...

ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়াত ডিব্ৰুগড়!

ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়াত ডিব্ৰুগড়!

মোহনাঘাটত তীব্ৰ আতংক, ক্ষয়-ক্ষতি ৰোধৰ বাবে প্ৰশাসনৰ তৎপৰতা

চাকি-বন্তি, ধূপ-ধূনা জ্বলাই মহাবাহু ব্রহ্মহ্মপুত্রক তুষ্ট কৰিবলৈ পূজা-অর্চনা

চাইন অন ডেস্ক,৮জুলাই:

ডিব্ৰুগড়ত মহাবাহু ব্ৰহ্মপুত্ৰই লৈছে ভয়ংকৰ ৰূপ।ডিব্ৰুগড় মহানগৰৰ কাষেদি প্ৰবাহিত হোৱা ব্ৰহ্মপুত্ৰ নদীৰ আকস্মিক আৰু ভয়াৱহ খহনীয়াই ডিব্ৰুগড়ৰ মোহনাঘাট অঞ্চলৰ নদীপৰীয়া গাঁওসমূহত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে।কালি মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতে নদীখনৰ এটা ৯০ মিটাৰ দৈৰ্ঘ্যৰ অংশৰ প্ৰায় ৮০ মিটাৰ ভূমি খহনীয়াই উটুৱাই লৈ যায়।মোহনাঘাটৰ পৰা কিছু ভটিয়নিত টিংখাং ভঙা আলিত কালি বিয়লি ৫ বজাৰ পৰা নিশা ৯ বজাৰ ভিতৰত এই খহনীয়া তীব্ৰ ৰূপত দেখা দিয়ে। যাৰ ফলত ক্ষিপ্ৰতাৰে হোৱা ভূমিস্খলনৰ বাবে স্থানীয় বাসিন্দাসকল আতংকিত হৈ পৰে। নদীৰ পাৰৰ একেবাৰে ওচৰত বাস কৰা গাঁৱৰ ৰাইজে নদীৰ এনে প্ৰলয়ংকাৰী ৰূপ দেখি ভয়ত বিতত হৈ পৰে।কিয়নো সেই সময়ত কেবল চপৰা-চপৰকৈ নৈৰ গৰা খহি পৰিছিল।জিলা কৰ্তৃপক্ষই এই সন্দৰ্ভত ক্ষিপ্ৰতাৰে সঁহাৰি জনায় আৰু ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ তথা জৰুৰীকালীন প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ উক্ত স্থানলৈ বিষয়া-কৰ্মচাৰী আৰু যন্ত্ৰপাতি প্ৰেৰণ কৰে। পানী যোগান তথা জলসম্পদ বিভাগে প্ৰভাৱিত অঞ্চলটোলৈ নাওঁ মোতায়েন কৰে আৰু অধিক খহনীয়া ৰোধ কৰাৰ লগতে দুৰ্বল হৈ পৰা মথাউৰিটো শক্তিশালী কৰাৰ উদ্দেশ্যে নদীখনত বালি আৰু পলসেৰে ভৰ্তি জিঅ’ বেগ পেলাবলৈ আৰম্ভ কৰে।ডিব্ৰুগড়ৰ অতিৰিক্ত জিলা আয়ুক্ত দেৱ নাৰায়ণ হাজৰিকাই,ব্যক্তিগতভাৱে এই প্ৰতিৰোধ কাৰ্যৰ তদাৰক কৰি আজি সাংবাদিকৰ আগত কয় যে বৰ্তমান পৰিস্থিতিৰ যথেষ্ট উন্নত হৈছে।অতিৰিক্ত জিলা আয়ুক্ত হাজৰিকাই কয়, ‘খহনীয়া এতিয়া প্ৰায় নিয়ন্ত্ৰণলৈ আহিছে। আমাৰ দলসমূহে নিশাটোৰ ভিতৰতে

জিঅ’ বেগেৰে মথাউৰিটো শক্তিশালী কৰাৰ বাবে কাম কৰিলে আৰু বৰ্তমান পৰিস্থিতি কালি সন্ধিয়াতকৈ বহু পৰিমাণে সুস্থিৰ।’
এই আকস্মিক খহনীয়াৰ সম্ভাব্য কাৰণ বাখ্যা কৰি হাজৰিকাই কয় যে শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ সময়ত নদীৰ তলিত হোৱা প্ৰভাৱৰ সৈতে এই পৰিঘটনাটো জড়িত হৈ আছে।
তেওঁ কয়, “শেহতীয়া বানৰ সময়ত, নদীৰ তীব্ৰ সোঁতে মথাউৰিৰ তলৰ অংশত আঘাত কৰিছিল, যাৰ ফলত উপৰিভাগ ঠিক থকা যেন লাগিলেও ভিতৰি ভিতৰি ই ফোঁপোলা হৈ পৰিছিল। যেতিয়া পানীৰ স্তৰ হ্ৰাস পাবলৈ আৰম্ভ কৰিলে, তৰংগৰ অন্তৰ্নিহিত সোঁতে এই দুৰ্বল ভেটিটো টানি লৈ গ’ল আৰু কোনো আধাৰ নোহোৱা হোৱা বাবে ওপৰৰ মথাউৰিটো সহজতেই নদীত খহি পৰিল। ইয়াৰ বাবেই অতি কম সময়ৰ ভিতৰতে এনে ক্ষিপ্ৰ আৰু ব্যাপক খহনীয়াৰ সৃষ্টি হ’ল।তেওঁ লগতে জনায় যে জলসম্পদ বিভাগে আগন্তুক দিনবোৰত এই স্থানত তীক্ষ্ণ নজৰ ৰাখিব আৰু যদিহে খহনীয়া পুনৰ আৰম্ভ হয়, তেন্তে তাৰ বাবে অতিৰিক্ত জিঅ’ বেগ সাজু কৰি ৰখা হৈছে।আনহাতেদি স্থানীয় ৰাইজে অভিযোগ কৰামতে যথাসময়ত উচিত পদক্ষেপ গ্রহণ নকৰা বাবেই মথাউৰিটো এতিয়া ভাবুকিৰ সন্মুখীন হৈছে। এই বিধ্বংসী খহনীয়া তৎকালে প্রতিৰোধ নহ’লে কাষৰীয়া ডেৰ শতাধিক গাঁও ভীষণভাৱে ক্ষতিগ্রস্ত হোৱাৰ লগতে মহানগৰখনৰ প্ৰতিও সংকট নামি আহিব। উক্ত অঞ্চলটোত খহনীয়া প্ৰতিৰোধৰ ঠিকা লাভ কৰা ঠিকাদাৰ-বিভাগীয় অভিযন্তা-বিষয়া আৰু মহৰি সকলোৰে গাফিলতিৰ বাবে আজি ৰাইজ অভাৱনীয় সংকটৰ সম্মুখীন হৈছে। স্থানীয় ৰাইজে আৰু জনোবামতে এবছৰ ধৰি লেহেমীয়া গতিৰে কাম চলি আছে। স্থানীয় বিধায়ক আহিলেহে বিভাগে তৎপৰতা দেখুৱায়। নহ’লে তেওঁলোকে কামেই নকৰে। অঞ্চলত বহু খালী জিঅ’বেগ পেলাই থৈছে। এতিয়া তেওঁলোকে জিঅ’বেগত বালি ভৰাই নদীত পেলালেও একো লাভ নহ’ব। ঠিকাদাৰ আৰু বিভাগীয় বিষয়া-অভিযন্তাৰ গাফিলতিৰ বিৰুদ্ধে তেওঁলোকে আইনী ব্যৱস্থা গ্রহণ কৰাৰো হুংকাৰ দিয়ে ৰাইজে। উল্লেখ্য যে বিগত বৰ্ষত তেতিয়াৰ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই মহানগৰখনৰ পূজা ঘাটত খহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়ত উপস্থিত হৈ এছিয়ান

ডেভেলপমেন্ট বেংক (এডিবি)ৰ বিত্তীয় সাহায্যত মহানগৰখনৰ মাইজানৰ পৰা মোহনাঘাটলৈ অব্যাহত থকা খহনীয়া প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে কেইবাখনো আঁচনিৰ বিপৰীতে প্ৰায় ৩০০ কোটি টকাৰ আবণ্টন দিয়া বুলি মন্তব্য কৰিছিল। লগতে তেওঁ খহনীয়া নিয়ন্ত্ৰণ কৰিব পৰা যাব বুলিও উল্লেখ কৰিছিল। কিন্তু শ শ কোটি আবণ্টন দিয়াৰ পাচতো আজিৰ তাৰিখতো ডিব্ৰুগড়ত বিধ্বংসী খহনীয়া অব্যাহত থকাটো উদ্বেগজনক হৈ পৰিছে।খহনীয়াৰ বিধ্বংসী ৰূপ প্রত্যক্ষ কৰি দিশহাৰা ৰাইজে সন্ধিয়া আগলি কলপাতত চাকি-বন্তি, ধূপ-ধূনা জ্বলাই কষ্ট মহাবাহু ব্রহ্মহ্মপুত্রক তুষ্ট কৰিবলৈ পূজা-অর্চনা কৰা দেখা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *