ঢকুৱাখনাত স্বেচ্ছাসেৱী সংগঠন ‘খোজ’ ৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ
ঢকুৱাখনা,১৪ জুন:
ঢকুৱাখনাৰ অগ্ৰণী বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন খোজ , ঢকুৱাখনাৰ উদ্যোগত আৰু ডিব্ৰুগড়স্থিত আদিত্য হস্পিতাল আৰু ডায়গ’নষ্টীক চেণ্টাৰৰ সহযোগত আজি
বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু ঔষধ বিতৰণৰ এক শিবিৰ অনুষ্ঠিত হয়।কাইজেন একাডেমী,ঢকুৱাখনাৰ চৌহদত পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা এই শিবিৰত
ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তৰৰ তিনি শতাধিক লোকে নিজৰ স্বাস্থ্য পৰীক্ষা কৰায় আৰু চিকিৎসকৰ নিদান গ্ৰহণ কৰে। আজিৰ শিবিৰত আদিত্য হস্পিতালৰ ডাঃ কমল বৰা, ডাঃ দৈৱত শ্বাহ , ডাঃ অকুল মুখীয়া, ডাঃ সীমান্ত কোঁৱৰ, ডাঃ চাদেকা বৰ্মণ আৰু ডাঃ প্ৰণিত শইকীয়াৰ উপৰিও ১৭ গৰাকী চিকিৎসা কৰ্মীয়ে অংশগ্ৰহণ কৰে।
আজিৰ শিবিৰত চকু ৰোগ বিশেষজ্ঞ, অস্থি ৰোগ বিশেষজ্ঞ আৰু দন্ত চিকিৎসকে ৰোগীসকলৰ স্বাস্থ্য পৰীক্ষা কৰে। চিকিৎসা শিবিৰত খোজ,ঢকুৱাখনাৰ ৰাজ কুমাৰ শৰ্মা পৃত গগৈ,মুন শৰ্মা, অলকেশ বৰা,হীৰেন ভূঞাকে ধৰি
বহুকেইজন কৰ্মী উপস্থিত থাকে।স্বেচ্ছাসেৱী সংগঠনটোৱে আগলৈও এনে জনকল্যাণমূলক কাৰ্যসূচী অব্যাহত ৰাখিব বুলি সংবাদমাধ্যমৰ আগত অৱগত কৰে।
Like this:
Like Loading...