...

‘ডেফ-ফ্ৰী ভাৰত’ অভিযানৰ অধীনত বিনামূলীয়া হিয়াৰিং এইড বিতৰণ

‘ডেফ-ফ্ৰী ভাৰত’ অভিযানৰ অধীনত বিনামূলীয়া হিয়াৰিং এইড বিতৰণ

১১৯ গৰাকী শ্ৰৱণ বিসংগতিত ভোগা শিশু -ব্যক্তিক বিনামূলীয়াকৈ হিয়াৰিং এইড

চাইন অন ডেস্ক,১৮জুন:

ডিব্ৰুগড় জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত ‘ডেফ-ফ্ৰী ভাৰত’ অভিযানৰ অধীনত কণ্টেইনাৰ কৰ্পৰেশ্যন অৱ ইণ্ডিয়া লিমিটেডৰ Corporate Social Responsibility পুঁজিৰ সহায়ত দীন দয়াল শ্ৰৱণ ফাউণ্ডেশ্যনৰ সহযোগত আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ উদ্যোগত আজি ডিব্ৰুগড় জিলাৰ ১১৯ গৰাকী শ্ৰৱণ বিসংগতি বা বধিৰতা থকা কণমাণি আৰু ব্যক্তিক বিনামূলীয়াকৈ হিয়াৰিং এইড বিতৰণ কৰা হয়।
অনুষ্ঠানত ডিব্ৰুগড় সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী প্ৰশান্ত ফুকনে মুখ্য অতিথি হিচাপে উপস্থিত থাকে ।‌
ডিব্ৰুগড়ৰ পৌৰ নিগমৰ মেয়ৰ ডাঃ চৈকত পাত্ৰ ই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। ডিব্ৰুগড় জিলাৰ সহকাৰী আয়ুক্ত ৰীমা তৃষ্ণা হালৈ, ডিব্ৰুগড়ৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালিকা ডাঃ তৃষ্ণা বড়াও অনুষ্ঠানত উপস্থিত থাকে। একেদৰে,
দীন দয়াল শ্ৰৱণ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ শ্ৰী ৰেগুলা ৰমণজনেইলু আৰু সন্মানীয় উপদেষ্টা ডাঃ থোটা ভেঙ্কটা সৰ্ব ৰায়ুডুৰ লগতে ফাউণ্ডেশ্যনৰ অন্যান্য জ্যেষ্ঠ বিষয়বীয়াসকল, অসম চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ অধ্যাপক ডাঃ শ্ৰীমন্ত মাধৱ বৰুৱা, কণ্টেইনাৰ কৰ্পৰেশ্যন অৱ ইণ্ডিয়া লিমিটেডৰ প্ৰৱন্ধক ভাস্কৰ দেওৰী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা অসংক্ৰামক ৰোগৰ ৰাজ্যিক কাৰ্যসূচী বিষয়া ডাঃ ৰাহুল শৰ্মা আৰু ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যসূচীৰ ৰাজ্যিক পৰামৰ্শদাতা ডাঃ আনন্দ শৰ্মাই ৰাজ্যিক প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰে। ডিব্ৰুগড় জিলা আৰু খণ্ড পৰ্যায়ৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰ্যসূচী পৰিচালনা গোট আৰু জিলাৰ অন্যান্য স্বাস্থ্য বিষয়া-কৰ্মচাৰীসকলো এই অনুষ্ঠানত উপস্থিত থাকে। উল্লেখযোগ্য যে, ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে ভাষণ প্ৰসংগত দীন দয়াল শ্ৰৱণ ফাউণ্ডেশ্যন, কণ্টেইনাৰ কৰ্পৰেশ্যন অৱ ইণ্ডিয়া লিমিটেড আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ শ্ৰৱণ যন্ত্ৰ বিতৰণৰ এই যৌথ প্ৰচেষ্টাৰ‌ শলাগ লৈ ‘ডেফ-ফ্ৰী ভাৰতৰ লক্ষ্য বাস্তৱায়নত এই পদক্ষেপে সহায় কৰিব বুলি মন্তব্য কৰে ।

দীন দয়াল শ্ৰৱণ ফাউণ্ডেশ্যন হৈছে বধিৰ আৰু শ্ৰৱণ বিসংগতি থকা লোকৰ কল্যাণৰ বাবে কৰ্মৰত এখন ৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংস্থা। সংস্থাটোৱে দেশৰ বিভিন্ন প্ৰান্তৰ সুবিধাবঞ্চিত লোকক বিনামূলীয়া হিয়াৰিং এইড আৰু পৰামৰ্শ সেৱা আগবঢ়াই আহিছে। একেদৰে,কণ্টেইনাৰ কৰ্পৰেশ্যন অৱ ইণ্ডিয়া লিমিটেড হৈছে ভাৰত চৰকাৰৰ এটা ৰাষ্ট্ৰায়ত্ত্ব সংস্হা । সংস্থাটোৱে CSR পুঁজিৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তত স্বাস্থ্য, শিক্ষা আৰু সমাজ কল্যাণৰ কামত বৰঙণি আগবঢ়াই আহিছে। আজিৰ এই শ্ৰৱণযন্ত্ৰ বিতৰণে হিতাধিকাৰীসকলক শব্দৰ জগতখনৰ লগত পুনৰ সংযোগ স্থাপনত সহায় কৰি তেওঁলোকক স্বাবলম্বী আৰু আত্মবিশ্বাসী কৰি তুলিব বুলি বিশ্বাসী ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগ । এই যৌথ প্ৰচেষ্টাই ‘ডেফ-ফ্ৰী ডিব্ৰুগড়’ গঠনত অৰিহণা যোগায় ‘ডেফ-ফ্ৰী ভাৰত’ৰ লক্ষ্য বাস্তৱায়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশাবাদী কনক’ৰ আৰু দীন দয়াল শ্ৰৱণ ফাউণ্ডেশ্যনৰ কৰ্ম- কৰ্তা সকল ।

Leave a Reply

Your email address will not be published. Required fields are marked *