ডিব্ৰুগড়ৰ মোহনাঘাট টিংখাং ভঙাআলিত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ আতংক!
খহনীয়াৰ পৰা পৰিত্ৰাণৰ আশাৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত পূজা-অৰ্চনা
চাইন অন ডেস্ক,২১জুলাই:
ডিব্ৰুগড় মহানগৰৰ মাজমজিয়াৰ পৰা কিছু নিলগৰ মোহনাঘাট টিংখাং ভঙাআলি অঞ্চলত পুনৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ শংকাত নৈপৰীয়া ৰাইজৰ মাজত যথেষ্ট আতংক আৰু উদ্বেগৰ সৃষ্টি কৰিছে। বছৰ বছৰ ধৰি ঘৰ-বাৰী, ভেটি-মাটি আৰু শ-শ বিঘা উৰ্বৰ কৃষিভূমি নদীগৰ্ভত বিলীন হোৱাৰ বেদনাদায়ক অভিজ্ঞতাৰ মাজতে এইবাৰ খহনীয়াৰ পৰা পৰিত্ৰাণ লাভৰ আশাৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত বিশেষ পূজা-অৰ্চনাৰ আয়োজন কৰে স্থানীয় ৰাইজে।পুৱাৰে পৰা শতাধিক পুৰুষ-মহিলা, জ্যেষ্ঠ নাগৰিক আৰু যুৱক-যুৱতীয়ে নদীৰ পাৰত সমবেত হৈ বৈদিক নিয়ম-নীতি অনুসৰি পূজা-অৰ্চনা সম্পন্ন কৰে। পূজাৰ অন্তত অনুষ্ঠিত হয় নাম-কীৰ্তন। ভক্তিময় পৰিৱেশৰ মাজতে মাহ-প্ৰসাদ, তামোল-পানৰ টোপোলা, ফল-মূল আৰু বিভিন্ন নৈবেদ্য আগবঢ়াই মহাবাহু ব্ৰহ্মপুত্ৰৰ ওচৰত অঞ্চলটোৰ সুৰক্ষা আৰু খহনীয়াৰ পৰা পৰিত্ৰাণৰ বাবে প্ৰাৰ্থনা জনায় উপস্থিত ভক্তসকলে।পূজাৰ এক বিশেষ আকৰ্ষণ আছিল কলগছৰ সহায়ত নিৰ্মাণ কৰা এখন প্ৰতীকী ভূঁৰ ব্ৰহ্মপুত্ৰত উটাই দিয়া। এই
আধ্যাত্মিক পৰম্পৰাৰ জৰিয়তে খহনীয়াৰ কবলত পৰা পৰিয়ালসমূহৰ মংগল, শান্তি, সুৰক্ষা আৰু অঞ্চলখনক প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা কৰাৰ বাবে ঈশ্বৰৰ আশীৰ্বাদ কামনা কৰে স্থানীয় ৰাইজে।
উল্লেখ্য যে, বিগত প্ৰায় পাঁচ দশক ধৰি ব্ৰহ্মপুত্ৰৰ অব্যাহত খহনীয়াই মোহনাঘাট টিংখাং ভঙাআলি অঞ্চলত ব্যাপক ধ্বংসযজ্ঞ সংঘটিত কৰি আহিছে। শ-শ বিঘা কৃষিভূমি নদীগৰ্ভত বিলীন হোৱাৰ লগতে বহু পৰিয়ালে নিজৰ ভেটি-মাটি, বাসগৃহ আৰু জীৱিকাৰ মূল সম্বল হেৰুৱাই কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে।বৰ্তমান জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ বাবে বিভিন্ন সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰি কাম অব্যাহত ৰাখিছে। তথাপিও শেহতীয়াকৈ পুনৰ খহনীয়াৰ তীব্ৰতাই অঞ্চলবাসীৰ মাজত অনিশ্চয়তা আৰু আতংকৰ সৃষ্টি কৰিছে। সেই পৰিপ্ৰেক্ষিততে প্ৰকৃতিৰ এই প্ৰচণ্ড শক্তিৰ পৰা পৰিত্ৰাণৰ আশাৰে স্থানীয় ৰাইজে ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক আঁকোৱালি লৈ এই বিশেষ পূজা-অৰ্চনাৰ আয়োজন কৰে।
উল্লেখ্য যে বিগত বৰ্ষত তেতিয়াৰ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই মহানগৰখনৰ পূজা ঘাটত খহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়ত উপস্থিত হৈ এছিয়ান ডেভেলপমেন্ট বেংক (এডিবি)ৰ বিত্তীয় সাহায্যত মহানগৰখনৰ মাইজানৰ পৰা মোহনাঘাটলৈ অব্যাহত থকা খহনীয়া প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে কেইবাখনো আঁচনিৰ বিপৰীতে প্ৰায় ৩০০ কোটি টকাৰ আবণ্টন দিয়া বুলি মন্তব্য কৰিছিল। লগতে তেওঁ খহনীয়া নিয়ন্ত্ৰণ কৰিব পৰা যাব বুলিও উল্লেখ কৰিছিল। কিন্তু শ শ কোটি আবণ্টন দিয়াৰ পাচতো আজিৰ তাৰিখতো ডিব্ৰুগড়ত বিধ্বংসী খহনীয়া অব্যাহত থকাটো উদ্বেগজনক হৈ পৰিছে।খহনীয়াৰ বিধ্বংসী ৰূপ প্রত্যক্ষ কৰি দিশহাৰা ৰাইজে এতিয়া আগলি কলপাতত চাকি-বন্তি, ধূপ-ধূনা জ্বলাই কষ্ট মহাবাহু ব্রহ্মহ্মপুত্রক তুষ্ট কৰিবলৈ পূজা-অর্চনা কৰা দেখা গৈছে।
Like this:
Like Loading...