...

কলাখোৱাৰ দিহিংথান গাঁৱত বুঢ়ীদিহিঙৰ বানত সৰ্বস্বান্ত শতাধিক পৰিয়াল

কলাখোৱাৰ দিহিংথান গাঁৱত বুঢ়ীদিহিঙৰ বানত সৰ্বস্বান্ত শতাধিক পৰিয়াল

অনুসূচীত জাতি ছাত্ৰ সন্থাৰ বান সাহাৰ্য্য বিতৰণ

চাইন অন ডেস্ক,২৭জুলাই:

ডিব্ৰুগড় জিলাৰ নৱগঠিত খোৱাং সমষ্টিৰ অন্তৰ্গত ডিব্ৰুগড় পশ্চিম ৰাজহচক্ৰৰ অধীনৰ কলাখোৱা গাঁও পঞ্চায়তৰ দিহিং থান গাঁৱৰ বুঢ়ীদিহিঙ নদীৰ বানত বিধ্বস্ত হৈ বহুত পৰিয়ালে ঘৰ-দুৱাৰ বাঢ়নী পানীত প্লাৱিত হৈ দুৰ্ভোগৰ সন্মুখীন হৈ পৰিছে।উল্লেখযোগ্য যে বুঢ়ীদিহিঙৰ বাঢ়নী পানীয়ে কলাখোৱা অঞ্চলৰ দিহিংথান গাঁৱৰ প্ৰায় ১০০ৰ অধিক পৰিয়াল ঘৰ-দুৱাৰ ভাঙি আউল-বাউল কৰি তুলি এক প্ৰকাৰ হাহাকাৰ আৰু হীনমন্যতা সম্মুখীন কৰি তোলা পৰিলক্ষিত হৈছে।স্থানীয় ৰাইজৰ মতে ডিব্ৰুগড় জিলা প্ৰশাসনৰ তৰফৰ পৰা বানাক্ৰান্ত ৰাইজলৈ খাদ্য সামগ্ৰী বিতৰণ কৰিছে যদিও পৰ্য্যাপ্ত পৰিমাণে নোপোৱা অভাৱৰ বাবে বানপীড়িত লোকসকলে দুৰ্ভোগ ভুগিব লগীয়া হৈছে বুলি অভিযোগ উত্থাপন কৰিছে বানপীড়িত জনসাধাৰণে।কিয় কলাখোৱা গাঁও পঞ্চায়তৰ বানবিধ্বস্ত ৰাইজক উপযুক্ত বান সাহাৰ্য্য চৰকাৰী ভাৱে দিয়াৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা নাই বুলিও স্থানীয় বানবিধ্বস্ত ৰাইজৰ মাজত ক্ষোভৰ বহিৰ্প্ৰকাশ ঘটিছে।আনহাতেদি যোৱা ২৬জুলাই
দেওবাৰে কলাখোৱাৰ দিহিংথান গাঁৱত বানবিধ্বস্ত দুৰ্ভোগ ভুগি থকা পৰিয়ালৰ লোকসকলক সহায় সহযোগিতা কৰিবলৈ আগবাঢ়ি আহিল অসম অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলাই পদক্ষেপ গ্ৰহণ কৰে। অনুসূচীত জাতিৰ যুৱছাত্ৰ সন্থাৰ সভাপতি ত্ৰিদিপ দাস আৰু সম্পাদক মৃদুল দাসৰ নেতৃত্বত সংগঠনটোৰ সকলো বিষয়ববীয়া, বানে ক্ষতিগ্ৰস্ত কৰা পৰিয়ালসমূহৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে সংগঠনটোৰ বিষয়ববীয়াসকলে।।
ইয়াৰ উপৰিও, বানে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি অসম চৰকাৰৰ লগতে খোৱাং সমষ্টিৰ বিধায়কক অতি শীঘ্ৰে ক্ষতিগ্ৰস্ত লোকসকলক উপযুক্ত ক্ষতিপূৰণ আৰু প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ দাবী জনায়।
অসম অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ বিষয়ববীয়া সকলে ডিব্ৰুগড় জিলাৰ নৱগঠিত খোৱাং সমষ্টিৰ অন্তৰ্গত বৰবৰুৱা উন্নয়ন খণ্ডৰ এলেকাধীন কলাখোৱা গাঁও পঞ্চায়তৰ বুঢ়ীদিহিঙ নদীৰ বানবিধ্বস্ত দিহিং থান গাঁও খনৰ দীৰ্ঘ দিনীয়া বান সমস্যা সমাধানৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰীৰ প্ৰতি দাবী উত্থাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *