কৰি অহাৰ লগতে চলিত বৰ্ষৰ পৰা ‘কর্মবন্ধু’ এপৰ জৰিয়তে মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ কামৰ খতিয়ানো অনলাইন মাধ্যমত লোৱাৰ ব্যৱস্থা কৰি মহাবিদ্যালয়খনে দেশৰ ভিতৰতে এক ব্যতিক্ৰমী পদক্ষেপ দেখুৱাবলৈ সক্ষম হৈছে। উল্লেখ্য যে মহাবিদ্যালয় চৌহদ, চৌহদৰ আশে-পাশে কোনো ধৰণৰ নিৰ্বাচনকেন্দ্রীক সংঘাত ছাত্র-ছাত্রী অথবা প্রতিদ্বন্দ্বি প্ৰাৰ্থীসকলৰ মাজত সংঘটিত হোৱা নাছিল। তথাপিও দুই এক সংবাদ মাধ্যমত মহাবিদ্যালয় চৌহদত অপ্রীতিকৰ পৰিস্থিতি উদ্ভৱ হোৱা বুলি প্ৰচাৰিত বাতৰি সত্য নাছিল বুলি মহাবিদ্যালয় কর্তৃপক্ষই এক বিবৃতি যোগে জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *