...

লাওখোৱা অভয়াৰণ্যত অবৈধভাৱে মাছ ধৰাৰ অভিযোগ

লাওখোৱা অভয়াৰণ্যত অবৈধভাৱে মাছ ধৰাৰ অভিযোগ

জিলা আয়ুক্তক অভিযোগ দাখিল

ৰূপহীহাট,৬আগষ্টঃ

লাওখোৱা অভয়াৰণ্যত ১৯৭২ চনৰ বন্যপ্ৰাণী সুৰক্ষা আইন উলংঘা কৰি অবৈধভাৱে ভেটা দি মাছ ধৰা কাৰ্য চলি থকাৰ অভিযোগে অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনাটোক লৈ একাংশ প্ৰকৃতিপ্ৰেমী ৰাইজে নগাঁও জিলা আয়ুক্তৰ ওচৰত লিখিত অভিযোগ দাখিল কৰি উচ্চ পৰ্যায়ৰ তদন্ত আৰু দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।অভিযোগ অনুসৰি, ১৯৭২ চনৰ বন্যপ্ৰাণী সুৰক্ষা আইন অনুসাৰে অভয়াৰণ্যৰ ভিতৰত সাধাৰণ মানুহৰ লগতে পোহনীয়া জীৱ-জন্তুৰ প্ৰৱেশ কঠোৰভাৱে নিষিদ্ধ। এনে পৰিস্থিতিত অভয়াৰণ্যৰ ভিতৰত অবাধে প্ৰৱেশ কৰি মাছ ধৰা কাৰ্য কেনেকৈ চলি আছে, সেই বিষয়টো লৈ প্ৰকৃতিপ্ৰেমী মহলত অসন্তোষ বৃদ্ধি পাইছে।অভিযোগ পত্ৰত উল্লেখ কৰা হৈছে যে, লাওখোৱা অভয়াৰণ্যৰ গড়াজান ৰেঞ্জৰ অধীনস্থ সুতিৰপাৰ বিট কাৰ্যালয়ৰ অন্তৰ্গত মোৱামাৰী-খলিহামাৰী বিলৰ মাজত, তালতলা মাথাউৰিৰ কাষত অবৈধভাৱে ভেটা স্থাপন কৰি মাছ ধৰা হৈছে। সেই মাছ অভয়াৰণ্যৰ বাহিৰলৈ আনি ওচৰ-পাজৰৰ বিভিন্ন বজাৰত বিক্ৰী কৰি একাংশই ব্যৱসায় চলাই থকাৰো অভিযোগ উত্থাপন কৰা হৈছে।
প্ৰকৃতিপ্ৰেমী ৰাইজে অবৈধ মাছ ধৰাৰ বিৰোধিতা কৰাত বন বিভাগৰ একাংশ কৰ্মচাৰীয়ে ভেটাৰ জৰিয়তে মাছ অভয়াৰণ্যতে সংৰক্ষণ কৰি ৰখা হৈছে বুলি জানিবলৈ দিয়া বুলি অভিযোগত উল্লেখ কৰা হৈছে। কিন্তু ৭০.১৩ বৰ্গ কিলোমিটাৰ বিস্তৃত লাওখোৱা অভয়াৰণ্যৰ অসংখ্য বিলৰ মাজৰ পৰা মাত্ৰ এখন ভেটাৰে মাছ সংৰক্ষণ কৰা সম্ভৱ নহয় বুলি অভিযোগকাৰীসকলে দাবী কৰিছে। তেওঁলোকৰ মতে, মাছ সংৰক্ষণৰ অজুহাতত অভয়াৰণ্যৰ সম্পদ ব্যৱসায়িকভাৱে ব্যৱহাৰ কৰা হৈছে।
এই সমগ্ৰ বিষয়টোৰ ওপৰত নিৰপেক্ষ আৰু উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *