ডিব্ৰুগড়ত একেদিনাই ১২ বাগিচাত পথ নিৰ্মাণৰ আধাৰশিলা মন্ত্ৰী প্ৰশান্ত ফুকনৰ
চাইন অন ডেক্স,১এপ্ৰিলঃ পঞ্চায়ত নিৰ্বাচন সমাগত।সেয়ে পুজি নিৰ্দ্ধাৰিত কৰি ৰখা পথ সমূহৰ নিৰ্মাণৰ আধাৰশিলা কৰে মন্ত্ৰী প্ৰশান্ত ফুকনে।ৰাজ্যৰ শক্তি, মেডিকেল শিক্ষা, দক্ষতা বিকাশ আদি বিভাগৰ মন্ত্ৰী তথা ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্রশান্ত ফুকনে পৰহি গৃহ সমষ্টিৰ অধীনস্থ ১২ খন চাহ বাগিচাত নতুন পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।
ৰাজ্য চৰকাৰৰ গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অধীনত এই পথসমূহ নিৰ্মাণ কৰা হ’ব। মন্ত্ৰীগৰাকীয়ে আধাৰশিলা স্থাপন কৰা পথসমূহ আৰু তাৰ বিপৰীতে ধাৰ্য কৰা ধনৰ পৰিমাণ হৈছে ক্রমে- মানকটা চাহ বাগিচা ১.০০৭ কিঃ মিঃ দৈৰ্ঘ্যৰ পথৰ বাবে ১০০ লাখ, খনিকৰ বাগিচাৰ ১.১৬ কিঃ মিঃ দৈৰ্ঘ্যৰ পথৰ বাবে ১০০ লাখ, কবীৰ বাগিচাৰ ১.২৪৮ কিঃ মিঃ দৈৰ্ঘ্যৰ পথৰ বাবে ৯৯.৯৯ লাখ, বকপৰা বাগিচাৰ ১.৪৩৫ কিঃ মিঃ দৈৰ্ঘ্যৰ পথৰ বাবে ৯৯.৯৪ লাখ, মোহনবাৰী বাগিচাৰ ১.৩৭৫ কিঃ মিঃ দৈৰ্ঘ্যৰ পথৰ বাবে ৯৯.৯৯ লাখ, মনোহাৰী বাগিচাৰ ১.৩৭৫ কিঃ মিঃ দৈৰ্ঘ্যৰ পথৰ বাবে ১০০ লাখ, গ্রীনউড চাহ বাগিচাৰ ১.৫০ কিঃ মিঃ দৈৰ্ঘ্যৰ পথৰ বাবে ১০০ লাখ, মথলা বাগিচাৰ ১.৩৭ কিঃ মিঃ দৈৰ্ঘ্যৰ পথৰ বাবে ১০০ লাখ, মাইজান বাগিচাৰ ১.৪৫ কিঃ মিঃ দৈৰ্ঘ্যৰ পথৰ বাবে ১০০ লাখ আৰু দক্ষিণ জালান নগৰ বাগিচাৰ ১.১৮০ কিঃ মিঃ দৈৰ্ঘ্যৰ পথৰ বাবে ১০০ লাখ আৰু জালান নগৰ বাগিচাৰ ১.২৮ কিঃ মিঃ দৈৰ্ঘ্যৰ পথৰ বাবে ৯৯.৯৯ লাখ।
উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত ডিব্ৰুগড় সমষ্টিত নতুনকৈ বহুকেইখন চাহ বাগিচা আৰু পঞ্চায়ত অন্তর্ভুক্ত হৈছে। তদুপৰি সমাগত পঞ্চায়ত নিৰ্বাচনৰ আগে আগে গৃহ সমষ্টিত মন্ত্ৰী ফুকনৰ এই তৎপৰতা লক্ষণীয় হৈ পৰিছে। লোকনির্মাণ (পথ) বিভাগৰ লাহোৱাল, খোৱাং-টিংখাং কেন্দ্ৰীয় পথ সংমণ্ডলৰ অধীনত উক্ত পথসমূহ নির্মাণ হ’ব।