পৰকীয়া প্ৰেম ?
সন্দেহত পত্নীক শিলৰ টুকুৰাৰে মৰিয়াই হত্যাৰ চেষ্টা
ডিব্ৰুগড়ত স্বামীৰ বৰ্বৰতা
চাইন অন ডেস্ক,১০জুনঃ


পত্নীৰ চৰিত্ৰক লৈ থকা সন্দেহৰ বশৱৰ্তী হৈ অজয়ে হঠাৎ উত্তেজিত হৈ পৰে। পৰিস্থিতি এনে পৰ্যায় পায় যে, অজয়ে ওচৰতে থকা এটা প্ৰকাণ্ড শিলৰ টুকুৰা তুলি আনি পত্নী জানমনিৰ মূৰত ধাৰাবাহিকভাৱে আঘাত কৰিবলৈ ধৰে। আক্ৰমণৰ সময়ত জানমনিৰ চিৎকাৰ শুনি সেই পথেৰে পাৰ হৈ যোৱা দুজন সচেতন যুৱকে ঘটনাটো প্ৰত্যক্ষ কৰে আৰু লগে লগে আগবাঢ়ি আহি জানমনিক অজয়ৰ হাতৰ পৰা উদ্ধাৰ কৰে। যুৱক দুজনৰ তৎপৰতাত তেতিয়াৰ বাবে জানমনিৰ প্ৰাণ ৰক্ষা পৰে। ঘটনাটোৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী
উপস্থিত হয় আৰু ভুক্তভোগীক উদ্ধাৰ কৰি ততাতৈয়াকৈ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱায়। বৰ্তমান ভুক্তভোগী জানমনি গগৈৰ অৱস্থা অতি সংকটজনক বুলি চিকিৎসকে প্ৰকাশ কৰিছে। ইপিনে, জানমনিৰ পৰিয়ালৰ লোকে অভিযুক্ত অজয় গগৈৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত এক এজাহাৰ দাখিল কৰিছে। এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত অজয়ক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। বৰ্তমান আৰক্ষীৰ জিম্মাত অভিযুক্তজনক সোধপোচ অব্যাহত ৰাখিছে। এই ঘটনাই মহানগৰখনৰ নিৰাপত্তা ব্যৱস্থা আৰু পাৰিবাৰিক হিংসাৰ ভয়াৱহতাৰ দিশটো পুনৰ উদঙাই দিছে। আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।