...

বিজনী মহাবিদ্যালয়ৰ সন্মুখত ছাত্ৰ-ছাত্ৰীৰ তীব্ৰ প্ৰতিবাদ

বিজনী মহাবিদ্যালয়ৰ সন্মুখত ছাত্ৰ-ছাত্ৰীৰ তীব্ৰ প্ৰতিবাদ

UG নামভৰ্তি আৰু ছেমিষ্টাৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে ৭ মহাবিদ্যালয়ৰ প্ৰতিবাদ

বিজনী,১৮আগষ্ট:

UG নামভৰ্তি আৰু ছেমিষ্টাৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে কালি বিজনী মহাবিদ্যালয়ৰ সন্মুখত ছাত্ৰ-ছাত্ৰীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। চিৰাং জিলাৰ সাতখন মহাবিদ্যালয়ৰ ছাত্ৰ প্ৰতিনিধি আৰু বিভিন্ন ছাত্ৰ সংগঠনে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বৰ্ধিত মাচুলৰ গাঁথনি পুনৰ বিবেচনা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।
প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ মতে, বৰ্ধিত নামভৰ্তি আৰু ছেমিষ্টাৰ মাচুলে বিশেষকৈ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ শিক্ষাৰ্থীসকলক সমস্যাৰ সন্মুখীন কৰিছে। ফলত বহু ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষা অব্যাহত ৰখাত বাধাৰ সৃষ্টি হোৱাৰ আশংকা দেখা দিছে।
ছাত্ৰ প্ৰতিনিধিসকলে BPL পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক ১০০ শতাংশ মাচুল ৰেহাই দিয়াৰ দাবী উত্থাপন কৰে। একেদৰে পূৰ্বৰ ছেমিষ্টাৰৰ মাচুল বকেয়া বা backlog থকা BPL ছাত্ৰ-ছাত্ৰীসকলকো মাচুল ৰেহাইৰ আওতালৈ অনাৰ দাবী জনায়। চতুৰ্থ বৰ্ষৰ সপ্তম ছেমিষ্টাৰৰ নামভৰ্তি মাচুলো হ্ৰাস কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।
ইয়াৰ উপৰি ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থত বৰ্তমানৰ UG নামভৰ্তি আৰু ছেমিষ্টাৰ মাচুলৰ গাঁথনি পুনৰ পৰ্যালোচনা কৰি আৰ্থিকভাৱে দুৰ্বল শিক্ষাৰ্থীসকলৰ বাবে বিশেষ ৰেহাইৰ ব্যৱস্থা কৰাৰ দাবী জনোৱা হয়।
এই দাবীসমূহ সন্নিৱিষ্ট কৰি অসমৰ শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুলৈ চিৰাং জিলাৰ উপায়ুক্তৰ জৰিয়তে এখন যৌথ স্মাৰক-পত্ৰ প্ৰেৰণ কৰা হয়। চৰকাৰে শীঘ্ৰে বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰি ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থত ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰিব বুলি প্ৰতিবাদকাৰীসকলে আশা প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *