শান্তিপাৰা পূজা পথত ভয়ংকৰ ঘটনা আৰক্ষীৰ ৰিভলভাৰ কাঢ়ি লোৱাৰ অপচেষ্টা!
চাইন অন ডেস্ক,২৯জুনঃ

প্ৰাপ্ত তথ্য অনুসৰি, শান্তিপাৰা পূজা পথত অৱস্থিত আজিজুন হক (জিয়াউল হকৰ পত্নী) নামৰ এগৰাকী মহিলাৰ এটি বাসগৃহত বিগত ১৭ বছৰ ধৰি বিহাৰৰ ওম প্ৰকাশ গুপ্তাৰ পৰিয়ালটোৱে ভাড়াতীয়া হিচাপে বসবাস কৰি আহিছিল। বিগত দুবছৰ ধৰি মাটি-ঘৰৰ সকলো বৈধ নথিপত্ৰ, জামাবন্দী আদি আজিজুন হকৰ নামত থকাৰ পাছতো ভাড়াতীয়া পৰিয়ালটোৱে উক্ত ঘৰটো খালি কৰিবলৈ অস্বীকাৰ কৰি আহিছিল। অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি থকাৰ সুযোগ লৈ পৰিয়ালটোৱে ঘৰটো আৰু মাটিখিনি অবৈধভাৱে নিজৰ দখললৈ নিবলৈ চক্ৰান্ত চলাইছিল। ভুক্তভোগী আজীজুন হকে নিজৰ সম্পত্তি উদ্ধাৰৰ বাবে আদালতৰ কাষ চাপে। আদালতৰ পৰা ঘৰটো বেদখলমুক্ত কৰাৰ বাবে জাৰি হোৱা নিৰ্দেশৰ ভিত্তিত আজি আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ভাড়াতীয়া পৰিয়ালটোক ঘৰৰ পৰা ওলাই আহিবলৈ বাৰে বাৰে আহ্বান জনায় যদিও তেওঁলোকে সেই নিৰ্দেশ উলংঘা কৰি ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে হেঁচা প্ৰয়োগ কৰাৰ লগে লগে ক্ষিপ্ত হৈ পৰে ওম প্ৰকাশ গুপ্তাৰ পত্নী আৰু তেওঁৰ তিনিগৰাকী কন্যা। কোনো ধৰণৰ ভয় নকৰাকৈ মহিলা আৰক্ষীৰ দলটোৰ ওপৰত তেওঁলোকে শাৰীৰিক আক্ৰমণ চলায়। অভিযোগ মতে, আক্ৰমণকাৰীসকলে এগৰাকী মহিলা আৰক্ষী বিষয়াৰ ডিঙিৰ বেটচ টানি পেলাই দিয়াৰ লগতে তেওঁৰ চৰকাৰী ৰিভলভাৰটো কাঢ়ি ল’বলৈ চেষ্টা চলায়। ইমানতে ক্ষান্ত নাথাকি ভাড়াতীয়া মহিলাগৰাকী আৰু তেওঁৰ কন্যাই মহিলা আৰক্ষীৰ পোছাকৰ অংশও চিঙি পেলায় আৰু অশালীন আচৰণ কৰে। ঘটনাস্থলীত উপস্থিত হোৱা অতিৰিক্ত আৰক্ষীৰ দলে পৰিস্থিতি কোনোমতে নিয়ন্ত্ৰণলৈ আনে। ভুক্তভোগী আজীজুন হকৰ অভিযোগ অনুসৰি, তেওঁৰ সম্পত্তি জোৰ-জবৰদস্তি দখল কৰি থকাৰ লগতে আইন ৰক্ষাকাৰী বাহিনীৰ ওপৰত কৰা এই আক্ৰমণ অত্যন্ত নিন্দনীয়। বৰ্তমান এই ঘটনা সন্দৰ্ভত ভাড়াতীয়া পৰিয়ালটোৰ বিৰুদ্ধে আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ ওপৰত হাত তোলাৰ দৰে গুৰুতৰ অভিযোগত জড়িতসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে। এই ঘটনাক লৈ বৰ্তমান শান্তিপাৰা অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আইনক অমান্য কৰি চৰকাৰী কৰ্তব্যত বাধা প্ৰদান কৰা আৰু আৰক্ষীক আক্ৰমণ কৰা কাৰ্যক সকলোৱে গৰিহণা দিছে।