...

ক্ষতিগ্ৰস্ত পৰিয়ালক স্থায়ী নিযুক্তিৰ দাবী

ক্ষতিগ্ৰস্ত পৰিয়ালক স্থায়ী নিযুক্তিৰ দাবী

বিচিপিএল কতৃপক্ষ, জিলা প্ৰশাসনক ১০ দিনৰ সময়সীমা

চাইন অন ডেস্ক,১৮জুনঃ

প্ৰকল্পৰ বাবে ভূমি অধিগ্ৰহণৰ সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণৰ দাবীত ডিব্ৰুগড়ৰ লেপেটকটাস্থিত বিচিপিএল প্ৰকল্পৰ প্ৰৱেশদ্বাৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ‘বিচিপিএল প্ৰকল্প ক্ষতিগ্ৰস্ত কল্যাণ সমিতি’ আৰু ‘সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা’ই।মংগলবাৰে পুৱা কল্যাণ সমিতিৰ উদ্যোগত আৰু বৰবৰুৱা আঞ্চলিক সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সহযোগত এক ঘণ্টা জোৰা প্ৰতীকী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিবাদস্থলীত উপস্থিত থকা প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লোগানেৰে আকাশ-বতাহ কঁপাই তোলে আৰু প্ৰকল্প প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। উল্লেখ্য যে, প্ৰকল্পটোৰ বাবে মাটি অধিগ্ৰহণ কৰাৰ সময়ত স্থানীয় প্ৰভাৱিত পৰিয়ালসমূহক সংস্থাপন দিয়া, উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰা আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত বিভিন্ন প্ৰতিশ্ৰুতি দিয়া হৈছিল। অৱশ্যে প্ৰতিবাদকাৰীসকলৰ অভিযোগ অনুসৰি, যদিও কিছু সৰু-সুৰা কাম কাৰ্যকৰী কৰা হৈছিল, অধিকাংশ প্ৰতিশ্ৰুতি বৰ্তমানলৈকে সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱা নাই। ইয়াৰ ফলত প্ৰকল্পটোৰ কাষৰীয়া ভূমি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে ভৱিষ্যতৰ অনিশ্চয়তা আৰু বিভিন্ন সমস্যাৰ সৈতে যুঁজিবলগীয়া হৈছে। এই সন্দৰ্ভত ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বুধিন সোণোৱালে সংবাদ মাধ্যমৰ আগত কয় যে, প্ৰকল্প প্ৰতিষ্ঠাৰ সময়ৰে পৰা স্থানীয় ৰাইজে নিজৰ অধিকাৰৰ বাবে দাবী জনাই আহিছে। তেওঁলোকৰ প্ৰধান অভিযোগ হ’ল যে, জিলা প্ৰশাসন আৰু বিচিপিএল প্ৰশাসনে এই ক্ষেত্ৰত উদাসীনতা অৱলম্বন কৰি আহিছে। ছাত্ৰ নেতাগৰাকীয়ে উল্লেখ কৰে যে, তেওঁলোকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে সংশ্লিষ্ট সকলো কৰ্তৃপক্ষক এই সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান কৰিছিল যদিও কোনো ইতিবাচক সঁহাৰি পোৱা নগ’ল। সেয়েহে তেওঁলোকে যৌথভাৱে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ল’বলৈ বাধ্য হয়। ইফালে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালৰ এজনক নিয়মীয়া আৰু স্থায়ী নিযুক্তি প্ৰদান কৰা, কৰ্মৰত অৱস্থাত কোনো দুৰ্ঘটনাৰ বলি হৈ মৃত্যু হ’লে বা অৱসৰ গ্ৰহণ কৰিলে পৰিয়ালৰ এজন সদস্যক পুনৰ নিযুক্তি দিয়া, বিচিপিএল মূল গেটৰ সমীপত কল্যাণ সমিতিৰ কাৰ্যালয়ৰ বাবে স্থান আৱণ্টন কৰি স্থায়ী গৃহ নিৰ্মাণ কৰা আদি দাবীসমূহ উত্থাপন কৰে৷ প্ৰতিবাদকাৰীসকলে হুংকাৰ দি কয় যে, যদি অহা ১০ দিনৰ ভিতৰত তেওঁলোকৰ এই ন্যায়সংগত দাবীসমূহৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নহয়, তেন্তে তেওঁলোকে অধিক তীব্ৰ আৰু গণতান্ত্ৰিক আন্দোলনৰ পথ বাছি ল’বলৈ বাধ্য হ’ব। এই ক্ষেত্ৰত জিলা প্ৰশাসন আৰু বিচিপিএল প্ৰশাসনৰ দায়িত্বহীনতাৰ বাবেই পৰৱৰ্তী পৰিস্থিতিৰ বাবে তেওঁলোকেই জগৰীয়া হ’ব বুলিও সকীয়াই দিয়ে প্ৰতিবাদকাৰীসকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *