...

পথ মেৰামতিৰ গুৰুত্ব নাই জনপ্ৰতিনিধিৰ!

পথ মেৰামতিৰ গুৰুত্ব নাই জনপ্ৰতিনিধিৰ!

সোণতলী বজাৰৰ মহচৰা সংযোগী পথৰ জৰাজীৰ্ণৰূপ

সোণতলী,১৯ জুলাইঃ

ৰাজ্য চৰকাৰে গ্ৰামাঞ্চলৰ বাট-পথ উন্নয়ণৰ ক্ষেত্ৰত যিমানেই গুৰুত্ব নিদিয়ে কিয় আজিও গ্ৰাম্যঞ্চলৰ বহু বাট-পথ জৰাজীৰ্ণ ৰূপত দেখা গৈছে।চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ দীৰ্ঘদিনীয়া অন্ধ-বধিৰ মনোভাৱক ধিক্কাৰ দি অৱশেষত নিজৰ যাতায়াতৰ সুৰক্ষা বিচাৰি ৰাজপথলৈ ওলাই আহিল শ-শ ৰাইজে।ছমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলীত আজি মৰণফান্দ সদৃশ পথ নিৰ্মাণ আৰু জৰুৰী মেৰামতিৰ দাবীত একাংশ ভুক্তভোগী ৰাইজে উত্তাল প্ৰতিবাদ সাৱস্থ্য কৰে। জানিব পৰা মতে,সোণতলীৰ মাহতলী বজাৰ ঈদগাহৰ পৰা পূব ম’হচৰা পকী দলংলৈ যোৱা একমাত্ৰ সংযোগকাৰী মূল পথটো বৰ্তমান সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে। স্থানীয় প্ৰতিবাদকাৰী ৰাইজে অভিযোগ কৰা মতে, পথটো প্ৰায় পাঁচ বছৰ পূৰ্বে চৰকাৰী আঁচনিৰ জৰিয়তে পকীকৰণ কৰা হৈছিল। কিন্তু নিৰ্মাণ কাৰ্যত জড়িত থকা একাংশ লোভী ঠিকাদাৰে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে নিৰ্মাণৰ কিছুদিন পিছৰে পৰাই পথচোৱা জহি-খহি যাবলৈ ধৰে। বৰ্তমান এই পথটোৰ পথালিপাৰা গাঁৱৰ ফজৰ আলীৰ ঘৰৰ পৰা পূৱ মহচৰা দলংলৈ যোৱা প্ৰায় ১ কিলোমিটাৰ পথৰ অৱস্থা ইমানেই শোচনীয় যে ইয়াৰ ওপৰেৰে গাড়ী-মটৰ চলাচল কৰাটো দূৰৰে কথা, সাধাৰণ পথচাৰীয়ে খোজকাঢ়ি যোৱাটোও অসম্ভৱ হৈ পৰিছে। উল্লেখযোগ্য যে, এই গুৰুত্বপূৰ্ণ পথচোৱাৰ ওপৰত নিৰ্ভৰ কৰি পথালিপাৰা, সোণতলী সত্ৰ, চাউৰদিয়া, চুবুৰীয়া জিলা চেঙা সমষ্টিৰ দক্ষিণ প্ৰান্তৰ মহচৰা, কাছুমাৰা আদি কৰি প্ৰায় ২০ খন গাঁৱৰ হাজাৰ হাজাৰ ৰাইজে দৈনিক মৰণক শৰণ দি জীৱন-জীৱিকাৰ তাগিদাত যাতায়াত কৰিবলগীয়া হৈছে। বৰ্তমান বাৰিষাৰ দিনত এই ১ কিঃমিঃ পথচোৱা বোকা আৰু একাঠু পানীত বিলীন হৈ পৰিছে। পথৰ মাজতে সৃষ্টি হৈছে পুখুৰী সদৃশ ডাঙৰ ডাঙৰ দ গাঁত। এই কদৰ্যময় বাটেৰে দৈনিক যাতায়াত কৰোঁতে স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ পথচাৰীসকল যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে। বাট-পথৰ এনে ভয়াৱহ অৱস্থাৰ বাবে অঞ্চলটোৰ জৰুৰী ৰোগী বা কোনো প্ৰসূতি মাতৃক হস্পিটাললৈ নিবৰ বাবে স্বাস্থ্য বিভাগৰ ১০৮ এম্বুলেঞ্চ বা কোনো ৪ চকীয়া বাহন সোমাব নোৱাৰে। সময়মতে চিকিৎসা নাপাই বহু ৰোগীয়ে চৰম জীয়াতু ভুগিবলগীয়া হয়। প্ৰতিবাদকাৰী ৰাইজে আক্ষেপ প্ৰকাশ কৰি কয়,আমি বাৰে বাৰে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় বিধায়কক পথটো নিৰ্মাণ কৰিবলৈ আবেদন জনাইছে যদিও সুফল পোৱা নাই। আনকি সংবাদ মাধ্যমত ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন কৰাৰ পিছতো আজিলৈকে কোনো ৰজাঘৰীয়া বা জনপ্ৰতিনিধিৰ চকুত পৰা নাই। অৱশেষত উপায়ন্তৰ হৈ আজি ৰাইজে আমাক পথ নিৰ্মাণ কৰি দিয়ক,জনগণৰ সমস্যা সমাধান কৰক, চৰকাৰ জাগক ৰাস্তা বনাওঁক,আমাৰ দাবী ন্যায্য দাবী, জৰুৰী চিকিৎসাৰ বাবে ভাল ৰাস্তা বনাওঁক,ঠিকাদাৰৰ দালালি নচলিব” আদি বিভিন্ন শ্লোগানেৰে আকাশ-বতাহ কঁপাই তোলে। স্থানীয় ৰাইজে অতি সোণকালে এই সমগ্ৰ পথচোৱা উচ্চমানদণ্ডেৰে পুনৰ নিৰ্মাণ কৰিবলৈ চৰকাৰ আৰু লোক নিৰ্মাণ বিভাগৰ ওচৰত জৰুৰী হস্তক্ষেপৰ তীব্ৰ দাবী উত্থাপন কৰিছে। অন্যথা অনাগত দিনত ইয়াতকৈও ভয়ংকৰ গণ-আন্দোলন গঢ়ি তোলা হ’ব বুলি ক্ষুব্ধ ৰাইজে সকীয়নি প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *