ডিব্ৰুগড়ৰ খনিৰ্কৰস্থিত নিৰ্মাণাধীন বহুমুখী ক্ৰীড়া প্ৰকল্পটো আজি পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। জিলা আয়ুক্ত বিক্ৰম কৈৰীক লগত লৈ মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোৰ নিৰ্মাণকাৰ্যৰ বৰ্তমানৰ অৱস্থা আৰু অগ্ৰগতিৰ বুজ লয়। পৰিদৰ্শনৰ পিছত সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোৰ গুৰুত্ব আৰু ভৱিষ্যত পৰিকল্পনাৰ ওপৰত আলোকপাত কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ডিব্ৰুগড়ৰ দৰে এখন ঐতিহাসিক চহৰ আৰু উজনী অসমৰ ক্ৰীড়া ক্ষেত্ৰত এই প্ৰকল্পটো এক উল্লেখনীয় সংযোজন। তেওঁ স্মৰণ কৰে যে তাহানিৰে পৰা এই অঞ্চলৰ খেলুৱৈসকলে অসম তথা ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিছে। এনে এক পৰম্পৰাৰ ভূমিখণ্ডত মাল্টি-ডিচিপ্লিনেৰী স্পৰ্টছ কমপ্লেক্স হিচাপে গঢ় লৈ উঠাটো উঠি অহা প্ৰজন্মৰ বাবে এক বিশেষ সুযোগ হ’ব। খেলৰ জৰিয়তে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ মাজত শান্তি আৰু সমন্বয়ৰ বাতাবৰণ সৃষ্টি হয় বুলিও তেওঁ মন্তব্য কৰে। প্ৰকল্পটোৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতি সন্দৰ্ভত সন্তোষ প্ৰকাশ কৰি মন্ত্ৰী সোণোৱালে কয় যে ইতিমধ্যে ইনডোৰ স্পোৰ্টছ কম্প্লেক্সটোৰ কাম সম্পূৰ্ণ হৈছে। একেদৰে, আউটডোৰৰ ক্ষেত্ৰখনত ৩৫ হাজাৰ দৰ্শকে একেলগে খেল উপভোগ কৰিব পৰাকৈ সুন্দৰ সা-সুবিধাৰ ব্যৱস্থা কৰা হৈছে। কামৰ মানদণ্ডৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ’ব বুলি তেওঁ দৃঢ়তাৰে ব্যক্ত কৰে। তেওঁ সাংবাদিক আৰু সচেতন নাগৰিক সমাজক আহ্বান জনায় যাতে নিৰ্মাণৰ সময়তেই সকলোৱে সূক্ষ্ম দৃষ্টি ৰাখে, যাতে কোনো ত্ৰুটি ৰৈ নাযায় আৰু ইয়াৰ গুণমান সৰ্বোচ্চ হয়। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগক প্ৰশংসা কৰি মন্ত্ৰী সোণোৱালে কয় যে তেখেতৰ সক্ৰিয় সহযোগিতাৰ বাবেই এই প্ৰকল্পটো দ্ৰুতগতিত আগবাঢ়িছে। তদুপৰি, কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী ড° মনসুখ ভাই মাণ্ডব্যৰ সৈতে হোৱা তেওঁৰ আলোচনাকো অতি ইতিবাচক বুলি অভিহিত কৰে। তেওঁ কয় যে প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ পিছত ভাৰত চৰকাৰে ইয়াক ‘চেণ্টাৰ অৱ এক্সেলেন্স’ হিচাপে ঘোষণা কৰিব বুলি প্ৰতিশ্ৰুতি দিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটো সম্পূৰ্ণৰূপে ‘স্পোৰ্টছ লাভাৰ ফ্ৰেণ্ডলী’ বা ক্ৰীড়াপ্ৰেমীৰ উপযোগী হিচাপে গঢ়ি তোলাৰ ওপৰত জোৰ দিয়ে। ক্ৰীড়া সংগঠকৰ পৰা আৰম্ভ কৰি খেলুৱৈ পৰ্যন্ত সকলোৱে যাতে ইয়াৰ সুবিধাসমূহ সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰে, তাৰ বাবে এক শক্তিশালী আৰু অনুকূল বাতাবৰণ সৃষ্টি কৰাই চৰকাৰৰ লক্ষ্য। অতি কম দিনৰ ভিতৰতেই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি প্ৰকল্পটো দেশৰ খেলুৱৈসকলৰ বাবে উৎসৰ্গা কৰা হ’ব বুলি মন্ত্ৰী সোণোৱালে দৃঢ় আশা প্ৰকাশ কৰে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.