...

মদনমোহন গোসাঁই থান সত্ৰত চুৰিকাণ্ড

মদনমোহন গোসাঁই থান সত্ৰত চুৰিকাণ্ড

তিনি লক্ষাধিক টকাৰ কাঁহ-পিতলৰ সামগ্ৰী লুট

চিচি কেমেৰাও নিলে উঠাই

সৰুপেটা,৮জুলাই:

ভৱানীপুৰৰ নিকটৱৰ্তী ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী মদনমোহন গোসাঁই থান সত্ৰত যোৱা নিশা সংঘটিত হয় এক ভয়াবহ চুৰিকাণ্ড।উল্লেখ্য যে- নিশাৰ ভাগত চোৰে শ্ৰীশ্ৰী মদনমোহন গোসাঁই থান সত্ৰৰ মণিকূটৰ আৰু কাৰ্যালয়ৰ দৰ্জাৰ তলা ভাঙি চোৰে প্ৰৱেশ কৰি বিভিন্ন সামগ্ৰী লুট কৰে।তদুপৰি সত্ৰত থকা চিচি কেমেৰাৰ হাৰডিক্স,কেমেৰাবোৰো উঠাই নিয়ে চোৰে। শ্ৰীশ্ৰী মদনমোহন গোসাঁই থান সত্ৰ পৰিচালনা সমিতিৰ সভাপতি নাগেশ কুমাৰ বৈশ্যই জানিবলৈ দিয়ে যে- সত্ৰখনৰ মণিকূটৰ দৰ্জাৰ তলা ভাঙি ভিতৰত থকা একশখনৰো অধিক কাহ আৰু পিতলৰ শৰাই,পুৰণি শৰাইবোৰৰ কিছু কিছু অংশৰ লগতে কাহ-পিটলৰ বহু মূল্যৱান সামগ্ৰী চোৰে লুটি নিয়ে।আনহাতে মণিকুট আৰু সত্ৰৰ মূল ভৱনত থকা গুণমালা, নামঘোষা,কীৰ্তন ঘোষা আদি বিভিন্ন ধৰ্মীয় গ্ৰন্থবোৰ চোৰে ফালি চিঙি থৈ যায়।তদুপৰি সত্ৰৰ কাৰ্যালয়ৰ পৰাও কাহ-পিটলৰ বাচন-বৰ্তনকে ধৰি বিভিন্ন সামগ্ৰী চোৰে লুট কৰাৰ লগতে নতি পত্ৰ লণ্ড-ভণ্ড কৰে।তিনি লক্ষাধিক টকাৰ মূল্যবান সামগ্ৰী তোলে চুৰি কৰি হৈ যায়।
উল্লেখ্য যে- আজি পুৱাৰ ভাগত শ্ৰীশ্ৰী মদনমোহন গোসাঁই থান সত্ৰত আৰক্ষী প্ৰশাসনে উপস্থিত হৈ সত্ৰৰ চুৰিকাণ্ডস্থলী পৰিদৰ্শন কৰে।সত্ৰ পৰিচালনা সমিতিৰ সভাপতি নাগেশ বৈশ্যই শ্ৰীশ্ৰী মদনমোহন গোসাঁই থান সত্ৰ এলেকাত টাৱাৰ লাইট স্থাপন কৰাৰ লগতে অঞ্চলটোত আৰক্ষীৰ পেট্ৰ’লিঙৰ ব্যৱস্থা জোৰদাৰ কৰি তোলাৰ দাবী জনাইছে সত্ৰ পৰিচালনা সমিতিৰ সভাপতি নাগেশ কুমাৰ বৈশ্যৰ লগতে অন্যান্য বিষয়ববীয়া সকলে।আৰক্ষী প্ৰশাসনে চুৰিকাণ্ডৰ ওপৰত জোৰদাৰ তদন্তৰে চোৰ কৰায়ত্ত কৰাৰো দাবী জনাইছে।উল্লেখ্য যে- বাংলীপাৰাৰ শ্ৰীশ্ৰী মদনমোহন গোসাঁই থান সত্ৰত পূৰ্বে কেবাবাৰো চুৰি কাৰ্য সংঘটিত হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *