...

অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ ‘আবৃত্তিৰ মহাৰণ’

অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ ‘আবৃত্তিৰ মহাৰণ’

চাইন অন ডেস্ক,২৫মে’:

ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবর্ষ উপলক্ষে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ ডিব্ৰুগড় মহানগৰ শাখা ভিত্তিক একক আবৃত্তি প্রতিযোগিতা আবৃত্তিৰ মহাৰণ ২৪ মে’ তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ দূৰ আৰু অনলাইন শিক্ষা কেন্দ্ৰৰ প্ৰেক্ষাগৃহত সফলভাবে সমাপ্তি ঘটে। মহানগৰ সমিতিৰ সভানেত্ৰী আৰু সম্পাদক ছৈয়দা মাছোদা ৰহমান আৰু অঞ্জন চেতিয়াই উক্ত প্রতিযোগিতাত অর্ধ শতাধিক প্রতিযোগীৰ যোগদানে সমিতিৰ লক্ষ্য আৰু উদেশ্য সাফল্যমণ্ডিত হোৱাত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে প্ৰতিগৰাকী প্রতিযোগীক সমিতিৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰে। উক্ত প্রতিযোগীতা মুঠ পাঁচটি শাখাত অনুষ্ঠিত হৈছিল গজালি শাখাত প্রথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰে ক্ৰমে আদ্যাশা চেতিয়া, চিবাংশী গগৈ আৰু দেবাংগিনী কোঁৱৰে। কিশলয় শাখাত প্রথম, দ্বিতীয় তৃতীয় স্থান অধিকাৰ কৰে ক্ৰমে আশা শইকীয়া, যুৱৰাজ গগৈ আৰু সপ্নাশিখা গগৈয়ে। জোনাকী শাখাত প্রথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰে ক্ৰমে আৰ্হি চেতিয়া, আর্শীয়া দুৱৰা আৰু ভার্শিতা বকলীয়ালে। মুকলি শাখাত প্রথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰে ক্ৰমে ড° নীলাঞ্জনা শর্মা, ডিম্বেশ্বৰ চেতিয়া আৰু ৰুবী দাসে। প্রবীণ শাখাত প্রথম স্থান দখল কৰে মৃদুলা বৰুৱা ফুকনে। বিচাৰকৰ দায়িত্ব পালন কৰে ক্ৰমে বিশিষ্ট আবৃত্তিকাৰ জিন্তি হাজৰিকা আৰু শিল্পী শিখা দুৱৰাই। প্রতিযোগিতাস্থলীত উপস্থিত থাকে বিশিষ্ট আবৃত্তিকাৰ হাচান ইকবালে, সামাজিক আৰু সাংস্কৃতিক কর্মী কৃপাল কুমাৰ ফুকনৰ লগতে বহু অভিভাৱক আৰু গণ্য-মান্য লোক।

Leave a Reply

Your email address will not be published. Required fields are marked *