...

বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস

বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস

 

সচেতনতা,অধিকাৰ আৰু দ্বায়িত্ব

ড০ সীমান্ত বৰুৱা শিৱসাগৰ,অসম

“আজিৰ শিশু কাইলৈ এখন দেশৰ ভৱিষ্যৎ।” শিশুসকল হৈছে এখন জাতি আৰু এখন দেশৰ অমূল্য সম্পদ। সিহঁতৰ সুস্থ শাৰীৰিক, মানসিক, নৈতিক আৰু বৌদ্ধিক বিকাশৰ ওপৰত এখন দেশৰ সামগ্ৰিক উন্নয়ন নিৰ্ভৰ কৰে। শিশুৱে বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিব, খেল-ধেমালি কৰিব, সৃষ্টিশীলতাৰে নিজৰ প্ৰতিভা বিকশিত কৰিব—এইয়াই হৈছে এক সুস্থ সমাজৰ আশা। কিন্তু দুৰ্ভাগ্যজনকভাৱে বিশ্বৰ কোটি কোটি শিশুৱে আজিও দৰিদ্ৰতা, অশিক্ষা, সামাজিক বৈষম্য আৰু অৰ্থনৈতিক সংকটৰ বাবে শৈশৱৰ আনন্দৰ পৰা বঞ্চিত হৈ বিভিন্ন কঠোৰ আৰু বিপদজনক কামত নিয়োজিত হৈ আছে। এই অমানৱীয় প্ৰথাৰ বিৰুদ্ধে বিশ্বব্যাপী সজাগতা সৃষ্টি আৰু শিশু অধিকাৰ সুৰক্ষাৰ লক্ষ্যৰে প্ৰতি বছৰে ১২ জুন তাৰিখে “বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস” পালন কৰা হয়।
শিশু শ্ৰমৰ দৰে জটিল সমস্যাৰ বিৰুদ্ধে বিশ্ববাসীক সজাগ কৰাৰ উদ্দেশ্যে ২০০২ চনত আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা (আই এল অ)য়ে বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱসৰ সূচনা কৰে। ইয়াৰ পূৰ্বে ১৯৭৩ চনত আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাই “Minimum Age Convention (Convention No. 138)” গ্ৰহণ কৰি কৰ্মসংস্থাপনৰ নিম্নতম বয়স নিৰ্ধাৰণ কৰিছিল। পাছত ১৯৯৯ চনত “Worst Forms of Child Labour Convention (Convention No. 182)” গৃহীত কৰি শিশুশ্ৰমৰ আটাইতকৈ নিকৃষ্ট ৰূপসমূহ বন্ধ কৰাৰ বাবে বিশ্বজুৰি আহ্বান জনোৱা হয়।
২০০২ চনৰ পৰা প্ৰতিবছৰে ১২ জুন তাৰিখে এই দিৱস পালন কৰি শিশু শ্ৰমৰ সমস্যা, ইয়াৰ কাৰণ, পৰিণতি আৰু নিৰ্মূলৰ উপায়সমূহ সম্পৰ্কে জনসাধাৰণৰ মাজত সচেতনতা সৃষ্টি কৰা হৈছে।
শিশুৰ শিক্ষা, স্বাস্থ্য, সুৰক্ষা আৰু স্বাভাৱিক বিকাশত বাধা সৃষ্টি কৰা যিকোনো ধৰণৰ কামক শিশু শ্ৰম বোলা হয়। এনে কামত শিশুসকলক শাৰীৰিক, মানসিক অথবা নৈতিকভাৱে ক্ষতিগ্ৰস্ত হ’ব লগা হয়। সাধাৰণতে কাৰখানা আৰু উদ্যোগত কাম কৰা,
ইটাভাটা, খনি আৰু নিৰ্মাণ ক্ষেত্ৰত কাম কৰা,
চাহ বাগিচা আৰু কৃষিক্ষেত্ৰত শ্ৰম কৰা, হোটেল, ধাবা আৰু ৰেষ্টুৰেণ্টত কাম কৰা, ঘৰুৱা কৰ্মচাৰী হিচাপে নিয়োজিত হোৱা
