...

ৰাজপথত এদল যুৱকৰ তাণ্ডৱ !

ৰাজপথত এদল যুৱকৰ তাণ্ডৱ !

 

ৰাস্তাত পেলাই গুৰুলাগুৰুল কৈ প্ৰহাৰ যুৱকক

ধুবুৰী,২৯মে’:

ঈদৰ উছাহৰ মাজতেই যোৱাকালি নিশা ধুবুৰীত এটা উদ্দণ্ড যুৱকৰ দলে এজন যুৱকক নিৰ্মম ভাবে মাৰপিট কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, যোৱাকালি নিশা আনুমানিক ৭-৩০টা মান বজাত ধুবুৰী চহৰৰ ১নং ৱাৰ্ডস্থিত ৰাজীৱ ভৱনৰ সমীপৰ জিটিবি ৰোডত ৮-১০ জনীয়া এটা যুৱকৰ দলে এজন যুৱকক মাৰপিট কৰা প্ৰত্যক্ষ কৰি অঞ্চলটোৰ একাংশ ৰাইজে আৰক্ষীক খৱৰ দিয়ে। খৱৰ পাই তৎক্ষণাৎ ঘটনাস্থলেই উপস্থিত হৈ আৰক্ষীৰ এটা দলে যুৱকজনক উদ্ধাৰ কৰে যদিও উদ্দণ্ড সেই যুৱকৰ দলটো পলাই পত্ৰং দিয়ে। ইপিনে, কি কাৰণে দলটোৱে যুৱকজনক মাৰপিট কৰিছে অথবা যুৱকজনৰ পৰিচয় এতিয়ালৈ জানিব পৰা যোৱা নাই যদিও আৰক্ষীৰ তদন্তত সকলো উন্মোচিত হ’ব বুলি আশা কৰা হৈছে। উল্লেখ্য যে, শেহতীয়াকৈ যিকোনো উৎসৱ, পাৰ্বনত ধুবুৰীত এছাম উচ্ছৃংখল যুৱকৰ উচ্ছৃংখলতা এক স্বাভাৱিক পৰিঘটনাত পৰিণত হ’বলৈ লোৱা দেখা গৈছে আৰু তাৰেই পৰিপ্ৰেক্ষিতত বিষয়টো লৈ আৰক্ষীয়ে কঠোৰ স্থিতি লোৱাৰ প্ৰয়োজনীয়তা থকা বুলিও উচ্চাৰিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *