...

পিএম-অজেয় আঁচনিৰ অধীনত

পিএম-অজেয় আঁচনিৰ অধীনত

ডিব্ৰুগড়ত অনুসূচিত জাতিৰ হিতাধিকাৰীক আৰ্থিক সাহায্য বিতৰণ

চাইন অন ডেস্ক,৯জুলাই:

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, ডিব্ৰুগড়ৰ উদ্যোগত আজি ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ‘প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনা’ৰ অধীনত হিতাধিকাৰীসকলক অনুদান-সাহায্য বিতৰণৰ এক আনুষ্ঠানিক কাৰ্যসূচী অনুষ্ঠিত হয়।
এই অনুষ্ঠানত মুঠ ১১৩ টা আত্ম সহায়ক গোটক আৰু ৫৩ গৰাকী আত্ম সহায়ক গোটৰ হিতাধিকাৰীক আৰ্থিক সাহায্য প্ৰদান কৰা হয়। অনুষ্ঠানটোত ডিব্ৰুগড় জিলা পৰিষদৰ সভানেত্ৰী পুষ্পঞ্জলি সোণোৱাল, জিলা আয়ুক্ত বিক্ৰম কৈৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিপু কুমাৰ ডেকাৰ লগতে বন বিভাগ, কৃষি বিভাগ, পশুপালন আৰু পশু চিকিৎসা বিভাগ, জলসিঞ্চন বিভাগৰ বিষয়াসকল আৰু এ এছ আৰ এল এমৰ জিলা প্ৰকল্প পৰিচালক অনিন্দ্য গোপাল ভূঞা উপস্থিত থাকে।অনুসূচিত জাতিৰ জনগোষ্ঠীসমূহৰ বহনক্ষম জীৱিকা, আত্মনিয়োগ, দক্ষতা বিকাশ আৰু আৰ্থ-সামাজিক সবলীকৰণৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ অংশ হিচাপে এই আঁচনি ৰূপায়ণ কৰা হৈছে। এই পদক্ষেপৰ মূল লক্ষ্য হৈছে হিতাধিকাৰীসকলক আয় সৃষ্টিকাৰী কাম-কাজত উৎসাহিত কৰি তেওঁলোকৰ জীৱনৰ মান উন্নত কৰা।ইতিমধ্যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান ডিব্ৰুগড় জিলাৰ তত্বাৱধানত সেই নিৰ্দিষ্ট আত্ম সহায়ক গোট আৰু গোটৰ সদস্যা সকলক বিভিন্ন জীৱিকা উত্তৰণৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *