...

বানপানী সমস্যাক চৰকাৰে ৰাষ্ট্ৰীয় দুর্যোগ ঘোষণা কৰি যথোপযুক্ত ক্ষতিপূৰণ দিয়ক

বানপানী সমস্যাক চৰকাৰে ৰাষ্ট্ৰীয় দুর্যোগ ঘোষণা কৰি যথোপযুক্ত ক্ষতিপূৰণ দিয়ক

ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনৰ দাবী

চাইন অন ডেস্ক,২৯জুলাই:

বানপানী, গড়াখহনীয়া, ধুমুহা, ভূমিকম্প আদি সাধাৰণতে প্রাকৃতিক দুর্যোগ বুলি ধৰা হয়, কিন্তু সকলোবোৰ সকলো সময়তে প্রাকৃতিক দুর্যোগ বুলি ধৰিব নোৱাৰি। অতি সম্প্রতি শিৱসাগৰ, চৰাইদেউকে আদি কৰি উজনী অসমৰ যিকেইখন জিলাত বান সমস্যাই জনসাধাৰণৰ অৱৰ্ণনীয় দুৰৱস্থাৰ সৃষ্টি কৰিছে, ইয়াক চৰকাৰে প্ৰাকৃতিক দুর্যোগ বুলি প্রকাশ কৰিছে। কিন্তু অতিমাত্ৰা বৰষুণ হ’লেই যে দুৰ্যোগৰ সৃষ্টি হ’ব তেনে নহয়, বিশেষকৈ অতি সম্প্রতি উজনী অসমৰ এই দুর্যোগটো কেৱল অতিমাত্ৰা বৰষুণৰ বাবে হোৱা নাই, ইয়াত হাত উজান দিছে চৰকাৰী পৃষ্ঠপোষকতাত একাংশ সুবিধাবাদী দালাল-ঠিকাদাৰ, মাটি-বালি-কয়লাৰ মাফিয়াই আৰু লগতে এই ক্ষেত্রত প্রধান ভূমিকা লৈ আহিছে পাহাৰীয়া অঞ্চলত নিৰ্মাণৰত সৰু-বৰ জলবিদ্যুৎ প্রকল্পবোৰে। যিহেতু এনেবোৰ কাৰ্যত চৰকাৰৰ পৃষ্ঠপোষকতা থাকে, সেয়েহে চৰকাৰে নিজৰ দায়-দায়িত্বৰ পৰা হাত সাৰিবলৈ অসত্যৰ প্ৰলেপ সানি প্রকাশ কৰে, এইবোৰ প্রাকৃতিক দুর্যোগ বুলি। চৰকাৰৰ ই এক ভ্রান্ত প্রচাৰৰ বাদে আন একো নহয়, ই প্রাকৃতিক দুর্যোগ নহয়, ই চৰকাৰৰ সৃষ্টি দুর্যোগহে। আজি ডিব্ৰুগড়ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত এই কথা প্রকাশ কৰে ডিব্ৰুগড় জিলা নাগৰিক সম্মিলনৰ সভাপতি শৰৎ চন্দ্ৰ নেওগ আৰু সাধাৰণ সম্পাদক উত্তম চেতিয়াই।সংবাদমেলত লগতে ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনৰ সভাপতি আৰু সাধাৰণ সম্পাদকে প্রশ্ন উত্থাপন কৰে যে, চৰকাৰে প্ৰাকৃতিক দুর্যোগ বুলি কৈ অহাৰ সময়তে নাগালেণ্ডৰ দিখৌ নদীৰ ওপৰত নির্মীয়মান দিখু জলবিদ্যুৎ প্রকল্পৰ ক্ষেত্ৰত আৰম্ভণিৰ এই সময়তে আমাৰ ৰাজ্য চৰকাৰে একো মাত মতা নাই কিয়? এই জলবিদ্যুৎ প্রকল্পটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিলে শিৱসাগৰ, চৰাইদেউ, যোৰহাট জিলাত পুনৰ ‘জলবোমা’ সদৃশ হৈ নুঠিব নেকি?- এইক্ষেত্ৰত চৰকাৰ নীৰৱ কিয়? দিখৌ নদীৰ শিল-বালি অবৈজ্ঞানিকভাবে খনন কৰি অহাৰ পৰিণতিতেই, কয়লা খনন কৰি একাংশ পাহাৰত বুকু হ্রদ হৈ পৰা, ব্যাপক হাৰত পাহাৰ খনন, বৃহৎ বৃহৎ গছ-বন কাটি খাস্তাং কৰা আদিৰ ফলতেই যে আজি উজনি অসমৰ ৰাইজৰ এনে দুর্যোগ ভোগিব লগা হৈছে, এই কথা চৰকাৰে আজি কাক লুকুৱাবলৈ গৈছে? চৰকাৰৰ একাংশ মন্ত্রী বিধায়কে শকত অঙ্কৰ কমিচনৰ লোভত এনেবোৰ জনস্বার্থ বিৰোধী কামবোৰত উদগনি যোগাই যিমানেই নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা নকৰক কিয়, আজি ৰাইজে চৰকাৰৰ এই চক্রান্ত বুজি উঠিছে। সংবাদমেলত এই কথা প্রকাশ কৰাৰ লগতে সম্মিলনৰ বিষয়ববীয়াদ্বয়ে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি কয় যে, বানত ক্ষতিগ্রস্ত হোৱা প্রতিটো পৰিয়ালক ১০,০০,০০০ (দহ লাখ) টকাৰ এককালীন আর্থিক সাহার্য প্রদান কৰক, বানত মৃত্যু বৰণ কৰা প্ৰতিজন মৃতকৰ বিপৰীতে ৫০,০০,০০০ (পঞ্চাছ লাখ) টকাৰ এককালীন আর্থিক সাহার্য প্রদান কৰক, সঠিক জৰীপ কৰি আগন্তুক ২ মাহৰ ভিতৰত বানত ক্ষতিগ্রস্ত হোৱা প্রতিপদ সামগ্ৰী আৰু পশুধনৰ উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰক, যিসকল নিবনুৱা যুৱক যুৱতীয়ে বেংকৰ পৰা ঋণ লৈ পশুপালন, কৃষি কর্ম আদিকে ধৰি অন্যান্য ব্যবসায় বাণিজ্য কৰি আহিছে, সকলোৰে ঋণ ৰেহাই দিয়াৰ ব্যৱস্থা কৰক, চৰকাৰী চাকৰি নথকা প্ৰতিটো পৰিয়ালক আগন্তুক ১ বছৰলৈ মাহে নূন্যতম ২০,০০০ (বিশ হাজাৰ) টকাকৈ আর্থিক অনুদান প্রদান কৰক, সকলো বৃহৎ নদীবান্ধ ভাঙি দি ক্ষুদ্র ক্ষুদ্র বহুমুখী নদীবান্ধ নিৰ্মাণ কৰক।সংবাদমেল যোগে জিলা নাগৰিক সম্মিলনৰ সভাপতি আৰু সম্পাদকে চৰকাৰৰ ওচৰত এই দাবী উত্থাপন কৰাৰ লগতে সহৃদয় ৰাইজৰ জ্ঞাতাৰ্থেও ডিব্ৰুগড় জিলা নাগৰিক সম্মিলনে সকিয়াই দিয়ে যে, আমাৰ চৌকাশে থকা পাহাৰীয়া অঞ্চলৰ বৃহৎ বৃহৎ জলবিদ্যুৎ প্রকল্পবোৰ আৰু নিৰ্মাণ হ’ব ধৰা জলবিদ্যুৎ প্রকল্পবোৰ আমাৰ বাবে একো একোটা ‘জলবোমা’ সদৃশ। এই ‘জলবোমা’বোৰ থকালৈকে আমাৰ কোন সময়ত কেনে বিপদ আহিব পাৰে কোনেও ক’ব নোৱাৰে। সেয়েহে সময় থাকোঁতেই এনে ‘জলবোমা’ সদৃশ বৃহৎ বৃহৎ জলবিদ্যুৎ প্রকল্পবোৰৰ বিৰুদ্ধে সকলো ঐক্যবদ্ধ হৈ মাত মতা উচিত।আজি সংবাদমেলত সভাপতি,সম্পাদকৰ উপৰিও ৰাতুল গগৈ,পাৰ্থপ্ৰতিম ভূঞা আৰু পবিত্ৰ বৰগোহাঁই উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *