...

ইউপিএছচি পৰীক্ষাৰ্থীৰ বাবে সুখবৰ

ইউপিএছচি পৰীক্ষাৰ্থীৰ বাবে সুখবৰ

জ্যোতি ললিতা কানৈ ফাউণ্ডেশ্যনৰ ২ লাখ টকাৰ কৰ্পাছ ফাণ্ড ডিব্ৰু মহাবিদ্যালয়লৈ

চাইন অন ডেস্ক,১০জুন:

অঞ্চলটোৰ পৰা ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিচন (ইউপিএছচি) অসামৰিক সেৱা পৰীক্ষাত সফল হোৱা প্ৰাৰ্থীৰ সংখ্যা হ্ৰাস পোৱাৰ প্ৰেক্ষাপটত জ্যোতি ললিতা কানৈ ফাউণ্ডেশ্যনে এক গুৰুত্বপূৰ্ণ আৰু দূৰদৰ্শী পদক্ষেপ গ্ৰহণ কৰিছে। মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে ফাউণ্ডেশ্যনে ডিব্ৰু মহাবিদ্যালয়ৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ লগতে ২ লাখ টকাৰ এক কৰ্পাছ ফাণ্ড স্থাপন কৰিছে।
ফাউণ্ডেশ্যনৰ ন্যাসী জ্যোতি কানৈয়ে জনোৱা মতে, ২০২৫ চনত অঞ্চলটোৰ পৰা ৭ জন প্ৰাৰ্থীয়ে ইউপিএছচি পৰীক্ষাত সফলতা লাভ কৰিছিল যদিও ২০২৬ চনত এই সংখ্যা হ্ৰাস পাই মাত্ৰ ৩ জনত সীমাবদ্ধ হয়। এই উদ্বেগজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যুৱ প্ৰজন্মৰ মাজত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰতি আগ্ৰহ আৰু প্ৰেৰণা বৃদ্ধি কৰাৰ উদ্দেশ্যে এই আঁচনি গ্ৰহণ কৰা হৈছে।
অসম চৰকাৰৰ আদিবাসী কল্যাণ, শ্ৰম কল্যাণ আৰু ৰূপান্তৰ তথা উন্নয়ন বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী-ৰ প্ৰেৰণাত আৰম্ভ কৰা এই আঁচনিৰ অধীনত ভৱিষ্যতে ইউপিএছচিৰ দৰে সন্মানীয় পৰীক্ষাত সফল হোৱা ছাত্ৰ-ছাত্ৰীসকলক নগদ পুৰস্কাৰ আৰু প্ৰশংসাপত্ৰ প্ৰদান কৰা হ’ব।এই পদক্ষেপক স্থায়ী ৰূপ দিয়াৰ উদ্দেশ্যে ফাউণ্ডেশ্যনে ২ লাখ টকাৰ কৰ্পাছ ফাণ্ড গঠন কৰিছে। ইয়াৰ অংশ হিচাপে দুলীয়াজানত অনুষ্ঠিত এক অনুষ্ঠানত মন্ত্ৰী ৰামেশ্বৰ তেলীৰ উপস্থিতিত ফাউণ্ডেশ্যনৰ তৰফৰ পৰা ২ লাখ টকাৰ চেক ডিব্ৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰঞ্জন চাংমাই আৰু উপাধ্যক্ষা ডঃ অদিতি বৰুৱাক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।
ফাউণ্ডেশ্যনৰ প্ৰতিনিধিসকলে আশা প্ৰকাশ কৰে যে এই ব্যতিক্ৰমী অংশীদাৰিত্বই অঞ্চলটোৰ যুৱসকলক ডাঙৰ সপোন দেখিবলৈ আৰু সেই সপোন বাস্তৱায়িত কৰিবলৈ অধিক উৎসাহিত কৰিব। লগতে এই পদক্ষেপে শিক্ষা ক্ষেত্ৰৰ মান উন্নয়ন, মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক উপযুক্ত স্বীকৃতি প্ৰদান আৰু ভৱিষ্যতৰ দক্ষ প্ৰশাসনিক বিষয়া গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *