...

ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগ

ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগ

সাংস্কৃতিক মহাসভাৰ দুলীয়াজানত আঞ্চলিক সমিতি গঠন

চাইন অন ডেস্ক,৪জুন:

সাংস্কৃতিক মহাসভা,অসমে বিগত ১৬ টা বছৰে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। সেই মৰ্মে যোৱা ৩ জুনত ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ এক নং জাগুন পথাৰ নামঘৰ প্ৰাঙ্গনত ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি প্ৰমোদ দত্তৰ সভাপতিত্বত অনুষ্ঠিত এক ৰাজহুৱা সভাত দুলীয়াজান আঞ্চলিক সমিতিখন গঠন কৰা হয় । সভাত সাংস্কৃতিক মহাসভা অসমৰ সন্মানীয় সদস্য তথা প্ৰাক্তন জিলা সভাপতি ভূপেন শইকীয়া, কেন্দ্ৰীয় কাৰ্য্যকৰী সভাপতি বিনোদ কুমাৰ বড়া, জিলা উপ-সভাপতি ঘনকান্ত ভূঞা, জিলা কৰ্ণধাৰ সমিতিৰ আহ্বায়ক ৰুদ্ৰ গগৈ, ৰাজগড় আঞ্চলিক সমিতিৰ সভাপতি মদন নেওগ আদিৰ লগতে দুলীয়াজানৰ স্ব-পৰিচয়ৰে সৰ্বজন বিদিত বিশিষ্ট ব্যক্তি সকলৰ উপস্হিতিত দুলীয়াজান আঞ্চলিক সমিতি নামেৰে ডিব্ৰুগড় জিলাৰ অন্তৰ্গত এখন শক্তিশালী আঞ্চলিক সমিতি গঠন কৰা হয় । সমিতিত মৃণালী ভুঞা বৰদলৈক সভাপতি, মুনীন দোলাকাষৰীয়া আৰু প্ৰদীপ কুমাৰ গগৈক উপ সভাপতি, জীৱকান্ত গগৈক সাধাৰণ সম্পাদক, দিপালী তামুলী,জুনু দত্তক সহকাৰী সম্পাদক, জুনু দত্ত আৰু সত্যৰঞ্জন চুতীয়াক সাংগঠিনক সম্পাদক, বসন্ত কুমাৰ শইকীয়াক কোষাধ্যক্ষ,মুনু ভূঞাক সাংস্কৃতিক সম্পাদক, জুবিলি গগৈক পত্ৰিকা সম্পাদক, উমা চেতীয়াক কাৰ্য্যলয় সম্পাদক , কাৰ্যনিৰ্বাহক সদস্য অৰূপ বৰা ,বিমল গন্ধিয়া আৰু উপদেষ্টা ভূপেন শইকীয়া,বিনোদ কুমাৰ বড়া,ৰঞ্জিত মহন,ৰীতা দত্ত, দিলীপ বৰদলৈ, বিবি বড়া, বাবুল শইকীয়া আৰু ৰাতুল সোনোৱালক লৈ শক্তিশালী সমিতিখন গঠন কৰা হয় । বৃহত্তৰ দুলীয়াজান অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অৰ্দ্ধ শতাধিক লোকৰ উপস্হিতিত আঞ্চলিক সমিতি”খন গঠন কৰা হয় বুলি ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক চন্দনজ্যোতি কলিতাই জানিবলৈ দিছে |

Leave a Reply

Your email address will not be published. Required fields are marked *