পথৰ দোকান, গেৰেজ বা কৰ্মশালাত কাম কৰা, পেলনীয়া বস্তু সংগ্ৰহ কৰা, নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ, শিশুসৰবৰাহ, যৌন শোষণ আৰু বলপূৰ্বক ভিক্ষাবৃত্তি, সশস্ত্ৰ সংঘাতত শিশু সৈনিক হিচাপে ব্যৱহাৰ কৰা দেখা যায়।
এই শিশু শ্ৰমৰ প্ৰধান কাৰণসমূহ ভিতৰত শিশু শ্ৰমৰ মূল কাৰণ হৈছে দৰিদ্ৰতা। পৰিয়ালৰ আৰ্থিক অৱস্থা দুৰ্বল হোৱাৰ ফলত বহু পিতৃ-মাতৃয়ে সন্তানক উপাৰ্জনৰ বাবে কামত পঠিয়াবলৈ বাধ্য হয়। পিতৃ-মাতৃ শিক্ষিত নহ’লে শিশুৰ শিক্ষাৰ গুৰুত্ব উপলব্ধি নকৰে। ফলত শিশুক বিদ্যালয়লৈ পঠোৱাৰ পৰিৱৰ্তে কামত নিয়োগ কৰে।
জনসংখ্যা বৃদ্ধিৰ ফলত বৃহৎ পৰিয়াল আৰু সীমিত উপাৰ্জনে শিশুসকলক অতি কম বয়সতে কাম কৰিবলৈ বাধ্য কৰে। সস্তীয়া শ্ৰমৰ চাহিদা
বহু নিয়োগকৰ্তাই কম মজুৰিত অধিক সময় কাম কৰাব পৰা বাবে শিশুক নিয়োগ কৰা দেখা যায়। সমাজৰ পিছপৰা, জনজাতীয় আৰু দৰিদ্ৰ সম্প্ৰদায়সমূহৰ শিশুসকল অধিক শিশু শ্ৰমৰ বলি হয়। প্ৰাকৃতিক দুৰ্যোগ আৰু সংঘাত
বানপানী, খৰাং, যুদ্ধ, সংঘাত, স্থানচ্যুতি আদিৰ ফলত বহু পৰিয়াল আৰ্থিক সংকটত পৰে আৰু শিশুসকল শ্ৰমৰ জগতলৈ ঠেলি দিয়া হয়। আনহাতে মানৱ সৰবৰাহকাৰী চক্ৰই দৰিদ্ৰ পৰিয়ালৰ শিশুসকলক বিভিন্ন কামত নিয়োজিত কৰাৰ উদ্দেশ্যে অপহৰণ বা প্ৰলোভনেৰে লৈ যায় যোৱাৰ ফলত শিশুৱে শিক্ষা লাভৰ অধিকাৰ হেৰুৱায়
শিশু শ্ৰমত নিয়োজিত শিশুসকল বিদ্যালয়লৈ যাব নোৱাৰে আৰু শিক্ষাৰ পৰা বঞ্চিত হয়। বিপদ জনক কামৰ ফলত শিশুসকল বিভিন্ন ৰোগ, দুৰ্ঘটনা আৰু অপুষ্টিৰ সন্মুখীন হয়।
মানসিক বিকাশ ব্যাহত হয়
দীঘলীয়া সময় কাম, শোষণ আৰু নিৰ্যাতনৰ ফলত শিশুৰ মানসিক বিকাশ বাধাগ্ৰস্ত হয়। শৈশৱত সমনীয়াৰ লগত খেল-ধেমালি, আনন্দ আৰু সৃষ্টিশীলতাৰে ভৰা শৈশৱ শিশুশ্ৰমে কঢ়িয়াই নিয়ে। ফলত সামাজিক অপৰাধ বৃদ্ধি হয়। অশিক্ষিত আৰু বঞ্চিত শিশুসকল বহু সময়ত অপৰাধমূলক কাৰ্যকলাপ, নিচাসক্তি বা উগ্ৰপন্থী সংগঠনৰ প্ৰভাৱত পৰে। শিক্ষিত মানৱ সম্পদৰ অভাৱে দেশৰ সামগ্ৰিক উন্নয়নত প্ৰতিকূল প্ৰভাৱ পেলায়।
ভাৰতত শিশু শ্ৰম নিৰ্মূলৰ প্ৰচেষ্টা ভাৰতত শিশু শ্ৰম সমস্যাৰ সমাধানৰ বাবে বিভিন্ন আইন আৰু আঁচনি গ্ৰহণ কৰা হৈছে।
১৯৭৯ চনত ভাৰত চৰকাৰে শিশু শ্ৰম সমস্যাৰ অধ্যয়নৰ বাবে গুৰুপদস্বামী কমিটি গঠন কৰে। এই কমিটিয়ে দৰিদ্ৰতা আৰু অশিক্ষাক শিশু শ্ৰমৰ মূল কাৰণ হিচাপে চিহ্নিত কৰিছিল।
শিশু শ্ৰমিক নিষিদ্ধকৰণ আৰু নিয়ন্ত্ৰণ আইন, ১৯৮৬ গঠন হয়।
এই আইন অনুসৰি বিপদজনক উদ্যোগত শিশু শ্ৰমিক নিয়োগ নিষিদ্ধ কৰা হৈছিল আৰু অন্যান্য ক্ষেত্ৰত নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা হৈছিল। শিশু শ্ৰমৰ ৰাষ্ট্ৰীয় নীতি, ১৯৮৭ৰ অন্তৰ্গত বিপদজনক ক্ষেত্ৰত কৰ্মৰত শিশুৰ পুনৰ্বাসন, শিক্ষা আৰু সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰে। শিক্ষা অধিকাৰ আইন, ২০০৯ অন্তৰ্গত ৬ৰ পৰা ১৪ বছৰ বয়সৰ সকলো শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ নিশ্চিত কৰা হয়। শিশু আৰু কিশোৰ শ্ৰমিক নিষিদ্ধকৰণ আৰু নিয়ন্ত্ৰণ সংশোধনী আইন, ২০১৬ৰ সংশোধিত আইনে ১৪ বছৰৰ তলৰ শিশুক কোনো ধৰণৰ বাণিজ্যিক কৰ্মক্ষেত্ৰত নিয়োগ কৰাটো নিষিদ্ধ কৰে। লগতে ১৪ৰ পৰা ১৮ বছৰৰ কিশোৰ কিশোৰীক বিপদজনক উদ্যোগত নিয়োগ কৰাটো নিষিদ্ধ কৰা হয়। আইন ভংগকাৰীৰ বাবে জৰিমণা আৰু কাৰাদণ্ডৰ ব্যৱস্থাও কৰে।
বিশ্বৰ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী সংস্থাই শিশু শ্ৰম নিৰ্মূলৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তাৰে ভিতৰত উল্লেখযোগ্য অনুষ্ঠান সমূহৰ ভিতৰত বচপন বাচাও আন্দোলন,কেয়াৰ ইণ্ডিয়া,চাইল্ড লাইন, গ্লোবেল মাৰ্চ এগেইনস্ত চাইল্ড লেবাৰ, চাইল্ড ৰাইট আদি বিভিন্ন সংগঠনে শিশু শ্ৰমিক নিৰ্মূলৰ কাৰণে যথেষ্ট কাম কৰি আছে আৰু বহুখিনি উপকৃতও হৈছে। এই সংগঠন সমূহে শিশু উদ্ধাৰ, শিক্ষা, পুনৰ্বাসন আৰু সচেতনতা বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে।
এই দিৱসৰ জৰিয়তে শিশু অধিকাৰ সম্পৰ্কে সচেতনতা বৃদ্ধি পাইছে। শিশু শ্ৰমৰ কু-প্ৰভাৱৰ বিষয়ে সমাজক অৱগত কৰা হয়।
চৰকাৰ আৰু বিভিন্ন সংগঠনক অধিক কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ উদ্বুদ্ধ কৰা হয়।
শিশুৰ শিক্ষা, স্বাস্থ্য আৰু সুৰক্ষাৰ অধিকাৰ সুৰক্ষিত কৰাৰ প্ৰচেষ্টা বৃদ্ধি পায়। বিশ্বব্যাপী শিশু শ্ৰমমুক্ত সমাজ গঢ়াৰ বাবে জনমত গঢ়ি উঠিছে।
সমগ্ৰ বিশ্বতে শিশু শ্ৰম নিৰ্মূলৰ বাবে প্ৰয়োজনীয় পদক্ষেপ লোৱা উচিত। সকলো শিশুৰ বাবে মানসম্পন্ন শিক্ষা নিশ্চিত কৰা।
দৰিদ্ৰ পৰিয়ালসমূহক অৰ্থনৈতিক সহায় প্ৰদান কৰা। শিশু শ্ৰমবিৰোধী আইন কঠোৰভাৱে প্ৰয়োগ কৰা। জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰা। শিশু সৰবৰাহ আৰু শোষণকাৰী চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা।
বিদ্যালয় ত্যাগ কৰা শিশুক পুনৰ শিক্ষাৰ মূলসুঁতিলৈ ঘূৰাই অনা।
সমাজৰ প্ৰতিজন নাগৰিকক শিশু শ্ৰমৰ বিৰুদ্ধে সোচ্চাৰ হ’বলৈ উদ্বুদ্ধ কৰা আদিয়েই প্ৰধান।
শিশু শ্ৰম মানৱ সমাজৰ বাবে এক গভীৰ চিন্তনীয় বিষয়। শিশুৰ স্থান কাৰখানাত নহয়, বিদ্যালয়ত; শ্ৰমক্ষেত্ৰত নহয়, খেলপথাৰত; শোষণৰ মাজত নহয়,

মৰ্যাদা আৰু সুৰক্ষাৰ পৰিৱেশত। প্ৰতিজন শিশুৰেই শিক্ষা, স্বাস্থ্য, সুৰক্ষা আৰু সন্মানজনক জীৱন লাভ কৰাৰ মৌলিক অধিকাৰ আছে। প্ৰযুক্তি আৰু শিক্ষাৰ ক্ষেত্ৰত বিশ্বই যথেষ্ট উন্নতি সাধন কৰিলেও শিশু শ্ৰমৰ সমস্যা আজিও সম্পূৰ্ণৰূপে নিৰ্মূল হোৱা নাই। বিশেষকৈ উন্নয়নশীল আৰু দৰিদ্ৰ দেশসমূহত লাখ লাখ শিশু আজিও বিভিন্ন উদ্যোগ, কৃষিক্ষেত্ৰ, ঘৰুৱা কাম-কাজ, হোটেল-ৰেষ্টুৰেণ্ট আৰু অসংগঠিত খণ্ডত শ্ৰম কৰি আছে। ক’ভিড-১৯ মহামাৰীৰ পিছত বহু পৰিয়াল আৰ্থিক সংকটত পৰাৰ ফলত শিশুশ্ৰমৰ সমস্যা পুনৰ বৃদ্ধি পোৱাৰ আশংকা দেখা গৈছে। এই পৰিস্থিতিত চৰকাৰ, আন্তঃৰাষ্ট্ৰীয় সংস্থা, স্বেচ্ছাসেৱী সংগঠন আৰু সচেতন নাগৰিকসকলৰ যৌথ প্ৰচেষ্টাইহে শিশু শ্ৰম নিৰ্মূলৰ লক্ষ্য সফল কৰিব পাৰে। শিশু অধিকাৰ সুৰক্ষিত কৰি প্ৰতিজন শিশুক শিক্ষা, স্বাস্থ্য আৰু সুৰক্ষাৰ সুবিধা প্ৰদান কৰাটো বৰ্তমান সময়ৰ এক গুৰুত্বপূৰ্ণ প্ৰয়োজন। বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱসে আমাক এই সত্যৰ কথা পুনৰ সোঁৱৰাই দিয়ে যে শিশুশ্ৰমমুক্ত এখন সমাজ গঢ়ি তোলাটো কেৱল চৰকাৰৰ দায়িত্ব নহয়, ই আমাৰ সকলোৰে নৈতিক, সামাজিক আৰু মানৱীয় দায়িত্ব। সেয়েহে আমি সকলোৱে একেলগে শিশু শ্ৰমৰ বিৰুদ্ধে সংগ্ৰাম কৰি প্ৰতিজন শিশুৰ মুখত হাঁহি বিৰিঙাব পৰা এক সুন্দৰ, সুৰক্ষিত আৰু শিক্ষিত সমাজ গঢ়ি তোলাৰ এক সংকল্প আজিৰ তাৰিখত লোৱাটো সময়ৰ আহ্বান।

ম’বাইল: ৯৯৫৭৮৯০৬৫৮

Leave a Reply

Your email address will not be published. Required fields are marked *