চাইবাৰ অপৰাধী চক্ৰৰ মানচিত্ৰত ধুবুৰী!
অপৰাধী চক্ৰৰ সৈতে জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ দুই মোবাইল চিম বিতৰক!
ধবুৰী,১৭জুলাইঃ
ম’বাইল চিম কাৰ্ড সক্ৰিয় কৰাৰ অজুহাতত সাধাৰণ গ্ৰাহকৰ পৰা কেৱাইচিৰ প্ৰয়োজনীয়তাৰ গইনা লৈ লোৱা গুৰুত্বপূর্ণ নথিপত্ৰৰ তথ্যেৰে অবৈধ ভাবে আহৰণ কৰা চিম কাৰ্ড গোপনে চাইবাৰ ক্ৰাইম চক্ৰলৈ গোপনে যোগান ধৰাৰ অভিযোগত ধুবুৰীত দুজনকৈ লোক গ্ৰেপ্তাৰ হোৱা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, শেহতীয়াকৈ আৰ্থিক জালিয়াতি, ফিছিং আদি বিভিন্ন অ’নলাইন জালিয়াতিৰ ঘটনাই দেশ তথা ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়ত ভাৰত-বাংলাদেশ সীমামূৰীয়া ধুবুৰীও সেই অপৰাধৰ এক বিন্দু বুলি উন্মোচিত হোৱাৰ ঘটনা এক উদ্বেগজনক বিষয় ৰূপেই কিন্তু উঠি আহিছে। জানিব পৰা মতে, ভাৰত চৰকাৰৰ
টেলিকম বিভাগে (Department of Telecommunications) ধুবুৰীৰ ডিআৰ টেলি চাৰ্ভিছ আৰু পাখী এন্টাৰপ্ৰাইজ নামৰ দুটা মোবাইল চিম বিতৰকৰ প্ৰতিষ্ঠানৰ জৰিয়তে দেশজুৰি সেৱা আগবঢ়োৱা ব্যক্তিগত খণ্ডৰ এটা মোবাইল অ’পাৰেটৰৰ ৪৫ টা চিম্ জালিয়াতিৰে সক্ৰিয় কৰা হোৱা বুলি সন্দেহ কৰিছিল। বিষয়টো অসম আৰক্ষীৰ শীৰ্ষ মহলক অৱগত কৰাৰ পিছত ধুবুৰীৰ জেষ্ঠ্য আৰক্ষী অধীক্ষকৰ নিৰ্দেশত বিষয়টো লৈ গোপনে তদন্ত আৰম্ভ কৰিছিল ধুবুৰী আৰক্ষীৰ এটা বিশেষ দলে। তদন্তত ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ধৰ্মশালা অঞ্চলৰ আতোৱাৰ ৰহমান আৰু ধুবুৰী চহৰৰ নুৰ ইছলামে নামৰ দুই চিম বিতৰকে চাইবাৰ ক্ৰাইম অপৰাধী চক্ৰৰ সৈতে এক গোপন সম্পৰ্ক স্থাপনৰ ভয়াৱহ তথ্য উন্মোচিত হৈছিল। জানিব পৰা মতে, প্ৰাথমিক তদন্তৰ অন্তত ধুবুৰী এএমকো ৰোড বজাৰ নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভা জ্যোতি ৰাভাই দাখিল কৰা এক অভিযোগৰ ভিত্তিত ৰুজু হোৱা এক এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল দুয়োকে। জানিব পৰা মতে আৰক্ষীৰ এটা দলে চলোৱা এক বিশেষ অভিযানত ধৃত দুজনৰ পৰা উদ্ধাৰ হৈছিল দুটাকৈ মোবাইল ফোন আৰু একাধিক চিম কাৰ্ড। । অৱশ্যে তদন্তৰ স্বাৰ্থত ধুবুৰী আৰক্ষী একো সদৰি কৰাৰ পৰা বিৰত আছে যদিও প্ৰাৰম্ভিক ডিজিটেল ফৰেনছিক পৰীক্ষাত ধৃত দ্বয়ৰ মোবাইলত গুৰুত্বপূৰ্ণ ডিজিটাল ক্লু’ উদ্ধাৰ হোৱা বুলি প্ৰকাশ। আগলৈ গৈ সমগ্ৰ ঘটনাটোৰ সৈতে অইন কেইবাজনৰ নাম সাঙোৰ খোৱাৰো সম্ভাবনা প্ৰকট হৈ পৰা বুলিও জানিব পৰা গৈছে। উল্লেখ্য যে, যোৱাকালি আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতৰ নিৰ্দেশনুসৰি দুয়োকে পুনৰ নিজৰ জিম্মালৈ লৈছে আৰক্ষীয়ে।
Like this:
Like Loading...