ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ উদ্যোগ
ভোলানাথ কলাক্ষেত্ৰৰ সহযোগত সত্ৰীয়া নৃত্য আৰু অংকীয়া নাটৰ কৰ্মশালা
চাইন অন ডেস্ক,১৮জুলাই:
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ উদ্যোগত আৰু ভোলানাথ কলাক্ষেত্ৰৰ সহযোগত সত্ৰীয়া নৃত্য আৰু অংকীয়া নাটৰ কৰ্মশালা। কৰ্মশালাত অংশগ্ৰহণ কৰা শিক্ষাৰ্থীসকলৰ অংকীয়া নাট ‘কেলি গোপাল’ মঞ্চস্থ। নাটখনৰ মনোমোহা অভিনয়, সংগীত আৰু পৰম্পৰাগত উপস্থাপনে উপস্থিত দৰ্শকক আপ্লুত কৰি তোলে।

সামৰণি অনুষ্ঠানৰ জৰিয়তে অসমৰ বৈষ্ণৱ সংস্কৃতি সংৰক্ষণ আৰু নতুন প্ৰজন্মৰ মাজত ইয়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ বাবে আহ্বান জনোৱা হয়।