...

ছিছিৰি নদীৰ দ্বীপত আবদ্ধ চাৰি মাছমৰীয়া

ছিছিৰি নদীৰ দ্বীপত আবদ্ধ চাৰি মাছমৰীয়া

শ্বাসৰুদ্ধকৰ অভিযানত উদ্ধাৰ

চাইন অন ডেস্ক,৩০জুন :

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ল’ৱাৰ দিবাং ভেলী জিলাৰ ডাম্বুকৰ নিলগৰ ছিছিৰি নদীৰ মাজৰ এখন দ্বীপত দেওবাৰে নিশাৰ পৰা আবদ্ধ হৈ থকা চাৰিজন মাছমৰীয়াক সোমবাৰে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ), ভাৰতীয় বায়ুসেনা, জিলা প্ৰশাসন, স্থানীয় ৰাফটিং দল আৰু আন সংশ্লিষ্ট সংস্থাৰ সমন্বিত উদ্ধাৰ অভিযানত নিৰাপদে উদ্ধাৰ কৰা হয়।
উদ্ধাৰ হোৱা লোককেইজন হৈছে ৰেমি গাঁৱৰ গেৰাম লেগো আৰু ডাম্বুক অঞ্চলৰ টাপাট/য়াপগো গাঁৱৰ আবোম টায়েং, মাকছাম পেৰটিন আৰু মিতোম বৰাং। জীৱিকাৰ বাবে পৰম্পৰাগতভাৱে মাছ ধৰিবলৈ দেওবাৰে নদীত নামিছিল চাৰিওজনে। কিন্তু অবিৰত বৰষুণৰ

ফলত ছিছিৰি নদীৰ জলস্তৰ আকস্মিকভাৱে বৃদ্ধি পোৱাত তেওঁলোক নদীৰ মাজৰ এখন দ্বীপত আবদ্ধ হৈ পৰে। প্ৰবল সোঁত, অব্যাহত বৰষুণ আৰু দুৰ্বল বতৰৰ বাবে দেওবাৰে নিশাই উদ্ধাৰ অভিযান চলোৱা সম্ভৱ নহোৱাত তেওঁলোকক দ্বীপটোতেই ৰাতিটো কটাবলগীয়া হয়।
সোমবাৰে পুৱা ডাম্বুক সমষ্টিৰ বিধায়ক পুইন্যো আপুম আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তত্বাৱধানত বৃহৎ পৰিসৰত উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়। অভিযানত এনডিআৰএফৰ উদ্ধাৰকাৰী দল, জাকটুম নটকোৰ স্থানীয় ৰাফটিং দল, দুৰ্গম অঞ্চলত যাতায়াতৰ বাবে হাতী আৰু উদ্ধাৰ হোৱা লোককেইজনক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিবলৈ ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰ নিয়োজিত কৰা হয়। বহু ঘণ্টাৰ প্ৰচেষ্টাৰ অন্তত চাৰিওজনকে সুস্থ অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দল।
উদ্ধাৰ অভিযান সফল হোৱাৰ পিছত বিধায়ক পুইন্যো আপুমে অভিযানত জড়িত সকলো সংস্থা, উদ্ধাৰকাৰী দল আৰু স্বেচ্ছাসেৱকক ধন্যবাদ জ্ঞাপন কৰে। লগতে বাৰিষাৰ সময়ছোৱাত নদীত নামি মাছ ধৰা বা আন কামত জড়িত নহ’বলৈ আহ্বান জনাই তেওঁ জনসাধাৰণক সতৰ্কতা অৱলম্বন কৰিবলৈ অনুৰোধ জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *