টুপামাৰীত শিহৰণকাৰী কাণ্ড
ব্লেডেৰে ডিঙি ৰেপি আত্মহত্যাৰ প্ৰচেষ্টা যুৱকৰ
নগৰবেৰা,২৩জুলাই:
কামৰূপৰ ছমৰীয়া সমষ্টিৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত ১ নং টুপামাৰী গাঁৱৰ নওসাদ আলীৰ পুত্ৰ হাছানুৰ ৰহমানে নিজৰ ডিঙিত নিজেই ৰেপি আত্মহত্যাৰ চেষ্টা চলোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে | যুৱকজন মানসিক বিকাৰগ্ৰস্ত বুলি জানিব পৰা গৈছে। যুৱকজনে নিজেই ব্লেডেৰে নিজৰ ডিঙি ৰেপি আত্মহত্যাৰ চেষ্টা চলায় যদিও পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰায়।যুৱকজনক প্ৰাথমিক চিকিৎসা কৰাৰ অন্তত অতি সংকটজনক হোৱাত মূমূৰ্ষ অৱস্থাত চিকিৎসকে জিএমচিএইচ লৈ প্ৰেৰণ কৰে। উল্লেখযে টুপামাৰী স্বাস্থ্য কেন্দ্ৰত এখনো চৰকাৰী এম্বুলেঞ্চ নথকাৰ ফলত প্ৰায় এঘণ্টা সময় পাছতহে যুৱকজনক এখন ব্যক্তিগত বাহনেৰে জিএমচিএইচ লৈ প্ৰেৰণ কৰা হয়।
