...

ঢকুৱাখনাৰ এগৰাকী ছাত্ৰীৰ কঠোৰ জীৱন সংগ্ৰাম

ঢকুৱাখনাৰ এগৰাকী ছাত্ৰীৰ কঠোৰ জীৱন সংগ্ৰাম

 

ই-ৰিক্সা চলাই পোহপাল দিছে ৪জনীয়া পৰিয়াল

পুলকজ্যোতি বৰা,ঢকুৱাখনা,২৬ জুন:

ঢকুৱাখনাৰ এগৰাকী যুৱতীৰ কঠোৰ জীৱন সংগ্রাম।যুঁজাৰু মানসিকতাৰ যুৱতীগৰাকীয়ে ঘৰ চলাবলৈ বাচি ল’লে ব্যতিক্ৰমী পন্থা।হাজাৰ সপোন বুকুত লৈ ৰাজপথত ই-ৰিক্সা চলোৱা যুৱতীগৰাকী হৈ পৰিছে এতিয়া সহস্রজনৰ প্ৰেৰণা।যুৱতীগৰাকীৰ নাম ৰাজশ্ৰী বৰা।ঢকুৱাখনাৰ দেৱলীয়া গাঁৱৰ ৰাজশ্ৰী বৰা আজি অসমৰ বহু যুৱতীৰ বাবে এক প্ৰেৰণাৰ প্ৰতীক হৈ পৰিছে।হায়াৰ ছেকেণ্ডাৰীত ৮২ শতাংশ নম্বৰেৰে উৰ্ত্তীৰ্ণ হোৱা এই যুৱতীগৰাকীয়ে পিতৃৰ ৰোগ আৰু আৰ্থিক অসুবিধাৰ বাবে ঘৰ চলোৱাৰ বাবে বাছি লৈছে এটা ব্যতিক্ৰমী পথ —ৰাজপথত ই-ৰিক্সা চলোৱা।ৰক্ষণশীল সমাজ ব্যৱস্থাৰ বিভিন্ন বাধা-বিধিনি নেওচি যুৱতীগৰাকী জীৱিকাৰ বাবে দৈনিক ওলাই আহে ব্যস্ত ৰাজপথলৈ।ঢকুৱাখনাৰ দেৱলীয়া গাঁৱৰ বাসিন্দা পিতৃ মনোজ বৰা আৰু মাতৃ ৰুবী বৰাৰ কন্যা ৰাজশ্ৰী। পিতৃ ৰুগীয়া হোৱাৰ বাবে চাৰিজনীয়া পৰিয়ালটো চলোৱাৰ দায়িত্ব পৰিছে তেওঁৰ কান্ধত।ঘৰতে থকা ই-ৰিক্সাখন লৈ তেওঁ নামি পৰিছে ৰাজপথত। প্ৰায় ছমাহ ধৰি ই-ৰিক্সা চলাই তেওঁ কেৱল পৰিয়াল চলোৱাই নহয়, ৰুগীয়া দেউতাকৰ চিকিৎসাও চলাই আছে।
দিনটোৰ কঠোৰ পৰিশ্ৰমৰ মাজতে ৰাজশ্ৰীয়ে নিজৰ পঢ়া-শুনাও অব্যাহত ৰাখিছে। বৰ্তমান তেওঁ ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰী। হাজাৰ সপোন বুকুত বান্ধি এই যুৱতীগৰাকীয়ে পুৰুষৰ সমানে সমানে ৰাজপথত ই-ৰিক্সা চলাইছে।
তেওঁৰ এই সাহসিকতা আৰু সংগ্ৰামী মনোভাৱে সমগ্ৰ ঢকুৱাখনাত আলোচনাৰ বিষয় হৈ পৰিছে। ৰাজশ্ৰীৰ নাম এতিয়া সকলোৰে মুখে মুখে।তেওঁৰ এই সংগ্ৰামী যাত্ৰাক উৎসাহিত কৰিবলৈ অলপতে চুতীয়া যুৱ সন্মিলন, অসমৰ এটা সঁজাতি দলে ৰাজশ্ৰীৰ ঘৰত উপস্থিত হৈ তেওঁক সম্বৰ্ধনা জনায় আৰু দেউতাকৰ চিকিৎসাৰ বাবেও আৰ্থিক সাহাৰ্য প্ৰদান কৰে।ৰাজশ্ৰী বৰাৰ সাহসীকতা আৰু কামৰ প্ৰতি থকা আগ্ৰহে আন দহজনকো প্ৰেৰণা দিছে।সংগ্ৰাম সংঘাতৰ সৈতে যুঁজি যুঁজি মানুহে যি সাহস,
মনোবল আৰু প্ৰেৰণা লাভ কৰে সেয়া যেন প্ৰমান কৰি দেখুৱাইছে ৰাজশ্ৰী বৰাই।
তেওঁৰ এই অদম্য সাহস আৰু কৰ্মনিষ্ঠাই সহস্ৰজনক প্ৰেৰণা যোগাই আহিছে। ৰাজশ্ৰী বৰাৰ সংগ্ৰামী যাত্ৰা অব্যাহত থাকক।

Leave a Reply

Your email address will not be published. Required fields are marked *