আমোলাপট্টি এম ভি স্কুলত জাগৰণ সভা
প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীকোঠাই হৈছে দেশৰ আটাইতকৈ ডাঙৰ সংসদ: চন্দন ফুকন
চাইন অন ডেস্ক,১জুন:

পঢ়া,লিখা, সাংখিক বা হিচাপ কৰা । জীৱনৰ পাঠ, যেনে সত্য কোৱা, শাৰী পাতি থিয় হোৱা, ডাঙৰক সন্মান কৰা, সৰুক মৰম কৰা
স্বাস্থ্য আৰু স্বচ্ছতা যেনে হাত ধোৱা, নখ কটা, বিদ্যালয় পৰিস্কাৰ বা চাফা ৰখা,ছবি আঁকা, গীত গোৱা, সাধু কোৱা, খেলা ইত্যাদিয়ে প্ৰাথমিক শিক্ষা

সামাজিকতা শিকায়। ঘৰত অকলশৰীয়া শিশুৱে স্কুলত বন্ধু পাতিবলৈ শিকে, টিফিন ভগাই খাবলৈ শিকে, দলত কাম কৰিবলৈ শিকে। ইয়েই ভৱিষ্যতৰ “গ্ৰুপ কৰ্ম” ৰ প্ৰথম পাঠ।বিদ্যালয়ৰ শিক্ষাই কু-সংস্কাৰ আঁতৰায় প্ৰাথমিক শিক্ষাই বৈজ্ঞানিক মনোভাৱ বৃদ্ধি কৰে।। “জোনৰ ঘৰ আছে বুলি ” বুলি নাভাবি “জোনত গাঁত আছে” বুলি জানিবলৈ শিকে।
দেশৰ ভৱিষ্যত গঢ়ে আজিৰ প্ৰাথমিকৰ ছাত্ৰই কাইলৈৰ দেশৰ সাংসদ, মন্ত্ৰী, বিধায়ক, আই এচ , আই পি এচ, ডাক্তৰ, শিক্ষক, কৃষক, নেতা বুলি উল্লেখ কৰি চন
দন ফুকনে কয়- সম্প্ৰতি ১০০% প্ৰাথমিক শিক্ষা মানে ১০০% সাক্ষৰ দেশ। জাপান, ফিনলেণ্ডৰ উন্নতিৰ মূলতে শক্তিশালী প্ৰাথমিক শিক্ষা। শিক্ষকৰ ভূমিকা আটাইতকৈ গুৰুত্বপূৰ্ণ
শ্ৰেণীকোঠাত শিক্ষকৰ আনন্দদায়ক শিক্ষাই ছাত্ৰ-ছাত্ৰীৰ শিকনত উৎসাহ যোগায়। ল’ৰা-ছোৱালীয়ে খেলা-ধূলাৰে, গল্প-গীতেৰে, ছবি-চাৰ্টেৰে শিকিলে পাঠ মনত থাকে। বেতৰ ভয়ত নহয়, মৰমৰ ভাষাত শিকালে শিশুৱে স্কুললৈ দৌৰি আহে।

লগতে ছাত্ৰ-ছাত্ৰীক নিতৌ পঠন আৰু লিখনৰ অনুশীলন কৰিবলৈ দিব লাগে। দিনে ১৫ মিনিট পঢ়া আৰু ১৫মিনিট লিখাৰ সমান ১ বছৰত ১০০ খন কিতাপৰ সমান জ্ঞান। হাতৰ আখৰ ভাল হ’লে পৰীক্ষাত নম্বৰ বাঢ়ে, আত্মবিশ্বাসো বাঢ়ে। চৰকাৰে মধ্যাহ্ন ভোজন দিছে, বিনামূলীয়া কিতাপ দিছে,ইউনিফৰ্ম দিছে, বিদ্যালয়ত বিদ্যুৎ যোগান ধৰিছে, বিদ্যালয়ৰ গৃহ দিছে,কিন্তু স্কুললৈ পঠিওৱাৰ দায়িত্ব মাক-দেউতাকৰ। শিক্ষক-অভিভাৱক-সমাজ – তিনিও মিলিলেহে প্ৰাথমিক শিক্ষা সাৰ্থক হ’ব। মনত ৰাখিব — আজিৰ শিশুৱে কাইলৈ দেশ চলাব। সেয়ে প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীকোঠাটোৱেই হৈছে দেশৰ আটাইতকৈ ডাঙৰ সংসদ।” বুলি উল্লেখ কৰি ভাষণ প্ৰসংগত প্ৰধান শিক্ষক চন্দন ফুকনে কয় যে- উৰিষ্যাৰ এখন ভিতৰুৱা গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ মাটিত বহি পাঠ গ্ৰহন কৰা দ্ৰৌপদী মূৰ্মূৰে পৰৱৰ্ত্তী সময়ত দেশৰ ৰাষ্ট্ৰপতি আসনত। গুজৰাটৰ ভাদনগৰৰ এখন অখ্যাত প্ৰাথমিক বিদ্যালয়ৰ ভঙা বেঞ্চত বহি বত্তৰ্মান দেশৰ প্ৰধান মন্ত্ৰীৰ আসনৰ নৰেন্দ্ৰ মোডী। ভাৰবৰ্ষৰ ড০ এপিজেদ আব্দুল কালাম এ তিৰুন্দাৰমৰ এখন জৰাজীৰ্ণ প্ৰাথমিক বিদ্যালয়ত ফটা ছোলা পিন্ধি শিক্ষা গ্ৰহণ কৰি ভৱিষ্যতে মিছাইমেন তথা ৰাষ্ট্ৰপতি হৈছিল। গতিকে প্ৰতিগৰাকী অভিভাৱকে কেতিয়াও তেওঁলোকৰ সন্তানক অৱহেলা নকৰি গুণগত মানদণ্ডৰ শিক্ষাৰ বাবে বিদ্যালয়লৈ নিতৌ পথিওৱাটো অত্যন্ত প্ৰয়োজনীয়। কিয়নো শিক্ষাই সচেতনতা, সতেতনতাই হৈছে সুৰক্ষিত জীৱন। সভাত বিদ্যালয় সহ শিক্ষয়িত্ৰী নিপুজ্যোতি গগৈ , জেনিফা শৰ্মাই অভিভাৱক সকলকৰ সন্তান সকলৰ সৈতে বিদ্যালয়ত বিভিন্ন শৈক্ষিক আৰু সহবিদ্যায়তনিক দিশৰ সৰ্ম্পকে আলোকপাত কৰে। উপস্থিত অভিভাৱক সকলেও তেওঁলোকৰ সন্তান সকলক বিদ্যালয়লৈ পঠোৱা দায়িত্বৰ গ্ৰহন কৰে। শিক্ষক সকলৰ শিক্ষা দান কাৰ্যক সন্তোষ প্ৰকাশ কৰে। অভিভাৱক সকলে বিদ্যালয়ৰ গৃহটোৰ দুটা শ্ৰেণীৰ কোঠা নিৰ্মাণ হোৱা কাৰ্যক শ’লাগ লয়। আজি সভাত বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰূপালী দাস, মামনি বৰা, নিপুজ্যোতি গগৈ, আল্পনা চেতীয়া, জেনিভা শৰ্মা, কল্যানি দাস, নিলীমা চাংকাকতি, আৰিফা বেগম, জ্যোতিকা শৰ্মা, শেৱালি দত্ত, বনশ্ৰী ফুকন, নাজৰাণা হাজৰিকা , বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য আৰু শতাধিক অভিভাৱক উপস্থিত থাকে।