...

আত্মীয়ৰ সলনি আনৰ মৃতদেহ চিতাত ?

আত্মীয়ৰ সলনি আনৰ মৃতদেহ চিতাত ?

তাৰ পাছতেই হাহাকাৰ পৰিয়ালত!

চাইন অন ডেস্ক,১৭জুনঃ

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। চিকিৎসালয় কৰ্তৃপক্ষৰ চৰম গাফিলতিৰ বাবে এটা শোকসন্তপ্ত পৰিয়ালে নিজৰ আত্মীয়ৰ মৃতদেহৰ পৰিৱৰ্তে আন এজন অচিনাকী ব্যক্তিৰ মৃতদেহ চমজি ল’বলগীয়া হয়। মৃতদেহ সৎকাৰৰ পূৰ্বে এই ভয়ংকৰ খেলিমেলি ধৰা পৰাত সমগ্ৰ সোণাৰী অঞ্চলত তীব্র উত্তেজনাৰ সৃষ্টি হয়। প্ৰাপ্ত বাতৰি অনুসৰি, সোণাৰীৰ খামলুং চাহ বাগিচাৰ নিবাসী মনোজ বাউৰী নামৰ এজন যুৱক এক বাইক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল। তেওঁক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে যুৱকজনৰ মৃত্যু ঘটে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত চিকিৎসালয় কৰ্তৃপক্ষই পৰিয়ালৰ হাতত এটা মৃতদেহ চমজাই দিয়ে। ইফালে পৰিয়ালৰ লোকে মৃতদেহটো সোণাৰীৰ ঘৰলৈ লৈ যায়। কিন্তু সৎকাৰৰ পূৰ্বে মৃতদেহটো ভালদৰে প্ৰত্যক্ষ কৰাত আত্মীয়ৰ মাজত সন্দেহৰ সৃষ্টি হয়। তেওঁলোকে লক্ষ্য কৰে যে চিকিৎসালয়ৰ পৰা দিয়া মৃতদেহটো এজন বয়সস্থ ব্যক্তিৰহে আছিল। আনহাতে, মৃত মনোজ বাউৰীৰ বয়স আছিল মাত্ৰ ১৯-২০ বছৰ। তদুপৰি, দুৰ্ঘটনাৰ সময়ত মনোজৰ মুখমণ্ডলত থকা আঘাতৰ চিহ্নসমূহো চমজাই দিয়া মৃতদেহটোত পোৱা নগ’ল। স্থানীয় লোকে এই সন্দৰ্ভত জানিবলৈ দি কয়, আমি আমাৰ ল’ৰা মনোজৰ মুখখন চিনি পাওঁ। চিকিৎসালয়ৰ পৰা আমাক এজন বেলেগ মানুহৰ মৃতদেহ দি পঠিয়াইছে। আমাক আমাৰ ল’ৰাৰ প্ৰকৃত মৃতদেহটো লাগে। আনহাতে এই ঘটনা পোহৰলৈ অহাৰ লগে লগে খামলুং চাহ বাগিচাৰ শ শ ৰাইজ ওলাই আহে আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। চিকিৎসালয় কৰ্তৃপক্ষৰ এনে চৰম অবিবেচকী কাণ্ডক সকলোৱে ধিক্কাৰ জনাইছে। পৰিয়ালৰ লোকে অনতিপলমে মনোজ বাউৰীৰ মৃতদেহটো বিচাৰি উলিয়াবলৈ দাবী জনাইছে। বৰ্তমানলৈকে এই সন্দৰ্ভত চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ পৰা কোনো আনুষ্ঠানিক স্পষ্টীকৰণ পোৱা হোৱা নাই। এতিয়া প্ৰশ্ন হয়, ইমান এটা স্পৰ্শকাতৰ বিষয়ত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ দৰে এখন নামী চিকিৎসালয়ত কেনেকৈ মৃতদেহ সলনি হ’বলৈ পালে? নে ইয়াৰ অন্তৰালত আন কিবা ৰহস্য আছে? সেয়া তদন্তৰ বিষয়।

Leave a Reply

Your email address will not be published. Required fields are marked *