ভাৰতীয় জনতা পাৰ্টি ৮৯নং খোৱাং সমষ্টিৰ অন্তৰ্গত বৰবৰুৱা, লৰুৱা আৰু খোৱাং মণ্ডলৰ উদ্যোগত যোৱা ২৩-২৪জুন তাৰিখে পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযান আৰু কৰ্মশালা সম্পন্ন হৈ যায়। উল্লেখযোগ্য যে খোৱাং সমষ্টিৰ অন্তৰ্গত বি জে পি দলীয় দায়িত্বত থকা কৰ্মকৰ্তা সকলক পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযান আৰু কৰ্মশালাত খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে সমল ব্যক্তি হিচাপে প্ৰশিক্ষণ প্ৰদান কৰে। ডিব্ৰুগড় জিলাৰ নৱগঠিত খোৱাং সমষ্টিৰ অন্তৰ্গত বি জে পি বৰবৰুৱা মণ্ডলৰ লেপেটকটা, লৰুৱা মণ্ডলৰ গৰুধৰীয়া আৰু খোৱাং মণ্ডলৰ তিলৈ গ্ৰাম্য বজাৰত বি জে পি উল্লেখিত তিনিটা মণ্ডলৰ উদ্যোগত পণ্ডিত দীনদয়াল উপাধ্যায় মহা অভিযান প্ৰশিক্ষণ তথা কৰ্মশালা অনুষ্ঠিত হৈ যায়। উক্ত মহা অভিযান প্ৰশিক্ষণ আৰু কৰ্মশালাত বি জে পি বৰবৰুৱা মণ্ডলৰ সভাপতি সীমান্ত গগৈ, খোৱাং মণ্ডলৰ সভাপতি নৱজ্যোতি কাকতি আৰু লৰুৱা মণ্ডলৰ সভাপতি মৃণাল দাসে অংশগ্ৰহণ কৰে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.