...

ডিব্ৰুগড়ৰ মাইজান ঘাটত অঘটন!

ডিব্ৰুগড়ৰ মাইজান ঘাটত অঘটন!

পানীত ডুবি ২২ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

চাইন অন ডেস্ক,১৬আগষ্টঃ

ডিব্ৰুগড়ৰ পৰা এক অতি শোকাবহ খবৰ পোহৰলৈ আহিছে। ডিব্ৰুগড়ৰ জনপ্ৰিয় মাইজান ঘাটত পানীত ডুবি অংকিত মালাকৰ নামৰ এজন ২২ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, কালি ২২ বছৰীয়া অংকিত মালাকৰ মাইজান ঘাটৰ সমীপত পানীত নামিছিল। পানীত নামি থকা অৱস্থাতে যুৱকজন হঠাতে গভীৰ পানীত পৰি ডুব যাবলৈ ধৰে। এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোক আৰু প্ৰশাসনৰ তৎপৰতাত যুৱকজনক পানীৰ পৰা উদ্ধাৰ কৰা হয়। লগে লগে তেওঁক অতি সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ যোৱা হয়। অৱশ্যে, চিকিৎসালয়খনৰ চিকিৎসকে প্ৰাথমিক পৰীক্ষাৰ পিছতেই যুৱকজনক মৃত বুলি ঘোষণা কৰে। এই আকস্মিক আৰু কৰুণ ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *