ডিব্ৰুগড় জিলা প্ৰশাসনৰ চুবুৰীয়া বানপীড়িত জিলাসমূহলৈ সাহায্যৰ হাত
চাইন অন ডেস্ক,২৭জুলাই :
ডিব্ৰুগড় জিলাখনে নিজে ধাৰাবাহিক বান পৰিস্থিতিৰ সৈতে যুঁজি থকাৰ পিছতো, মানৱীয় সেৱা আৰু আন্তঃজিলা সহযোগিতাৰ প্ৰতি থকা নিজৰ দৃঢ় প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰি চুবুৰীয়া বানপীড়িত জিলা শিৱসাগৰ আৰু চৰাইদেউলৈ একেৰাহে সাহাৰ্য্য সামগ্ৰী, মানৱ সম্পদ, উদ্ধাৰকাৰী দল, গধুৰ যন্ত্ৰপাতি আৰু লজিষ্টিক সম্পদৰ যোগান ধৰি সমৰ্থন আগবঢ়াইছে।
এই সাহায্য কাৰ্যসূচীৰ অংশ হিচাপে, বানাক্ৰান্ত জিলাসমূহলৈ ৩,৩৩,৬২৪ লিটাৰতকৈও অধিক খোৱাপানীৰ বটল আৰু ১,৯৫,৮৫২ টাৰো অধিক বিস্কুটৰ পেকেট বিতৰণ কৰা হয়। ইয়াৰ উপৰিও, ৪৫,০০০ গৰাকী লোকৰ বাবে সাত দিনৰ উপযোগী পৰ্যাপ্ত সাহায্য সামগ্ৰী প্ৰস্তুত কৰি প্ৰেৰণ কৰা হৈছে। এই পেকেটসমূহত বানপীড়িত পৰিয়ালসমূহৰ সুবিধাৰ্থে চাউল, দাইল, নিমখ, সৰিয়হৰ তেল আৰু অন্যান্য নিত্যপ্ৰয়োজনীয় খাদ্য 
সাহায্য সামগ্ৰীসমূহ সুচাৰুৰূপে পৰিবহণ কৰিবলৈ জিলা প্ৰশাসনে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ সাহায্য কাৰ্যসূচীৰ বাবে ৯৬ খন লঘূ বাহন আৰু ৫৮ খন ট্ৰাক নিয়োজিত কৰিছে।শিৱসাগৰ জিলাৰ বানপীড়িত অঞ্চলসমূহত সাহায্য সামগ্ৰী বোজাই আৰু নমোৱাৰ কামত প্ৰেৰণ কৰা প্ৰায় ৩৬ জন শ্ৰমিকৰ নিৰালস্য প্ৰচেষ্টাৰে এই বৃহৎ সাহায্য অভিযান চলাই থকা হৈছে। সাহায্য যোগানৰ উপৰিও ডিব্ৰুগড়ে জল পৰিবহণ আৰু উদ্ধাৰ কাৰ্যৰ বাবে জৰুৰী সম্পদৰো যোগান ধৰিছে। শিৱসাগৰ জিলাত সাতখন দেশীয় নাও মোতায়েন কৰা হৈছে। তদুপৰি, চৰাইদেউ জিলাত ৬ জন এছ.ডি.আৰ.এফ. (SDRF) কৰ্মীসহ দুখন নাও আৰু শিৱসাগৰ জিলাত ৭ জন
অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ২৫ জুলাই তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনে ৫০ টা বিশেষ সাহায্য কিট যোগান ধৰে, যাৰ প্ৰত্যেকটোতে চাউল, মচুৰ দাইল, নিমখ আৰু সৰিয়হৰ তেল আছিল। এইসমূহ ভাৰতীয় বায়ু সেনাই শিৱসাগৰৰ নাজিৰা আৰু শিৱসাগৰৰ বানপীড়িত অঞ্চলসমূহত আকাশৰ পৰা এয়াৰ ড্ৰপ কৰা হয়।একেদৰে কাইলৈও বিমানযোগে সাহায্য বিতৰণ প্ৰক্রিয়া অব্যাহত থাকিব।জনস্বাস্থ্য কাৰিকৰী বিভাগ (PHED), ডিব্ৰুগড়ে চৰাইদেউৰ জনস্বাস্থ্য কাৰিকৰী বিভাগক ৩৪,০০০ টা 