...

ডিব্ৰুগড়ত ‘দেশ ভক্তি’ দিৱস উদযাপন

ডিব্ৰুগড়ত ‘দেশ ভক্তি’ দিৱস উদযাপন

চাইন অন ডেস্ক,২৮জুলাই :

দেশৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম বৰেণ্য নেতা দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু বার্ষিকী উপলক্ষে আজি সমগ্র ৰাজ্যৰ সমান্তৰালকৈ ডিব্ৰুগড়টো জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত “দেশভক্তি দিৱস” উদযাপন কৰা হয়।

ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন চমাল (IAS), ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰী (IAS), খোৱাং সম-জিলা আয়ুক্ত জয়ন্ত চৰণ (IAS) আৰু বিশিষ্ট ব্যক্তিসকলে দেশভক্তগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰূপে আমন্ত্ৰিত মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ উপাধ্যক্ষ অনিৰুদ্ধ দত্ত মহোদয় উপস্থিত থাকি দেশভক্ত তৰুণৰাম ফুকনৰ জীৱন পৰিক্ৰমা বৰ্ণনাৰে দেশপ্রেম আৰু দেশৰ হকে কৰি যোৱা বিভিন্ন কর্মৰাজীৰ সম্পৰ্কত বিশদভাৱে বক্তব্য আগবঢ়োৱাৰ লগতে শিক্ষা, ৰাজনৈতিক, সামাজিক, সাহিত্য আদি বিভিন্ন ক্ষেত্ৰত দেশভক্তগৰাকীৰ অৱদান সম্পৰ্কত আলোকপাত কৰে।

জিলা তথ্য আৰু জনসংযোগ বিষয়া ৰজত সেনে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্তদ্বয় দ্বিপময় ঠাকুৰীয়া আৰু শ্ৰৱণা সোণোৱাল, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল,  জিলা-প্ৰশাসন আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগৰ কৰ্মচাৰীসকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *