...

বিডব্লিউএফ বিশ্ব বেডমিন্টন: লক্ষ্য সেন-উন্নতি হুদাৰ বিদায়

বিডব্লিউএফ বিশ্ব বেডমিন্টন: লক্ষ্য সেন-উন্নতি হুদাৰ বিদায়

প্রি-কোৱাৰ্টাৰ ফাইনেলত আয়ুস শেট্টী, পি ভি সিন্ধু

নতুন দিল্লী,২০আগষ্ট:

ভাৰতীয় বেডমিন্টনৰ নৱ তাৰকা আয়ুস্ শেঠীৰ লগতে অভিজ্ঞ পি ভি সিন্ধুই চলিত বিডব্লিউএফ বিশ্ব বেডমিন্টন চেম্পিয়নশ্বিপত জয়যাত্রা অব্যাহত ৰাখি প্রি-কোৱাৰ্টাৰত প্ৰৱেশ কৰিছে। কিন্তু প্রতিযোগিতাৰ পৰা দ্বিতীয় বাউণ্ডতে বিদায় লয় লক্ষ্য সেনে। নতুন দিল্লীত চলি থকা প্রতিযোগিতাৰ তৃতীয় দিনা মহিলাৰ ছিংগলছত প্রাক্তন বিশ্ব চেম্পিয়ন সিন্ধুৱে ২১-১৬, ২১-১৭ গেমত পৰাস্ত কৰে কানাডাৰ বেন য়ু ঝাঙক। ৩৫ মিনিট চলে এই মেচখন। ইফালে, ভাৰতৰ উদীয়মান তাৰকা আয়ুস শেটীয়ে আজি পুৰুষৰ ছিংগলছৰ অন্তিম ৩২ৰ মেচত শ্রীলংকাৰ ডুমিণ্ডু এবেবিক্রমাক মাত্র ২৬ মিনিটতে ২১-৮, ২১-১০৩ পৰাস্ত কৰি প্রি-কোৱাৰ্টাৰলৈ অগ্ৰসৰ হয়। কিন্তু তাৰকা লক্ষ্য সেনে দ্বিতীয় ৰাউণ্ডৰ খেলত আমেৰিকাৰ গাৰেট টানৰ বিৰুদ্ধে প্রথমটো ছেট ২১-১৯ত দখল কৰি সুন্দৰ আৰম্ভণি কৰাৰ পাছতো পৰৱতী ছেট দুটা ২১-১৯, ২১-
১৭ৰ ব্যৱধানত হেৰুৱাই প্ৰতিযোগিতাৰ পৰা বিদায় লয়। একেদৰে মহিলাৰ একক শাখাৰ দ্বিতীয় বাউণ্ডৰ খেলত কানাডাৰ মিচেল লীৰ বিৰুদ্ধে তীব্র যুঁজ দিয়ো পৰাজিত হৈ বিদায় লয় প্ৰথমবাৰৰ বাবে বিডব্লিউএফ বিশ্ব বেডমিন্টনত খেলা ভাৰতৰ উন্নতি হুদাই। ইফালে, পুৰুষৰ ডাবলছত পদক প্রত্যশী অভিজ্ঞ সাত্বিক সৈবাজ বনকি ৰেড্ডী আৰু চিৰাগ শেঢ়ীয়ে বাই লাভ কৰি প্রি-কোৱাৰ্টাৰলৈ অগ্ৰসৰ হৈছে। ভাৰতীয় যুটিটোৰ স্কটলেণ্ডৰ প্ৰতিদ্বন্দ্বী আলেকজেণ্ডাৰ ডুন আৰু আডাম প্রিংগল যুটিৰ ডুনে আঘাত পোৱাত প্রতিযোগিতাৰ পৰা নাম প্রত্যাহাৰ কৰে। ইফালে, মিক্সড ডাবলছৰ ভাৰতীয় যুটি ধ্ৰুৱ কপিলা আৰু তানিছা ক্রাষ্টোয়ো দ্বিতীয় ৰাউণ্ডৰ মেচত লিয়ং লুক চুং আৰু রেং চি যুটিক ২১-১১, ২১-১১ত পৰাস্ত কৰি প্রি-কোৱাৰ্টাৰত স্থান নিশ্চিত কৰে। ইফালে, ভাৰতৰ দ্বিতীয়টো পুৰুষৰ ডাবলছ যুটি এম আৰ অর্জুন আৰু হৰিহৰণেও প্রতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডৰ পৰা বিদায় লৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *