...

লাহোৱাল মিনি ষ্টেডিয়াম নিৰ্মাণৰ নামত ভয়ংকৰ জালিয়াতিৰ অভিযোগ

লাহোৱাল মিনি ষ্টেডিয়াম নিৰ্মাণৰ নামত ভয়ংকৰ জালিয়াতিৰ অভিযোগ

প্ৰায় ১৩ কোটি টকাৰে নিৰ্মিত ষ্টেডিয়ামৰ ৫০ শতাংশ কাম সঠিক আৰু নিখুঁতভাৱে নিৰ্মাণ হোৱা নাই!

চাইন অন ডেস্ক,৮জুলাই:

ডিব্ৰুগড়ৰ লাহোৱাল মিনি ষ্টেডিয়াম নিৰ্মাণৰ নামত ভয়ংকৰ জালিয়াতিৰ তথ্য পোহৰলৈ আহিছে । গ্ৰাম্য খেলুৱৈসকলক উপযুক্ত পৰিৱেশ প্ৰদান কৰা আৰু উৎকৰ্ষ সাধনৰ উদ্দেশ্যৰে অসম চৰকাৰৰ ক্ৰীড়া আঁচনিৰ অধীনত মুঠ ১২ কোটি ৩২ লাখ ৫৪ হাজাৰ টকাৰে নিৰ্মাণ হোৱা ষ্টেডিয়ামখনৰ ৫০শতাংশ কামও সঠিক আৰু নিখুঁতভাৱে নিৰ্মাণ হোৱা নাই বুলি লাহোৱাল ক্ৰীড়া সন্থাই আজি লাহোৱালৰ গ্ৰাম্য ষ্টেডিয়ামৰ চৌহদত এখনি সংবাদমেল অনুষ্ঠিত কৰি গুৰুতৰ অভিযোগ উত্থাপন কৰে। ২০২৩ চনৰ পৰা চন্দন গগৈ নামৰ এজন ঠিকাদাৰে নিৰ্মাণ কৰা এই ষ্টেডিয়ামখন নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ক হস্তান্তৰ কৰিব বাবে ঠিকাদাৰজনে কূটকৌশল আৰম্ভ কৰিছে যদিও লাহোৱাল ক্ৰীড়া সন্থাৰ সবল প্ৰতিবাদৰ বাবে সেইয়াৰ সম্ভৱ কৰি তুলিব পৰা নাই ঠিকাদাৰজনে । ষ্টেডিয়ামখনত ৩৫ লাখ টকা টাইলচৰ অনিয়ম, ১২ লাখ ফল চিলিং, ৱাল পুটিং, একজিট ৰাস্তা, ফেন্সিং, গছপুলি ৰূপন, ৬০ টা ফ্লাড লাইট, ৪০ টা ষ্ট্ৰীট লাইট, ব্যামগাৰ, ৪ হাজাৰ লিটাৰ পানীৰ টেংকি, খিড়িকী, দৰ্জা আদি শিতানত ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে ব্যাপক অনিয়ম সংঘটিত কৰি চৰকাৰী ধন হৰলুকি কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে লাহোৱাল ক্ৰীড়া সন্থাই। উদ্বোধনৰ পূৰ্বেই ষ্টেডিয়ামখনৰ পকী ৱাল, বাৰাণ্ডা, টয়লেট, বিদ্যুত পৰিবাহী তাঁৰ আদিত চিৰাল ফাঁট মেলিছে। ইতিমধ্যে লাহোৱাল ক্ৰীড়া সন্থাই সমগ্ৰ ষ্টেডিয়ামখনৰ নিৰ্মাণৰ ভিতৰচৰাত সংঘটিত হোৱা এই ভংয়কৰ জালিয়াতিৰ সৰ্ম্পকত এক উচ্চস্তৰীয় তদন্ত সমিতিৰ গঠন কৰি ৰাইজ আৰু খেলুৱৈসকলক ন্যায় প্ৰদান কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে। হাজাৰ হাজাৰ গ্ৰাম্য খেলুৱৈসকলৰ সোণোৱালী ভৱিষ্যত ধ্বংস কৰা এইসকল ঠিকাদাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ লাহোৱাল ক্ৰীড়া সন্থাই দাবী জনাইছে। লগতে ডিব্ৰুগড়ৰ লোকনিৰ্মাণ বিভাগৰ অভিযন্তাসকলৰ ওপৰতো তদন্ত হব লাগে বুলি দাবী উত্থাপন কৰে। আজি সংবাদমেলত লাহোৱাল ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি লক্ষ্যধৰ চেতিয়া,উপ-সভাপতি সত্যেন্দ্ৰ কোঁৱৰ, সম্পাদক দিব্যজ্যোতি দত্ত, সহকাৰী সম্পাদক পজন্ত গগৈ, এথলেটিক্স সম্পাদক নৱজিৎ কোঁৱৰ, সহকাৰী সম্পাদক কুশল কোঁৱৰ, কাৰ্যনিৰ্বাহক সদস্য অন্নপূৰ্ণা নাথকে ধৰি কেইবাগৰাকী বিষয়-ববীয়াই অংশগ্ৰহণ কৰে।বিগত পাঁচ বছৰ ধৰি হাবি জংঘলৰে ভৰি থকা ষ্টেডিয়ামখন আজিকোপতি খেলুৱৈ বাবে মুকলি কৰি দিব নোৱাৰা বাবে অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *