নাহৰকটীয়া মহাবিদ্যালয়ত লোকপিয়ল ২০২৭ৰ প্ৰথম পৰ্যায়ৰ অন্তৰ্গত ‘হাউচলিস্টিং আৰু হাউজিং অপাৰেচন’ (HLO) গণনাকাৰী আৰু পৰ্যবেক্ষকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্বোধন কৰা হয়। এই তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী ২৩ জুলাইৰ পৰা ২৫ জুলাই, ২০২৬ লৈকে অনুষ্ঠিত হ’ব।লোকপিয়ল ২০২৭ৰ প্ৰথম পৰ্যায়ৰ হাউচলিস্টিং আৰু হাউজিং অপাৰেচন কাৰ্যসূচী সঠিক আৰু সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে গণনাকাৰী আৰু পৰ্যবেক্ষকসকলক আৱশ্যকীয় জ্ঞান আৰু ব্যৱহাৰিক দক্ষতাৰে সমৃদ্ধ কৰাটোৱেই এই প্ৰশিক্ষণৰ মুখ্য উদ্দেশ্য। ডিব্ৰুগড় জিলাৰ বিভিন্ন নিৰ্ধাৰিত প্ৰশিক্ষণ কেন্দ্ৰসমূহত পৰ্যায়ক্ৰমে অনুৰূপ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব।অসম লোকপিয়ল সঞ্চালকালয়ৰ সঞ্চালক বিশ্বজিৎ পেগুৱে এই উদ্বোধনী প্ৰশিক্ষণ সত্ৰত অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰীসকলক উদ্দেশ্যি বক্তব্য ৰাখি তেওঁ গণনা প্ৰক্ৰিয়াৰ সময়ত নিখুঁততা, নিৰপেক্ষতা আৰু নিৰ্ধাৰিত লোকপিয়লৰ দিশ-নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লোকপিয়ল ২০২৭ সফলতাৰে সম্পন্ন কৰাৰ ক্ষেত্ৰত গণনাকাৰী আৰু পৰ্যবেক্ষকসকলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথাও তেওঁ উল্লেখ কৰে।উদ্বোধনী অনুষ্ঠানত নাহৰকটীয়াৰ সমজিলা আয়ুক্ত বিৰাজ বৰুৱা; অতিৰিক্ত জিলা আয়ুক্ত তথা জিলা লোকপিয়ল বিষয়া জাহ্নৱী গোস্বামীৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।আগন্তুক দিনবোৰত জিলাখনৰ বিভিন্ন নিৰ্ধাৰিত প্ৰশিক্ষণ স্থানসমূহত অব্যাহত থাকিবলগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনে সকলো আৱশ্যকীয় ব্যৱস্থা গ্ৰহণ কৰিছে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.