...

জকাই খামটিঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ গণিত আৰু সংহত বিজ্ঞানগাৰ`

জকাই খামটিঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ গণিত আৰু সংহত বিজ্ঞানগাৰ

লগতে তিনি আঁচনি উদ্বোধন বিধায়ক চক্ৰধৰ গগৈৰ

চাইন অন ডেস্ক,১জুলাই:

ডিব্ৰুগড় জিলাৰ নৱগঠিত খোৱাং সমষ্টিৰ অন্তৰ্গত জকাই গাওঁ অঞ্চলৰ অন্যতম শিক্ষানুষ্ঠান জকাই খামটিঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমগ্ৰ শিক্ষা অভিযানৰ পূজিঁৰে নিৰ্মাণ কৰা গণিত আৰু বিজ্ঞানাগাৰ, ৰান্ধনী শাল, প্ৰস্তাৱগাৰ আৰু স্নানাগাৰ কক্ষ কালি খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে উদ্বোধন কৰে। উল্লেখ যে সমগ্ৰ শিক্ষা অভিযানৰ ২০২৪-২০২৫বৰ্ষৰ ৪ লাখ টকাপূজিঁৰে নিৰ্মাণ কৰা ৰান্ধনী শাল, ৩ লাখ টকা পূজিঁৰে নিৰ্মাণ হৈ উঠা প্ৰস্বাৱগাৰ ও স্নানাগাৰ কক্ষৰ উপৰিও সমগ্ৰ শিক্ষা অভিযানৰ ২৫/২৬ বৰ্ষৰ পূজিঁৰে নিৰ্মাণ হৈ উঠা গণিত ওসংহত বিজ্ঞান আৰু বিজ্ঞানাগাৰ উদ্ধোধন কৰি খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে সাম্প্ৰতিক সময়ত শিক্ষাৰ সমগ্ৰ শিক্ষা অভিযানৰ জৰিয়তে শিক্ষা উত্তৰণ তথা উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা আৰু অসমৰ বি জে পি মিত্ৰজোঁটৰ চৰকাৰে গ্ৰহণ কৰা শৈক্ষিক উত্তৰণৰ পদক্ষেপৰ বাবেই খোৱাং সমষ্টিৰ জকাই খামটিঘাট উচ্চ মাধ্যমিক বিদ্যালয়ত গণিত ওসংহত বিজ্ঞান আৰু বিজ্ঞানাগাৰ নিৰ্মাণ হৈছে আৰু ভৱিষ্যতৰ দিনত শৈক্ষিক বিকাশৰ বাবে অপৰিহাৰ্য হিচাপে অৰিহনা যোগাবলৈ সক্ষম হব, আৰু উক্ত সমগ্ৰ শিক্ষা অভিযানৰ আঁচনিৰ অধীনত নিৰ্মাণ হৈ উঠা ৰান্ধনী শালখনে খাদ্য ৰন্ধাৰ ক্ষেত্ৰত সুবিধা প্ৰদান আৰু প্ৰস্বাৰগাৰ আৰু স্নানাগাৰ কক্ষই ছাত্ৰ ছাত্ৰী সকলক পৰিষ্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত উপকৃত কৰিব বুলি প্ৰকাশ কৰে।জকাই খামটিঘাট উচ্চ মাধ্যমিক বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি নোমল গগৈৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত সমগ্ৰ শিক্ষা অভিযানৰ আঁচনি উদ্বোধন কৰি দিয়া নিজৰ ভাষণত বিধায়ক চক্ৰধৰ গগৈয়ে জকাই খামটি ঘাট উচ্চ মাধ্যমিক বিদ্যালয় খন উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীতকৰণ , উক্ত বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন, শৈক্ষিক বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত খোৱাং সমষ্টিৰ বিধায়ক হিচাপে অসম চৰকাৰৰ আবন্টিত আচঁনিৰ দ্বাৰা পদক্ষেপ গ্ৰহণ কৰিব বুলি বক্তব্য আগবঢ়ায়। জকাই খামটিঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰূদ্ৰেশ্বৰ সোণোৱালে আতঁধৰা সভাখন পৰিচালনা কৰাৰ ক্ষেত্ৰত সহকাৰী শিক্ষক মণ্টু গগৈয়ে সহযোগিতা আগবঢ়ায় আৰু সভাত উক্ত বিদ্যালয়ৰ সহকাৰী শিক্ষক শিক্ষয়িত্ৰী সকলে আতিথ্য আপ্যায়নকে ধৰি কাৰ্যসূচীত সেৱা আগবঢ়ায়।জকাই খামটিঘাট উচ্চ মাধ্যমিক বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি নোমল গগৈয়ে আদৰণি ভাষণত উক্ত বিদ্যালয়ৰ ভৱিষ্যতৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত সমগ্ৰ শিক্ষা অভিযানৰ জৰিয়তে আবন্টিত আচঁনিয়ে শৈক্ষিক চাহিদা পূৰণ কৰিব বুলি প্ৰকাশ কৰি আঁচনি উদ্ধোধন কৰি শৈক্ষিক বিকাশৰ বাবে অপৰিহাৰ্য পদক্ষেপ গ্ৰহণ কৰাৰ বাবে বিধায়ক চক্ৰধৰ গগৈক ধন্যবাদ জ্ঞাপন কৰে। সভাত বি জে পি ৰাজ্যিক জনজাতি মৰ্চাৰ সদস্য তথা যুৱনেতা নবীন মিলি, জকাই খামটি ঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অপৰাজিতা কোঁৱৰ সহকাৰী শিক্ষক হেমন্ত কোঁৱৰ, মনোৰঞ্জন কুৰ্মি, দেৱজ্যোতি কোঁৱৰ, অভিমন্যু ভৰালী প্ৰমুখ্যে শিক্ষক কৰ্মচাৰী, বি জে পি বৰবৰুৱা মণ্ডলৰ জনজাতি মৰ্চাৰ সভাপতি পদ্মধৰ সোণোৱাল আৰু দলীয় কৰ্মকৰ্তা সকলৰ উপৰিও ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰে। আনহাতে কালিৰে পৰা গ্ৰীষ্মকালীন বিদ্যালয় বন্ধ উপলক্ষে ছাত্ৰ ছাত্ৰী সকলৰ মাজত গীত মাতৰ এটি আড়ম্বৰ পূৰ্ণ অনুষ্ঠান অনুষ্ঠিত কৰে । সভাত জকাই খামটি ঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিয়ে বিধায়ক গৰাকীক তিনিটা প্ৰস্তাৱ গ্ৰহণ কৰা এখন আবেদন প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *