ডিব্ৰুগড়ত যশস্বী অভিনেতা বিষ্ণু খাৰঘৰীয়ালৈ সুৰেন্দ্ৰ নাথ বৰ্মন সোঁৱৰণী জেউতি মৰল ৰত্ন বঁটা প্ৰদান
চাইন অন ডেস্ক,১৪জুন:
ডিব্ৰুগড়ৰ সামাজিক সাংস্কৃতিক আৰু ক্ৰীড়ানুষ্ঠান জেউতি মৰল সঙ্ঘ আৰু সুৰেন্দ্ৰ নাথ বৰ্মনৰ পৰিয়ালৰ যৌথ উদ্যোগত যোৱা ১৪ জুন তাৰিখে অসমৰ এগৰাকী বিশিষ্ট বলিষ্ঠ অভিনেতা বিষ্ণু খাৰঘৰীয়াক সুৰেন্দ্ৰ নাথ বৰ্মন সোঁৱৰণী জেউতি মৰল ৰত্ন বঁটাৰে সন্মানিত কৰা হয় । বঁটা প্ৰদান কৰে যথাক্ৰমে নাট্যকাৰ পৰিচালক অৱসৰপ্ৰাপ্ত অধ্যাপক মুনীন শৰ্মা, সঙ্গীতজ্ঞ প্ৰশান্ত বৰদলৈ,দাতা পৰিয়ালৰ অনিবালা বৰ্মন, জেউতি মৰল সঙ্ঘৰ সম্পাদক দেৱজিত বুঢ়াগোহাঁই,ড’ মানসপ্ৰতীম বৰ্মন আদিয়ে । বঁটা গ্ৰহণ কৰি বিশিষ্ট অভিনেতা জনে তেখেতৰ অভিনয় জীৱনৰ বহু কথা ৰোমন্থন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ।সমজোৱাৰ মাজৰ পৰা সমাজ কৰ্মী তথা লেখিকা ডঃ ভাৰতী দত্ত, নাট্যকৰ্মী জ্যোতি প্ৰকাশ ভট্টাচাৰ্য, সুৰজিৎ বৰুৱা, উত্তম বৰুৱা,কুকিল বনগঞা আদিয়ে প্ৰথিতযশা অভিনেতা জনৰ বিষয়ে চমুকৈ বক্তব্য ৰাখে । গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, নাট্য কৰ্মী দুৰ্গা বৰঠাকুৰ, ডাঃ ৰাম হাজৰিকা, সাংস্কৃতিক সাংবাদিক লেখক অমিত বৰুৱা, গীতিকাৰ মহানন্দ গগৈ ,সা্ংবাদিক প্ৰবীৰ চক্ৰৱৰ্তী, প্ৰশান্ত শইকীয়া,ফটো সাংবাদিক সৌৰভ দুৱৰা আদি উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে । উল্লেখযোগ্য যে জেউতি মৰল সঙ্ঘ আৰু সুৰেন্দ্ৰ নাথ বৰ্মন পৰিয়ালৰ যৌথ উদ্যোগত প্ৰতিবছৰে সামাজিক, সাংস্কৃতিক, সাহিত্য, চিকিৎসা,উদ্যোগ বাণিজ্য আদিত সমাজ জীৱনলৈ বিশেষ অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তি বিশেষক এই বঁটাৰে সন্মানিত কৰিবলৈ প্ৰয়াস কৰে । জেউতি মৰল সঙ্ঘৰ সভাপতি, সাংস্কৃতিক কৰ্মী মনোজ কুমাৰ বৰুৱাই আত ধৰা অনুষ্ঠানটিত সম্বৰ্ধনা পত্ৰ পাঠ কৰে ৰেডিঅ’জ্ঞানমালিনী’ৰ অনুষ্ঠান কাৰ্যবাহী স্বপ্নালী ভূঞাই । বিশিষ্ট অভিনেতা জনৰ গুণমুগ্ধ বহ দৰ্শক উপস্থিত থাকি অনুষ্ঠানটি সফল কৰি তোলাৰ বাবে জেউতি মৰল সঙ্ঘৰ সভাপতি মনোজ কুমাৰ বৰুৱা, সম্পাদক দেৱজিৎ বুঢ়াগোহাঁই,দাতা পৰিয়ালৰ সুব্ৰত বৰ্মন, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ডঃ মানস প্ৰতিম বৰ্মন আৰু দিপু বৰ্মনে সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ।
Like this:
Like Loading...