ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগ
নাজিৰাত ১২৩ খন বিদ্যালয়ৰ ৪২০৬ গৰাকী শিক্ষাৰ্থীক শৈক্ষিক সামগ্ৰী বিতৰণ
চাইন অন ডেস্ক,২২আগষ্ট:
ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ নেতৃত্বত আৰু জিলাখনৰ অন্তৰ্গত বিভিন্ন খণ্ড সন্মিলনীৰ শিক্ষক-শিক্ষয়িত্ৰীৰ পূৰ্ণ সহযোগত শিৱসাগৰ জিলাত এক বৃহৎ শৈক্ষিক কাৰ্যসূচী ৰূপায়িত কৰা হয়। নাজিৰা শিক্ষা খণ্ডৰ অন্তৰ্গত ১২৩ খন প্ৰাথমিক বিদ্যালয়ৰ মুঠ ৪,২০৬ গৰাকী শিক্ষাৰ্থীৰ মাজত নাজিৰা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে এই শৈক্ষিক সামগ্ৰীবিতৰণ কৰা হয়। এই কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক প্ৰধান শৈলেন্দ্ৰ কলিতাই। উদ্বোধনী ভাষণত তেখেতে শিক্ষক সন্মিলনীৰ এই সমাজমুখী আৰু আদৰণীয় পদক্ষেপৰ শলাগ লয়। কাৰ্যসূচীত উপস্থিত থাকি নাজিৰা শিক্ষা খণ্ডৰ শিক্ষা বিষয়া পৰাশৰ শইকীয়া আৰু নাজিৰা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মঞ্জু ঘৰফলীয়াই ছাত্ৰ- ছাত্ৰীসকলক উদ্দেশ্যি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। ইয়াৰ উপৰিও নাজিৰা মহকুমা শিক্ষক সন্মিলনীৰ সভাপতি প্ৰকাশ নাথ আৰু তথ্য ব্যৱস্থাপনা সমন্বয়ক ছৈয়দ মহচিন অনুষ্ঠানত উপস্থিত থাকি কাৰ্যসূচীৰ সম্পূৰ্ণ সহযোগিতা আগবঢ়ায়। সমগ্ৰ শৈক্ষিক সামগ্ৰী বিতৰণ কাৰ্যসূচীটো আঁতধৰে ডিব্ৰুগড় জিলা সন্মিলনীৰ সম্পাদক তথা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপ- সম্পাদক পংকজ বড়াই। পৰৱৰ্তী সময়ত ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি ভদ্ৰসেন সোনোৱাল, সম্পাদক পংকজ বড়া আৰু লাহোৱাল খণ্ড সন্মিলনীৰ সম্পাদক শান্ত কোঁৱৰে বিদ্যালয়সমূহৰ নাম একাদিক্ৰমে ঘোষণা কৰি শিক্ষাৰ্থীৰ অনুপাত অনুসৰি সামগ্ৰীসমূহ বিতৰণ কৰে।কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰাৰ বাবে ক্ষিপ্ৰ ব্যৱস্থাপনা কৰি দিয়া শিৱসাগৰ জিলাৰ শিক্ষা বিষয়া ড° সমীৰণ বৰালৈ সন্মিলনীৰ তৰফৰ পৰা বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰা হয়।নাজিৰা শিক্ষা খণ্ডৰ শিক্ষাৰ্থীসকলৰ হৈ শৈক্ষিক সামগ্ৰী সংগ্ৰহ কৰিবলৈ অহা বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলৰ লগতে উপস্থিত থকা সকলো সন্মিলনীৰ বিষয়ববীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰা হয়। ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ এই মানৱীয় আৰু শৈক্ষিক প্ৰয়াসক সকলোৱে প্ৰশংসা কৰে।
বিতৰণ কৰা হয়। এই কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক প্ৰধান শৈলেন্দ্ৰ কলিতাই।
উদ্বোধনী ভাষণত তেখেতে শিক্ষক সন্মিলনীৰ এই সমাজমুখী আৰু আদৰণীয় পদক্ষেপৰ শলাগ লয়।
কাৰ্যসূচীত উপস্থিত থাকি নাজিৰা শিক্ষা খণ্ডৰ শিক্ষা বিষয়া পৰাশৰ শইকীয়া আৰু নাজিৰা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ
অধ্যক্ষা মঞ্জু ঘৰফলীয়াই ছাত্ৰ- ছাত্ৰীসকলক উদ্দেশ্যি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। ইয়াৰ উপৰিও নাজিৰা মহকুমা শিক্ষক
সন্মিলনীৰ সভাপতি প্ৰকাশ নাথ আৰু তথ্য ব্যৱস্থাপনা সমন্বয়ক ছৈয়দ মহচিন অনুষ্ঠানত উপস্থিত থাকি কাৰ্যসূচীৰ সম্পূৰ্ণ সহযোগিতা আগবঢ়ায়।
সমগ্ৰ শৈক্ষিক সামগ্ৰী বিতৰণ কাৰ্যসূচীটো আঁতধৰে ডিব্ৰুগড় জিলা সন্মিলনীৰ সম্পাদক তথা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ
উপ- সম্পাদক পংকজ বড়াই। পৰৱৰ্তী সময়ত ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি ভদ্ৰসেন সোনোৱাল,
সম্পাদক পংকজ বড়া আৰু লাহোৱাল খণ্ড সন্মিলনীৰ সম্পাদক শান্ত কোঁৱৰে বিদ্যালয়সমূহৰ নাম একাদিক্ৰমে ঘোষণা কৰি শিক্ষাৰ্থীৰ
অনুপাত অনুসৰি সামগ্ৰীসমূহ বিতৰণ কৰে।কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰাৰ বাবে ক্ষিপ্ৰ ব্যৱস্থাপনা কৰি দিয়া শিৱসাগৰ জিলাৰ
শিক্ষা বিষয়া ড° সমীৰণ বৰালৈ সন্মিলনীৰ তৰফৰ পৰা বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰা হয়।নাজিৰা শিক্ষা খণ্ডৰ শিক্ষাৰ্থীসকলৰ হৈ
শৈক্ষিক সামগ্ৰী সংগ্ৰহ কৰিবলৈ অহা বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলৰ লগতে উপস্থিত থকা সকলো সন্মিলনীৰ বিষয়ববীয়াক
আন্তৰিক ধন্যবাদ জ্ঞাপন কৰা হয়। ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ এই মানৱীয় আৰু শৈক্ষিক প্ৰয়াসক সকলোৱে প্ৰশংসা কৰে।