...

ডিব্ৰুগড়ত ই-অট’ চলাচলত প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা

ডিব্ৰুগড়ত ই-অট’ চলাচলত প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা

নিৰ্ধাৰিত সময়ত পঞ্জীয়ন নকৰিলে মহানগৰত প্ৰৱেশ নিষিদ্ধ

ডিব্ৰুগড়, ২৬ জুনঃ

ডিব্ৰুগড় মহানগৰত ক্ৰমবৰ্ধমান যান-জঁট আৰু দুৰ্ঘটনাৰ আশংকালৈ লক্ষ্য ৰাখি ডিব্ৰুগড় জিলা প্ৰশাসনে ই-অট’ চলাচলৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে শুকুৰবাৰে জাৰি কৰা এক নিৰ্দেশনা মৰ্মে এতিয়াৰে পৰা ডিব্ৰুগড় পৌৰনিগম এলেকা আৰু অসম চিকিৎসা মহাবিদ্যালয় চৌহদত কেৱল পঞ্জীয়নভুক্ত ই-অট’হে চলাচল কৰিব পাৰিব। পঞ্জীয়নবিহীন ই-অট’ৰ চলাচল মহানগৰখনত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।

প্ৰশাসনৰ তৰফৰ পৰা জনোৱা অনুসৰি, বৰ্তমান মানকটা পথৰ ৰে’লৱে অভাৰব্ৰীজৰ নিৰ্মাণকাৰ্য চলি থকাৰ লগতে অতি শীঘ্ৰে আমোলাপট্টি ফ্লাইঅভাৰৰ নিৰ্মাণকাৰ্যও আৰম্ভ হ’ব। ইয়াৰ ফলত মহানগৰখনত ব্যাপক যান-জঁটৰ সৃষ্টি হোৱাৰ লগতে দুৰ্ঘটনাৰ সম্ভাৱনা বৃদ্ধি পাইছে। ইয়াৰ উপৰিও মহানগৰখনৰ পথৰ ধাৰণ ক্ষমতাতকৈ লঘু যান-বাহন আৰু ই-অট’ৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। এই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰু উচ্চতম ন্যায়ালয়ৰ পথ নিৰাপত্তা সম্পৰ্কীয় নিৰ্দেশনাৱলী ৰূপায়ণৰ উদ্দেশ্যে যোৱা ১০ জুনত অনুষ্ঠিত আঞ্চলিক পৰিবহন কৰ্তৃপক্ষৰ বৈঠকত ই-অট’সমূহ নিয়ন্ত্ৰণ কৰাৰ সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

জিলা আয়ুক্তই জাৰি কৰা নিৰ্দেশনা অনুসৰি ডিব্ৰুগড় পৌৰসভা আৰু পৌৰসভাৰ সীমাৰ পৰা ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পঞ্জীয়নভুক্ত ঠিকনা থকা ই-অট’সমূহকহে DMC আৰু AMCH এলেকাত চলাচলৰ অনুমতি দিয়া হ’ব। অহা ২৯ জুন, ২০২৬-ৰ পৰা ৪ জুলাই, ২০২৬-ৰ ভিতৰত সকলো ই-অট’ মালিকে ডিব্ৰুগড় পৌৰসভাত নিজৰ বাহনৰ পঞ্জীয়ন কৰিব লাগিব। এজন মালিকৰ নামত কেৱল এখন ই-অট’ৰহে অনুমোদন দিয়া হ’ব। পঞ্জীয়নৰ সুবিধাৰ্থে কাৰ্যালয়ৰ সময়ত ডিব্ৰুগড় পৌৰনিগমৰ কাৰ্যালয়, মুৰুলীধৰ জালান বাছ আস্থান (MJBT) চৌহদ, ASTC চৌহদ আৰু জিলা পৰিবহন বিষয়াৰ (DTO) কাৰ্যালয়ত বিশেষ পঞ্জীয়ন শিবিৰ স্থাপন কৰা হ’ব।পঞ্জীয়নৰ বাবে বাহনৰ নম্বৰ, মালিক আৰু চালকৰ ঠিকনাসহ আধাৰ কাৰ্ড (দুকপীকৈ) আৰু চালকৰ অনুজ্ঞাপত্ৰ (Driving License), তথা বাহনখন সাধাৰণতে চাৰ্জ কৰা স্থানৰ সবিশেষ তথ্য জমা দিব লাগিব। জিলা প্ৰশাসনে স্পষ্ট কৰি দিছে যে এই পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ বিনামূলীয়া হ’ব আৰু পৌৰসভাই ইয়াৰ বাবে কোনো মাচুল ল’ব নোৱাৰিব। অহা ৬ জুলাইত পৌৰসভাই এই পঞ্জীয়নৰ বিস্তৃত প্ৰতিবেদন জমা দিব লাগিব বুলিও নিৰ্দেশনাত কোৱা হৈছে। এই পঞ্জীয়ন প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছত ই-অট’ নিয়ন্ত্ৰণ আৰু সুশৃংখল চলাচলৰ বাবে প্ৰশাসনে পৃথকে নিৰ্দেশনা জাৰি কৰিব। এই নিয়ম উলংঘা কৰা ই-অট’সমূহৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰশাসনে সকীয়াই দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *