...

মাত্ৰ ৬০ ছেকেণ্ডৰ ভিডিঅ’!

মাত্ৰ ৬০ ছেকেণ্ডৰ ভিডিঅ’!

তাৰ পাছত দিল্লীলৈ তলব!
ধৃতিৰাজ চমুৱাৰ এনে কি হল ?

 

চাইন অন ডেস্ক,৩০জুন:

এক ঐতিহাসিক ক্ষণৰ সাক্ষী কৰি কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত বেজেৰাৰ নিকটৱৰ্তী শৰাইঘাট গাঁৱৰ প্ৰতিভাৱান ছাত্ৰ ধৃতিৰাজ চমুৱাই ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ সন্মিলন ২০২৬ ত অংশগ্ৰহণ কৰি ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। নতুন দিল্লীৰ ভাৰতৰত্ন চি সুব্ৰমনিয়াম প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ সন্মিলনত ধৃতিৰাজ চমুৱাক প্ৰদান কৰা হয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰেষ্ঠ বঁটা। কটন বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী শেষ কৰা এইগৰাকী প্ৰতিভাৱান ছাত্ৰ ধৃতিৰাজ চমুৱাক অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভাগীয় মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত কেন্দ্ৰীয় গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানে বটা প্ৰদান কৰি ভূয়সী প্ৰশংসা কৰে। উল্লেখ্য যে কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত এক ভিডিঅ’/ৰীল প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ অধীনত দেশত ৰূপায়ণ হৈ থকা চৰকাৰী আচঁনি সমূহৰ প্ৰচাৰৰ উদ্দেশ্যে আয়োজন কৰা হৈছিল ৬০ ছেকেণ্ডৰ ভিডিঅ’ প্ৰতিযোগিতা।এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ধৃতিৰাজ চমুৱাই দেশৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়। দেশৰ কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী আৰু প্ৰতিখন ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভাগীয় মন্ত্ৰী সকলৰ উপস্থিতি অনুষ্ঠিত ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ সন্মিলনৰ অন্তিম দিনা ভিডিঅ’/ৰীল প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰা ধৃতিৰাজ চমুৱাক বটা প্ৰদান কৰে কেন্দ্ৰীয় গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানে। সামাজিক মাধ্যমৰ জৰিয়তে সম্প্ৰতি যুৱ প্ৰজন্মৰ মাজত অধিক জনপ্ৰিয় হৈ পৰা এইগৰাকী ধৃতিৰাজ চমুৱাই ২০২৫ চনৰ জানুৱাৰী মাহত অসমক প্ৰতিনিধিত্ব কৰি প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰত কাৰ্যসূচীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত নাৰী সৱলীকৰণ বিষয়ে যুক্তিপূৰ্ণ ভাবে ইংৰাজীত ভাষন প্ৰদান কৰি আন এক দক্ষতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *