...

ডিব্ৰুগড়ত প্ৰকাণ্ড প্ৰাপ্তবয়স্ক ৰয়েল বেংগল টাইগাৰ!

ডিব্ৰুগড়ত প্ৰকাণ্ড প্ৰাপ্তবয়স্ক ৰয়েল বেংগল টাইগাৰ!

ডিব্ৰুগড়ৰ মধুপুৰৰ মেডেলা সংৰক্ষিত বনাঞ্চলত উপস্থিতি

চাইন অন ডেস্ক,১জুন:

ডিব্ৰুগড়ত বাঘ! বনাঞ্চলত বাঘৰ মুক্ত বিচৰণ।তাকো, এলা-পেচা বাঘো নহয়।প্ৰকাণ্ড প্ৰাপ্তবয়স্ক ৰয়েল বেংগল টাইগাৰ।শেহতীয়াকৈ এই বাঘৰ উপস্থিতি ধৰা পৰিছে ডিব্ৰুগড় মহানগৰৰ পৰা প্ৰায় ২০ কি:মি: নিলগত থকা মধুপুৰস্থিত মেডেলা সংৰক্ষিত বনাঞ্চলত।এই প্ৰকাণ্ড ঢেকিয়াপতীয়া(ৰয়েল বেংগল টাইগাৰ)বাঘটোৰ মুকলি বিচৰণ ধৰা পৰিছে ডিব্ৰুগড়ৰ মধুপুৰৰ মেডেলা সংৰক্ষিত বনাঞ্চলত স্থাপন কৰা বন বিভাগৰ কেমেৰাত ধৰা পৰিছে।স্বাভাৱিকতে এনে এক প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘৰ নিশা মুক্ত বিচৰণে কাষৰীয়া জনবসতি লোক সকলক চিন্তিত কৰি তুলিছে।ডিব্ৰুগড়ৰ সদৰৰ ৰেঞ্জাৰ অনুজ গগৈয়ে ‘চাইন অন’ক কয় যে মেডেলা সংৰক্ষিত বনাঞ্চলত বিভিন্ন জীৱ-জন্তুৰ চাল চলনৰ বাবেই বনাঞ্চলৰ বহু ঠাইত উচ্চ ক্ষমতা সম্পন্ন ‘নাইট ভিজিয়ন’ কেমেৰা সংস্থাপিত কৰা হৈছে আৰু সেই কেমেৰাত এটা ৰয়েল বেংগল টাইগাৰৰ অৱস্থিতি আজিৰ পৰা ২০ দিনৰ পূৰ্বে ধৰা পৰিছে।কিন্তু সেই এবাৰ কেমেৰাত ধৰা পৰাৰ পিছত পুনৰ ধৰা পৰা নাই।যিটো স্থানত বাঘটো ধৰা পৰিছিল সেই স্থানটো ব্ৰহ্মপুত্ৰৰ এটা চৰ-চাপৰি আছিল বুলি সদৰী কৰে।তেওঁ পুনৰাই কয় যে মেদেলা বনাঞ্চলত জীৱ-জন্তু আৱাসৰ বাবে যাৱতীয় সকলো আছে; আনকি খাদ্যৰো বিশেষ সংকট নহয় বুলি জানিবলৈ দি কয় যে উক্ত ৰয়েল বেংগল টাইগাৰটো শিৱসাগৰৰ পানিদিহিং অভৰাণ্যৰ পৰা অহা বুলি অনুমান কৰা হৈছে।যিহেতুকে, পানীদিহিং(শিৱসাগৰ) আৰু মেদেলা বনাঞ্চল(ডিব্ৰুগড়)লগ লাগি আছে।হয়তো,বাঘটো পুনৰাই নিদিষ্ট স্থানলৈ ঘূৰি যোৱাৰ অৱকাশ নথকা নহয় বা চৰ-চাপৰিতে বিচৰণ কৰি আছে।ইফালে মেদেলা বনাঞ্চলখন পূৰ্বতকৈ বহু সংকুচিত হৈ জনবহুল হৈ পৰাত বহু বন্য জন্ত বিশেষকৈ হাতী,বনৰীয়া ম’হ আৰু গড়ে মানুহক আক্ৰমণ কৰি অহাৰ লগতে কৃষি শষ্য নষ্ট কৰি আহিছে।উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্থিত আৰু কাজিৰঙাৰ পৰা ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে ডিব্ৰুগড়ৰ মেদেলা বনাঞ্চললৈ প্ৰায় ১০০ কি:মি:।সেয়ে কাজিৰঙাৰ পৰাও উক্ত ঢেকিয়াপতীয়া বাঘটো(ৰয়েল বেংগল টাইগাৰ)ডিব্ৰুগড়লৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে।কিয়নো,বিশ্ব বিখ্যাত এশিঙীয়া গড় এই মেদেলা বনাঞ্চলত আজিও বিৰাজমান।আজি কেইবছৰমান পূৰ্বে ব্ৰহ্মপুত্ৰ নদীয়েদি উজাই আহি মেদেলা বনাঞ্চলত থিতাপি লোৱাৰ পিছত পুনৰাই ঘূৰি যোৱা নাই।বৰঞ্চ আৰু আন এটা গড়ে শেহতীয়াকৈ থিতাপি লোৱা বুলি ৰাইজে দাবী কৰিলেও ৰেঞ্জাৰ গগৈয়ে নুই কৰি কেৱল এটাহে গড় আছে বুলি জানিবলৈ দি হৰিণা থকাৰ কথাও অস্বীকাৰ কৰিবলৈ কুণ্ঠাবোধ কৰে।তেনে পৰিপ্ৰেক্ষিতত মেদেলা বনাঞ্চল এতিয়া কেৱল জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ হৈ থকাই নহয়,জীৱ-জন্তুৰে পৰিপূৰ্ণ এক অভৰাণ্যলৈ পৰ্যবসিত হৈছে।
মেডেলা বনাঞ্চলত সচৰাচৰ দেখিবলৈ পোৱা যায় বনৰীয়া হাতী আৰু বনৰীয়া ম’হৰ বৃহৎ জাক।বৰ্তমান বনাঞ্চলখনত গড় আৰু ঢেকীয়াপটীয়াৰ অবস্থিতিয়ে উৎসাহিত কৰিছে মধুপুৰৰ স্থানীয় জনতাক।তেঁওলোকৰ দাবী জৈৱ বৈচিত্ৰৰে ভৰপূৰ এইখন মেডেলা সংৰক্ষিত বনাঞ্চলক অভৰাণ‍্যলৈ উন্নিত কৰি বণ‍্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে যাৱতীয় ব‍্যৱস্থা গ্ৰহণ কৰক চৰকাৰে।পৰৱৰ্তী সময়ত চৰকাৰে কি বিহিত ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষনীয়।

Leave a Reply

Your email address will not be published. Required fields are marked *