...

বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাকক্ষণত

বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাকক্ষণত

উজনি অসমত সেনা আৰু বন বিভাগৰ উদ্যোগত ১০,০০০ গছপুলি ৰোপণ

চাইন অন ডেস্ক,৪জুন:

২০২৬ চনৰ বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাকমুহূৰ্তত এক বৃহৎ বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। স্পীয়াৰ কৰ্পছৰ অন্তৰ্গত ৰেড শ্বিল্ড ডিভিজনে বন বিভাগ আৰু স্থানীয় ৰাইজৰ সহযোগত ১-৩ জুনৰ ভিতৰত উজনি অসমৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত ১০,০০০ টা গছপুলি ৰোপণ কৰে।
এই অভিযানৰ অধীনত তিনিচুকীয়া জিলাৰ তিনিচুকীয়া জিলাৰ তিনকোপানী আৰু জাগুন, ৰূপাইৰ ফিল’বাৰী সংৰক্ষিত বনাঞ্চলৰ আমগুৰি এলেকা, ডিগবৈৰ ঢেকীয়াজান সংৰক্ষিত বনাঞ্চল আৰু চৰাইদেউৰ পাতসাকো সামৰি লোৱা হয়।
এই অভিযানত ভাৰতীয় সেনাৰ জোৱান, টেৰিটৰিয়েল আৰ্মীৰ কৰ্মী, বন বিভাগৰ বিষয়া, প্ৰাক্তন সৈনিক, এন চি চি (NCC) কেডেট, স্কুলীয়া ছাত্ৰ-ছাত্ৰী, স্থানীয় সংগঠন, যুৱ গোট, অসামৰিক স্বেচ্ছাসেৱক আৰু স্থানীয় বাসিন্দাসকলে অংশগ্ৰহণ কৰে।
বৃক্ষৰোপণ কাৰ্যসূচীৰ সমান্তৰালভাৱে অনাময় (চাফ-চিকুণতা) অভিযানও চলোৱা হয়। ৰেড শ্বিল্ড ডিভিজনৰ এজন বিষয়াই কয়, “আমি বিশ্বাস কৰোঁ যে পৰিৱেশ সুৰক্ষা এক সামূহিক দায়িত্ব। এই অভিযানৰ উদ্দেশ্য আছিল অঞ্চলটোৰ সেউজ আৱৰণ বৃদ্ধি কৰা আৰু পৰিৱেশ সজাগতা তথা পাৰিপাৰ্শ্বিক বহনক্ষমতাক প্ৰসাৰিত কৰা। এই উদ্যোগে অঞ্চলটোৰ দীৰ্ঘম্যাদী বনানীকৰণ প্ৰচেষ্টাত অৰিহণা যোগোৱাৰ লগতে জৈৱ-বৈচিত্ৰ্য ৰক্ষা আৰু পাৰিপাৰ্শ্বিক ভাৰসাম্য বজাই ৰখাৰ বাবে সামূহিক পদক্ষেপক উৎসাহিত কৰাৰ প্ৰয়াস কৰিছে।”
এই পদক্ষেপে সেনা, অসামৰিক প্ৰশাসন, বন বিভাগ আৰু স্থানীয় ৰাইজৰ মাজত সহযোগিতা অধিক শক্তিশালী কৰাৰ এক মঞ্চ হিচাপেও কাম কৰে।উল্লেখ্য যে প্ৰতি বছৰে ৫ জুনত বিশ্বজুৰি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *