...

আমোলাপট্টি এম ভি স্কুলত জাগৰণ সভা

আমোলাপট্টি এম ভি স্কুলত জাগৰণ সভা

প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীকোঠাই হৈছে দেশৰ আটাইতকৈ ডাঙৰ সংসদ: চন্দন ফুকন

চাইন অন ডেস্ক,১জুন:

ঘৰখনেই যদি শিশুৰ প্ৰথম বিদ্যালয়, তেন্তে প্ৰাথমিক বিদ্যালয় হ’ল ছাত্ৰ জীৱনৰ আধাৰশিলা।প্ৰতি ৬ ৰ পৰা ১৪ বছৰ বয়সৰ এই সময়ছোৱাত শিশুৱে যি শিকে, সেয়াই তাৰ ভৱিষ্যতৰ দিশ নিৰ্ণয় কৰে। এই সময়ত ছাত্ৰই নিতৌ বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী সকলকে জীৱনৰ প্ৰথম আদৰ্শ হিচাপে অনুকৰণ কৰে। কেঁচা বাঁহক যেনেকৈ ইচ্ছা কৰিলে বেঁকা কৰিব পাৰি, ঠিক তেনেকৈ প্ৰাথমিক স্তৰত প্ৰত্যেক শিশুৰ মন-মগজু গঢ় দিব পাৰি। সেয়ে বিদ্যালয়ত দিয়া প্ৰাথমিক শিক্ষাৰ গুৰুত্ব অপৰিসীম। এই ভাষ্য আমোলাপট্টি এম ভি স্কুলৰ প্ৰধান শিক্ষক চন্দন ফুকনৰ। পৰহি বিদ্যালয় প্ৰধান চন্দন ফুকনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰাক্তন চি আৰ চিচি তথা শিক্ষক বসন্ত কুমাৰ গগৈয়ে। ডিব্ৰুগড় জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শন কবিতা ডেকাই প্ৰেৰণ কৰা নিদেৰ্শ অনুসৰি বিদ্যালয় শিক্ষক আৰু অভিভাৱক সকলৰ মাজত “জাগৰণ” সভা অনুষ্ঠিত কৰা কথা অৱগত কৰে। সভাপতি আসনৰ পৰা চন্দন ফুকনে বিশেষকৈ অভিভাৱক আৰু শিক্ষকৰ মাজৰ যি সমন্বয়, ঐক্য, সংহতি ইত্যাদি অটুট ৰখাৰ মাধ্যম এই জাগৰণ সভা বুলি উল্লেখ কৰি কয় যে বিদ্যালয় খন কাৰ? সামাজিক শৈক্ষিক অনুষ্ঠান হৈছে ৰাইজৰ বা অভিভাৱকৰ। বিদ্যালয়ত শিক্ষক আজি আছে কাইলৈ নাই। কিন্তু বিদ্যালয় সদায় ৰাইজৰ সম্প্ৰত্তি হিচাপে আছে আৰু থাকিব। গতিকে অভিভাৱক, ছাত্ৰ-শিক্ষকৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ বলতে শৈক্ষিক প্ৰতিষ্ঠা জীয়াই খাকে। ঘাইকৈ অভিভাৱক সকলক শৈক্ষিক প্ৰতিষ্ঠান আৰু ছাত্র- শিক্ষকৰ মাজৰ যি শৈক্ষিক বুজাবুজি বা জানিবলগীয়া সম্বন্ধ সেয়াই হৈছে জাগৰণ। সেয়েহে প্ৰাথমিক শিক্ষা হ’ল প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ দিয়া শিক্ষা। ইয়াত কেৱল অ-আ-ক-খ শিকোৱা নহয়। ইয়াত শিকোৱা হয় —
পঢ়া,লিখা, সাংখিক বা হিচাপ কৰা । জীৱনৰ পাঠ, যেনে সত্য কোৱা, শাৰী পাতি থিয় হোৱা, ডাঙৰক সন্মান কৰা, সৰুক মৰম কৰা
স্বাস্থ্য আৰু স্বচ্ছতা যেনে হাত ধোৱা, নখ কটা, বিদ্যালয় পৰিস্কাৰ বা চাফা ৰখা,ছবি আঁকা, গীত গোৱা, সাধু কোৱা, খেলা ইত্যাদিয়ে প্ৰাথমিক শিক্ষা
ভেটি শক্তিশালী কৰে । ঘৰৰ ভেটি দুৰ্বল হ’লে ঘৰ ভাঙে। কিন্তু প্ৰাথমিক শিক্ষা দুৰ্বল হ’লে গোটেই জীৱনৰ শিক্ষা দুৰ্বল হয়। যোগ-বিয়োগ নাজানিলে উদ্ধ গতিলৈ আগুৱাই যোৱাত বাধা জন্মে। ব্যক্তিত্ব গঠন এই বয়সতেই শিশুৱে ভাল-বেয়াৰ পাৰ্থক্য শিকে। শিক্ষকৰ “বৰ ভাল ” শব্দই ছাত্ৰৰ আত্মবিশ্বাস বঢ়ায়, “চুৰ নকৰিবা” বুলি দিয়া উপদেশে চৰিত্ৰ গঢ়ে।
সামাজিকতা শিকায়। ঘৰত অকলশৰীয়া শিশুৱে স্কুলত বন্ধু পাতিবলৈ শিকে, টিফিন ভগাই খাবলৈ শিকে, দলত কাম কৰিবলৈ শিকে। ইয়েই ভৱিষ্যতৰ “গ্ৰুপ কৰ্ম” ৰ প্ৰথম পাঠ।বিদ্যালয়ৰ শিক্ষাই কু-সংস্কাৰ আঁতৰায় প্ৰাথমিক শিক্ষাই বৈজ্ঞানিক মনোভাৱ বৃদ্ধি কৰে।। “জোনৰ ঘৰ আছে বুলি ” বুলি নাভাবি “জোনত গাঁত আছে” বুলি জানিবলৈ শিকে।
দেশৰ ভৱিষ্যত গঢ়ে আজিৰ প্ৰাথমিকৰ ছাত্ৰই কাইলৈৰ দেশৰ সাংসদ, মন্ত্ৰী, বিধায়ক, আই এচ , আই পি এচ, ডাক্তৰ, শিক্ষক, কৃষক, নেতা বুলি উল্লেখ কৰি চন
দন ফুকনে কয়- সম্প্ৰতি ১০০% প্ৰাথমিক শিক্ষা মানে ১০০% সাক্ষৰ দেশ। জাপান, ফিনলেণ্ডৰ উন্নতিৰ মূলতে শক্তিশালী প্ৰাথমিক শিক্ষা। শিক্ষকৰ ভূমিকা আটাইতকৈ গুৰুত্বপূৰ্ণ
শ্ৰেণীকোঠাত শিক্ষকৰ আনন্দদায়ক শিক্ষাই ছাত্ৰ-ছাত্ৰীৰ শিকনত উৎসাহ যোগায়। ল’ৰা-ছোৱালীয়ে খেলা-ধূলাৰে, গল্প-গীতেৰে, ছবি-চাৰ্টেৰে শিকিলে পাঠ মনত থাকে। বেতৰ ভয়ত নহয়, মৰমৰ ভাষাত শিকালে শিশুৱে স্কুললৈ দৌৰি আহে।
সেয়ে শিক্ষকে সদায় বিদ্যালয়ৰ সময়-সূচী মানি চলিব লাগে। শিক্ষক সময়মতে নাহিলে ছাত্ৰই নিয়মানুবৰ্তিতা ক’ৰ পৰা শিকিব? শিক্ষকেই আদৰ্শ।
লগতে ছাত্ৰ-ছাত্ৰীক নিতৌ পঠন আৰু লিখনৰ অনুশীলন কৰিবলৈ দিব লাগে। দিনে ১৫ মিনিট পঢ়া আৰু ১৫মিনিট লিখাৰ সমান ১ বছৰত ১০০ খন কিতাপৰ সমান জ্ঞান। হাতৰ আখৰ ভাল হ’লে পৰীক্ষাত নম্বৰ বাঢ়ে, আত্মবিশ্বাসো বাঢ়ে। চৰকাৰে মধ্যাহ্ন ভোজন দিছে, বিনামূলীয়া কিতাপ দিছে,ইউনিফৰ্ম দিছে, বিদ্যালয়ত বিদ্যুৎ যোগান ধৰিছে, বিদ্যালয়ৰ গৃহ দিছে,কিন্তু স্কুললৈ পঠিওৱাৰ দায়িত্ব মাক-দেউতাকৰ। শিক্ষক-অভিভাৱক-সমাজ – তিনিও মিলিলেহে প্ৰাথমিক শিক্ষা সাৰ্থক হ’ব। মনত ৰাখিব — আজিৰ শিশুৱে কাইলৈ দেশ চলাব। সেয়ে প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীকোঠাটোৱেই হৈছে দেশৰ আটাইতকৈ ডাঙৰ সংসদ।” বুলি উল্লেখ কৰি ভাষণ প্ৰসংগত প্ৰধান শিক্ষক চন্দন ফুকনে কয় যে- উৰিষ্যাৰ এখন ভিতৰুৱা গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ মাটিত বহি পাঠ গ্ৰহন কৰা দ্ৰৌপদী মূৰ্মূৰে পৰৱৰ্ত্তী সময়ত দেশৰ ৰাষ্ট্ৰপতি আসনত। গুজৰাটৰ ভাদনগৰৰ এখন অখ্যাত প্ৰাথমিক বিদ্যালয়ৰ ভঙা বেঞ্চত বহি বত্তৰ্মান দেশৰ প্ৰধান মন্ত্ৰীৰ আসনৰ নৰেন্দ্ৰ মোডী। ভাৰবৰ্ষৰ ড০ এপিজেদ আব্দুল কালাম এ তিৰুন্দাৰমৰ এখন জৰাজীৰ্ণ প্ৰাথমিক বিদ্যালয়ত ফটা ছোলা পিন্ধি শিক্ষা গ্ৰহণ কৰি ভৱিষ্যতে মিছাইমেন তথা ৰাষ্ট্ৰপতি হৈছিল। গতিকে প্ৰতিগৰাকী অভিভাৱকে কেতিয়াও তেওঁলোকৰ সন্তানক অৱহেলা নকৰি গুণগত মানদণ্ডৰ শিক্ষাৰ বাবে বিদ্যালয়লৈ নিতৌ পথিওৱাটো অত্যন্ত প্ৰয়োজনীয়। কিয়নো শিক্ষাই সচেতনতা, সতেতনতাই হৈছে সুৰক্ষিত জীৱন। সভাত বিদ্যালয় সহ শিক্ষয়িত্ৰী নিপুজ্যোতি গগৈ , জেনিফা শৰ্মাই অভিভাৱক সকলকৰ সন্তান সকলৰ সৈতে বিদ্যালয়ত বিভিন্ন শৈক্ষিক আৰু সহবিদ্যায়তনিক দিশৰ সৰ্ম্পকে আলোকপাত কৰে। উপস্থিত অভিভাৱক সকলেও তেওঁলোকৰ সন্তান সকলক বিদ্যালয়লৈ পঠোৱা দায়িত্বৰ গ্ৰহন কৰে। শিক্ষক সকলৰ শিক্ষা দান কাৰ্যক সন্তোষ প্ৰকাশ কৰে। অভিভাৱক সকলে বিদ্যালয়ৰ গৃহটোৰ দুটা শ্ৰেণীৰ কোঠা নিৰ্মাণ হোৱা কাৰ্যক শ’লাগ লয়। আজি সভাত বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰূপালী দাস, মামনি বৰা, নিপুজ্যোতি গগৈ, আল্পনা চেতীয়া, জেনিভা শৰ্মা, কল্যানি দাস, নিলীমা চাংকাকতি, আৰিফা বেগম, জ্যোতিকা শৰ্মা, শেৱালি দত্ত, বনশ্ৰী ফুকন, নাজৰাণা হাজৰিকা , বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য আৰু শতাধিক অভিভাৱক উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *