...

ডিব্ৰুগড়ৰ বইৰাগীমঠত ভয়ংকৰ পথ দুৰ্ঘটনা

ডিব্ৰুগড়ৰ বৈৰাগীমঠত ভয়ংকৰ পথ দুৰ্ঘটনা

ট্ৰাকৰ খুন্দাত চাইকেল আৰোহীৰ মৃত্যু, উত্তপ্ত পৰিস্থিতি

চাইন অন ডেস্ক,২৭জুলাইঃ

ডিব্ৰুগড়ত পুনৰ এক শোকাৱহ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে এজন নিৰীহ লোকৰ। দেওবাৰে বইৰাগীমঠৰ কনভয় পথৰ সাপ্তাহিক বজাৰত এখন দ্ৰুতগামী ট্ৰাকৰ খুন্দাত এজন চাইকেল আৰোহীৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।
প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে সাপ্তাহিক বজাৰ বহা বাবে কনভয় পথত পথচাৰী আৰু যান-বাহনৰ যথেষ্ট ভিৰ আছিল। তেনে সময়তে এ এছ ০১ চি ৮০১৭ পঞ্জীয়ন নম্বৰৰ এখন দ্ৰুতগামী ট্ৰাকে এজন চাইকেল আৰোহীক মহতিয়াই নিয়ে। এই দুৰ্ঘটনাৰ ফলত চাইকেল আৰোহীজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত আহত লোকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসাধীন অৱস্থাত দুৰ্ভাগ্যজনকভাৱে তেওঁৰ মৃত্যু হয়।এই দুৰ্ঘটনাৰ পিছতে স্থানীয় ক্ষুব্ধ ৰাইজে ঘটনাস্থলীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। যান-বাহনৰ তীব্ৰ বেগ আৰু সঘনাই সংঘটিত দুৰ্ঘটনাক লৈ অসন্তুষ্ট ৰাইজে আৰক্ষীৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হোৱাত কিছু সময়ৰ বাবে অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকাত পৰৱৰ্তী সময়ত অতিৰিক্ত আৰক্ষী বাহিনী ঘটনাস্থলীত উপস্থিত হ’বলগীয়া হয়। অতিৰিক্ত আৰক্ষীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। বৰ্তমান আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰিছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত এক তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *