...

অৰুণাচলত আছাম ৰাইফলছৰ শিবিৰলৈ উগ্ৰপন্থীৰ গুলীচালনা

অৰুণাচলত আছাম ৰাইফলছৰ শিবিৰলৈ উগ্ৰপন্থীৰ গুলীচালনা

তিনিচুকীয়া সীমান্তত হাই এলাৰ্ট

এন এছ চি এন (কে-ৱাই)ৰ অতৰ্কিত আক্ৰমণৰ সন্দেহ: সেনাৰ তীব্ৰ প্ৰত্যুত্তৰ

চাইন অন ডেস্ক,১৪আগষ্ট:

দেশৰ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত নিৰাপত্তা বাহিনীক লক্ষ্য কৰি উগ্ৰপন্থীয়ে ভয়ংকৰ আক্ৰমণৰ অপচেষ্টা চলোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আজি পুৱতি নিশা প্ৰায় ৩:১৫ বজাত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ লংভি বস্তিত অৱস্থিত ২১ আছাম ৰাইফলছৰ ‘লংভি চি অ’ বি’ (Company Operating Base)-ক লক্ষ্য কৰি সন্দেহযুক্ত উগ্ৰপন্থীৰ এটি দলে দূৰৈৰ পৰা অতৰ্কিতে গুলীচালনা (Stand-off firing) কৰে। প্ৰাপ্ত তথ্য অনুসৰি, উগ্ৰপন্থী দলটোৱে ‘৩ হিট’ দিশৰ পৰা শিবিৰটোলৈ লক্ষ্য কৰি দুজাঁইকৈ ভয়ংকৰ লাথোড (Lathode) ৰাউণ্ড নিক্ষেপ কৰে। নিশাৰ নিস্তব্ধতা ভঙ্গ কৰি হোৱা এই আক্ৰমণৰ লগে লগে আছাম ৰাইফলছৰ জোৱানসকলো সষ্টম হৈ পৰে আৰু উপযুক্ত প্ৰত্যুত্তৰ দিয়ে। প্ৰায় ১৫ৰ পৰা ২০ মিনিট ধৰি দুয়োপক্ষৰ মাজত তুমুল গুলীয়াগুলী চলে। সেনাই চলোৱা প্ৰচণ্ড প্ৰতিৰোধৰ মুখত টিকিব নোৱাৰি অৱশেষত উগ্ৰপন্থীৰ দলটোৱে ঘন জংঘলৰ সুযোগ লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে। সৌভাগ্যক্ৰমে, এই গুলীচালনাত সেনা তথা নিৰাপত্তা বাহিনীৰ কোনো জোৱান হতাহত হোৱা নাই। অৱশ্যে সেনাৰ প্ৰত্যাক্ৰমণত উগ্ৰপন্থী দলটোৰ কোনো সদস্য আঘাতপ্ৰাপ্ত বা নিহত হৈছে নেকি, সেই সন্দৰ্ভত বৰ্তমানলৈকে স্পষ্ট তথ্য লাভ কৰা হোৱা নাই। সেনাৰ এক বিশ্বস্ত সূত্ৰই প্ৰকাশ কৰা অনুসৰি, স্বাধীনতা দিৱসৰ প্ৰাক-মুহূৰ্তত কূটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰাৰ উদ্দেশ্যৰে নিষিদ্ধ ঘোষিত নগা উগ্ৰপন্থী সংগঠন ‘এন এছ চি এন (কে-ৱাই)’এই আক্ৰমণ সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে। এন এছ চি এন (কে-ৱাই)ৰ দুৰ্ধৰ্ষ

মাকাম হাকুনৰ নেতৃত্ব এই অভিযান চলিছিল বুলি সেনাৰ এক সূত্ৰত প্ৰকাশ।

এই ঘটনাই সমগ্ৰ পাহাৰীয়া চাংলাং জিলাখনত তীব্ৰ উত্তেজনা আৰু আতংকৰ সৃষ্টি কৰিছে। ঘটনাৰ ঠিক পিছতেই সমগ্ৰ অঞ্চলটো আছাম ৰাইফলছ আৰু অৰুণাচলবআৰক্ষীয়ে ঘেৰি ধৰি পলাতক উগ্ৰপন্থী দলটোৰ সন্ধানত জংঘলসমূহত ব্যাপক অভিযান (Combing operation) আৰম্ভ কৰিছে।

তিনিচুকীয়া সীমান্তত নিৰাপত্তা কটকটীয়া: অৰুণাচল প্ৰদেশত সংঘটিত এই ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি কাষৰীয়া অসমৰ তিনিচুকীয়া জিলাৰ সীমান্তৱৰ্তী অঞ্চলসমূহত ক্ৰমে মাৰ্ঘেৰিটা, লিডু, লেখাপানী, জাগুনত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ নিৰাপত্তা ব্যৱস্থা অভূতপূৰ্বভাৱে বৃদ্ধি কৰা হৈছে। অৰুণাচল-অসম সীমামূৰীয়া সকলো প্ৰৱেশ পথতে কটকটীয়া তালাচী চলোৱাৰ লগতে সম্ভাৱ্য অনুপ্ৰৱেশ ৰোধৰ বাবে নাকা চেকিং আৰু যৌথ টহল তীব্ৰতৰ কৰি তোলা হৈছে। জিলা প্ৰশাসন তথা আৰক্ষীয়ে সীমান্তৱৰ্তী ৰাইজক সতৰ্ক হৈ থাকিবলৈ আৰু যিকোনো সন্দেহজনক গতিবিধিৰ তথ্য ততালিকে প্ৰশাসনক জনাবলৈ আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *