...

এদিনীয়া জিলা পৰ্যায়ৰ অভিগমন কাৰ্যসূচী

এদিনীয়া জিলা পৰ্যায়ৰ অভিগমন কাৰ্যসূচী

চাইন অন ডেস্ক,২৫জুন:

দুৰ্যোগৰ বিপদাশংকা হ্ৰাস (Disaster Risk Reduction – DRR)ৰ বাবে সামাজিক আৰু আচৰণগত পৰিৱৰ্তন (Social and Behaviour Change – SBC) বিষয়ৰ ওপৰত এদিনীয়াকৈ অনুষ্ঠিত হোৱা জিলা পৰ্যায়ৰ অভিগমন কাৰ্যসূচী আজি ডিব্ৰুগড়ৰ ডি.আৰ.ডি.এ. (DRDA)ৰ জাগৃতি ভৱনত অনুষ্ঠিত হয়।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA) আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (DDMA), ডিব্ৰুগড়ৰ সহযোগত এই কাৰ্যসূচীৰ আয়োজন কৰে। কাৰ্যসূচীখনৰ মূল উদ্দেশ্য আছিল ফলপ্ৰসূ সামাজিক আৰু আচৰণগত পৰিৱৰ্তনৰ জৰিয়তে দুৰ্যোগৰ বিপদাশংকা হ্ৰাসকৰণৰ দিশত জনসচেতনতা, প্ৰস্তুতি আৰু সহনশীলতা শক্তিশালী কৰি তোলা।

এই অভিগমন কাৰ্যসূচীত বিষয়া আৰু অংশীদাৰসকলে দুৰ্যোগৰ প্ৰস্তুতি বৃদ্ধি, জনসাধাৰণৰ অংশগ্ৰহণ সক্ৰিয় কৰা আৰু তৃণমূল পৰ্যায়ত এক নিৰাপদ তথা সহনশীল পৰিৱেশ গঢ়ি তোলাৰ কৌশলসমূহৰ ওপৰত আলোচনা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *