...

ডিব্ৰুগড়ৰ হোটেলত পণবন্দী বোকাখাতৰ ১৯ জন যুৱক !

ডিব্ৰুগড়ৰ হোটেলত পণবন্দী বোকাখাতৰ ১৯ জন যুৱক !

চাইন অন ডেস্ক,২৪জুনঃ

চাকৰিৰ সোণালী সপোন দেখুৱাই এজন প্ৰৱঞ্চকে বোকাখাতৰ ১৯ জনকৈ নিবনুৱা যুৱকক পেলালে বিপৰ্যয়ত। ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড চমুকৈ বিচিপিএলত চিকিউৰিটি গাৰ্ডৰ চাকৰি দিয়াৰ প্ৰলোভন দি কমাৰগাঁৱৰ কল্যাণ ভূষণ সোনোৱাল নামৰ এজন ব্যক্তিয়ে সংঘটিত কৰিলে এক নাৰকীয় প্ৰৱঞ্চনা।অভিযোগ অনুসৰি, অভিযুক্ত কল্যাণ ভূষণ সোনোৱালে বোকাখাতৰ এই ১৯ জন যুৱকৰ পৰা চিকিউৰিটি গাৰ্ডৰ পদত নিযুক্তি দিয়াৰ নামত প্ৰতিজনৰ পৰা লক্ষাধিক টকাকৈ সংগ্ৰহ কৰিছিল। যুৱকসকলক বিশ্বাসত লৈ তেওঁ ডিব্ৰুগড়লৈ লৈ আহে আৰু এখন বিলাসী হোটেলত থকাৰ ব্যৱস্থা কৰে। প্ৰায় ৭ দিন ধৰি যুৱকসকলক হোটেলত আৱদ্ধ কৰি ৰখাৰ পাছত প্ৰৱঞ্চকজনে সকলোৰে অগোচৰে হোটেলৰ পৰা পলায়ন কৰে। প্ৰৱঞ্চকজনে পলাই যোৱাৰ পাছত প্ৰকাশ পাই এক ভয়াৱহ সত্য। হোটেল কৰ্তৃপক্ষৰ প্ৰাপ্য প্ৰায় ৪০ হাজাৰ টকাৰ বিল পৰিশোধ নকৰাকৈয়ে কল্যাণ ভূষণে পলায়ন কৰাত হোটেল কৰ্তৃপক্ষই ক্ষুব্ধ হৈ পৰে। বিলৰ টকা পৰিশোধ কৰিব নোৱাৰাৰ বাবে বৰ্তমান

হোটেল কৰ্তৃপক্ষই ১৯ জন যুৱকক হোটেলৰ পৰা ওলাই যাবলৈ বাধা দিছে। ফলত একপ্ৰকাৰ পণবন্দী অৱস্থাত হোটেলৰ ভিতৰতে দিন অতিবাহিত কৰিবলগীয়া হৈছে ভুক্তভোগী যুৱকসকলে। কোনোমতে দুবেলা দুসাজ খোৱাৰ অভাৱত আৰু ঘৰৰ পৰা দূৰৈত এনেদৰে আবদ্ধ হৈ থকাৰ বাবে যুৱকসকলৰ পৰিয়ালৰ মাজতো সৃষ্টি হৈছে হাহাকাৰ। ইফালে নিজৰ সৰ্বস্ব হেৰুৱাই ডিব্ৰুগড়ৰ হোটেলত পণবন্দী হোৱা যুৱকসকলে সমগ্ৰ ঘটনাৰ বিষয়ে বোকাখাত আৰক্ষীক অৱগত কৰে। ইতিমধ্যে ভুক্তভোগীসকলে বোকাখাত থানাত প্ৰৱঞ্চক কল্যাণ ভূষণ সোনোৱালৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে। এই জঘন্য প্ৰৱঞ্চনাৰ পাছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও প্ৰৱঞ্চকজন বৰ্তমানো পলাতক অৱস্থাত আছে। ভুক্তভোগী যুৱকসকলৰ পৰিয়ালে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, তেওঁলোকে কষ্ট কৰি ধাৰ-ঋণ কৰি এই টকাসমূহ প্ৰৱঞ্চকজনক দিছিল। এতিয়া চাকৰিও নাই, ধনও নাই, বৰং ডিব্ৰুগড়ত পণবন্দী হৈ থকা অৱস্থাই যুৱকসকলক মানসিকভাৱে ভাঙি পেলাইছে। এতিয়া প্ৰশাসন তথা আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়াই হ’ব লক্ষ্যণীয়।

Leave a Reply

Your email address will not be published. Required fields are marked *