...

‘বেটি বচাও বেটি পঢ়াও’

‘বেটি বচাও বেটি পঢ়াও’

সুকন্যা সমৃদ্ধি যোজনাৰ পাছবুক বিতৰণ কাৰ্যসূচী ৰূপায়ণ

চাইন অন ডেস্ক,২৯ জুলাই:

কন্যা শিশুৰ সুৰক্ষিত ভৱিষ্যত আৰু সবলীকৰণৰ লক্ষ্যৰে ভাৰত চৰকাৰে গ্ৰহণ কৰা ‘বেটি বচাও বেটি পঢ়াও’ (BBBP) আঁচনিৰ অধীনত আজি ডিব্ৰুগড়ৰ পল্টন বজাৰস্থিত দুৰ্গা মন্দিৰ প্ৰাংগণত এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

এই অনুষ্ঠানত কন্যা শিশুসকলৰ নামত খোলা ‘সুকন্যা সমৃদ্ধি যোজনা’ (SSY) ৰ ৫০ খন পাছবুক অভিভাৱক সকলক বিতৰণ কৰাৰ লগতে
থিতাতে সুকন্যা সমৃদ্ধি যোজনাৰ ২০টা নতুন একাউণ্ট খোলাৰ ব্যৱস্থা কৰা হয় আৰু‌ ১৮ গৰাকী ১৮ বছৰৰ অনুৰ্ধৰ কিশোৰ -কিশোৰীক আধাৰ কাৰ্ড খোলা হয় লগতে মহিলা সকলৰ বাবে ১১ টা নতুন আধাৰ চিডিং একাউণ্ট খোলা হয়।

মহিলা আৰু শিশু উন্নয়ন বিভাগৰ ডিব্ৰুগড় নগৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ (ICDS) নালিয়াপুল শাখা, মহিলা সৱলীকৰণ কেন্দ্ৰ আৰু ভাৰতীয় ডাক সেৱাৰ উদ্যোগত তথা ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত কৰা অনুষ্ঠানটিত
অতিৰিক্ত আয়ুক্ত(মহিলা আৰু শিশু উন্নয়ন বিভাগ) শ্ৰাৱণা সোণোৱাল, জিলা সমাজ কল্যাণ বিষয়া প্ৰশান্ত বৰা, ভাৰতীয় ডাক বিভাগৰ বিষয় ববীয়া সকল, ডিব্ৰুগড় নগৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া, নালিয়াপুল শাখাৰ মূখ্য সেৱিকা, অংগনবাড়ী কৰ্মী- সহায়িকা সকল আৰু ডিব্ৰুগড় জিলা মহিলা সৱলীকৰণ কেন্দ্ৰৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *