...

বৰছলাত বিদ্যুৎস্পৃষ্ট হৈ বিদ্যুৎ কৰ্মচাৰীৰ মৃত্যু

বৰছলাত বিদ্যুৎস্পৃষ্ট হৈ বিদ্যুৎ কৰ্মচাৰীৰ মৃত্যু

ভূৰাগাঁও,১জুন’:

লাহৰীঘাট বিদ্যুৎ উপ সংমণ্ডলৰ এগৰাকী ঠিকাভিত্তিক কৰ্মচাৰী কৰ্মৰত অৱস্থাত বিদ্যুৎপৃষ্ট হৈ মৃত্যুক আকোৱালি লোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।মৃত কৰ্মচাৰীজনৰ নাম জাকিৰ হুছেইন।জানিব পৰা মতে, কালি সন্ধিয়া বৰছলাত সংঘটিত হয় এই দুৰ্ঘটনাটো। অভিযোগ মতে, বিদ্যুৎ উপ সংমণ্ডলটোত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰী তথা ২ নং বৰছলা গাঁৱৰ জাকিৰ হুছেইনে কালি সন্ধিয়া প্ৰায় ৭:৩০ বজাত উৰ্দ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে বৰছলা আৰক্ষী পহৰা চকীৰ কাষতে অৱস্থিত জিঅ’ টেলিকম কোম্পানীৰ এটা ট্ৰেন্সফৰ্মাৰৰ বিসংগতি মেৰামতি কৰিবলৈ অকলে যায়।ইফালে মেৰামতিৰ কাম চলি থকা অৱস্থাত হৰ্ঠাতে উচ্চ ভল্টেজৰ বিদ্যুতৰ সংস্পৰ্শলৈ আহি গুৰুতৰভাৱে বিদ্যুৎস্পৃষ্ট হয় আৰু ঘটনাস্থলীতেই লোকজনৰ মৃত্যু হয়।পাছত ঘটনাস্থলীত বৰছলা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু আজি মৰণোত্তৰ পৰীক্ষাৰ পাছত আজি আবেলি জানাজা সম্পন্ন কৰা হয়।
ইফালে এই সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত মৃত জাকিৰ হুছেইনৰ পৰিয়ালে বিভাগটোৰ ফিডাৰ মেনেজাৰ চম্বিত বৰা আৰু লাইনমেন ভূপেন শইকীয়াৰ গাফিলতিৰ বাবে ঘটনাটো সংঘটিত হোৱা বুলি অভিযোগ তুলিছে।লগতে সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত তদন্তৰ দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *